স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ দিনা গুজৰাট চৰকাৰে মুকলি কৰি দিয়া বিলকিছ বানু আৰু তেখেতৰ পৰিয়ালক ধৰ্ষণ আৰু হত্যা কৰা ১১ জন অপৰাধীক মুকলি কৰি দিয়াৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল CPI(M) দলৰ প’লিটব্যৰো সদস্য তথা প্ৰাক্তন সাংসদ সুভাসিনী আলি, সাংবাদিক ৰেৱতী লাওল আৰু অধ্যাপক ৰূপ ৰেখা ভাৰ্মা।
Bar and Bench ত প্ৰকাশিত এক ৰিপোৰ্ট অনুসৰি অধিবক্তা কপিল চিবাল আৰু অপৰ্ণা ভট্টৰ আহ্বান মৰ্মে উচ্চতম ন্যায়ালয়ৰ এটি তিনিজনীয়া বিচাৰপীঠে এই বিষয়ে তেওঁলোকৰ আবেদন গ্ৰহণ কৰে।
উল্লেখ্য যে গোধৰাত চলা হত্যালীলাৰ পৰা পলাই ২০০২ চনৰ মাৰ্চ মাহৰ ০৩ তাৰিখে গুজৰাটৰ চাপৰৱাৰ জিলাত উপস্থিত হোৱাৰ পিছতেই ৫ মাহৰ শিশু এটি গৰ্ভত থকা বিলকিছ বানু,তেখেতৰ চাৰে তিনি বছৰীয়া জী আৰু ১৫ জনীয়া পৰিয়ালৰ ওপৰত ২০ৰ পৰা ৩০ জনীয়া এটি পুৰুষৰ দলে লাঠী-দা আৰু আন চোকা অস্ত্ৰৰে সেই পৰিয়ালটিৰ ওপৰত আক্ৰমণ কৰে।
আক্ৰমণৰ মাজতেই বিলকিছ বানু, তেখেতৰ মাতৃ আৰু আন তিনি গৰাকী মহিলাক সেই দলৰ কিছু লোকে বলাৎকাৰ কৰি পেলাই থৈ যায়। বিলকিছ বানুৰ চাৰে তিনি বছৰীয়া জীয়ৰীক মাটিত দলিয়াই হত্যা কৰা হয়। সেই আক্ৰমণত বিলকিছৰ ১৫ জনীয়া পৰিয়ালৰ ৮ গৰাকী সদস্যৰ মৃত্যু হয় আৰু ছয়গৰাকী নোখোজ হৈ পৰে।
সেই আক্ৰমণত কেৱল বিলকিছ বানু, পৰিয়ালৰ এজন পুৰুষ আৰু তিনি বছৰীয়া শিশু এটি বাছি যায়।
বুকু কঁপাই তোলা এই ঘটনাৰ তদন্তৰ বাবে গুজৰাট পুলিচৰ ওচৰত বানু যায় যদিও বিশেষ সহযোগিতা লাভ নকৰে। পিছলৈ এই গোচৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে গ্ৰহণ কৰে আৰু উচ্চতম ন্যায়ালয়লৈও এই গোচৰ লৈ CBI তদন্তৰ নিৰ্দেশ দিয়ে।
তদন্তৰ অন্তত বিশেষ CBI কোৰ্টে ১১ জনক বলাৎকাৰ-হত্যা কে ধৰি বিভিন্ন গোচৰত দোষী সাব্যস্ত কৰি যাবজ্জীৱন কাৰদণ্ড প্ৰদান কৰে। পুলিচৰো কেইজনমানক এই অপৰাধৰ দোষী বুলি ন্যায়ালয়ে ৰায়দান কৰে। ইয়াৰে পিছত অভিযুক্ত সকলে বোম্বে উচ্চ ন্যায়ালয়ৰ ওচৰত এই ৰায়ৰ আপীল কৰে যদিও উচ্চ ন্যায়ালয়ে সেই আপীল খাৰিজ কৰে আৰু CBI কোৰ্টৰ ৰায় সঠিক বুলি মত পোষণ কৰে। স্বাধীনতা ৭৫ বছৰ সম্পূৰ্ণহোৱা দিনটোত গুজৰাট চৰকাৰে এই বিলকিছ বানু গোচৰত দোষী সাব্যস্ত হোৱা সকলক জেলৰ পৰা মুকলি কৰে। আইনী দৃষ্টিৰে এজন লোকে কোনো অপৰাধৰ বাবে নূন্যতম ১৪ বছৰ কাৰাবাস খটাৰ পিছত যদি ৰাজ্য চৰকাৰে বিচাৰে তেন্তে তেনে লোক সেই চৰকাৰে ক্ষমাদান কৰি মুকলি কৰি দিব পাৰে।
উল্লেখ্য যে ২০২২ চনৰ মে’ মাহত ১১ জনৰ এজন কয়দীয়ে উচ্চতম ন্যায়ালয়ত ১৯৯২ চনৰ গুজৰাট চৰকাৰৰ এক নীতিৰ ভিত্তিত শাস্তি মাফ কৰিবলৈ আবেদন জনায়। সেই আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই বিষয়ে নজৰ দিবলৈ গুজৰাট চৰকাৰক নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ ভিত্তিত গুজৰাট চৰকাৰে এক কমিছন তৈয়াৰ কৰে য’ত কমিচনে ১১ জনকেই মুকলি কৰি দিবলৈ মত প্ৰদান কৰে। সেই কমিচনৰ ৰিপোৰ্ট ৰ ভিত্তিতেই গুজৰাট চৰকাৰে বিলকিছ বানু গোচৰত দোষী আটাইকেইজনকে মুকলি কৰে।
ইয়াৰে পূৰ্বে একেধৰণৰ এখন আবেদন ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ সাংসদ মহোৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে।