• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

“ফৰ দ্যা ৰিচ, বাই দ্য ৰিচ” : কেন্দ্ৰীয় বাজেটক কঠোৰ সমালোচনা চি পি আই (এম) ৰ

News Desk by News Desk
February 2, 2025
in অৰ্থনীতি, দেশ
Share on FacebookShare on Whatsapp

ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ই ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেটক কঠোৰ ভাষাত সমালোচনা কৰি ইয়াক সাধাৰণ মানুহৰ প্ৰতি এক “নিষ্ঠুৰ বিশ্বাসঘাতকতা” বুলি অভিহিত কৰিছে।

পাৰ্টিৰ পলিট বুৰোই শনিবাৰে (১ ফেব্ৰুৱাৰী) জাৰি কৰা এক বিবৃতিত দাবী কৰিছে যে বাজেটটোৱে অৰ্থনীতিৰ দুৰ্বল চাহিদাৰ মৌলিক সমস্যাটো সমাধান কৰিব পৰা নাই, যি সমস্যা ব্যাপক বেকাৰ আৰু হ্ৰাস পোৱা মজুৰিৰ ফলত সৃষ্টি হৈছে।

ধনীৰ বাবে, ধনীৰে তৈয়াৰী বাজেট

চৰকাৰে নতুন কৰ ব্যৱস্থাত কৰমুক্ত সীমা ৭ লাখৰ পৰা ১২ লাখলৈ বৃদ্ধি কৰাৰ লগতে চালাৰীভুক্ত ব্যক্তিসকলৰ বাবে ৭৫,০০০ টকাৰ প্ৰমাণিত কৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে যদিও, চিপিআই(এম)ই ইয়াক সাধাৰণ জনসাধাৰণক উপশম প্ৰদান কৰাৰ পৰিৱৰ্তে তুলনামূলকভাৱে উচ্চ আয়ৰ এক ক্ষুদ্ৰ অংশক সন্তুষ্ট কৰাৰ প্ৰচেষ্টা বুলি মন্তব্য কৰিছে।

“ধনী আৰু ডাঙৰ কোম্পানীসমূহক কৰ জাপি দি  সম্পদ সংগ্ৰহ কৰাৰ আৰু ৰাজহুৱা বিনিয়োগ বৃদ্ধি কৰাৰ জৰিয়তে আমাৰ লোকসকলৰ বাবে ন্যূনতম মজুৰি নিশ্চিত কৰি নিয়োগ সৃষ্টি কৰাত সহায় কৰাৰ পৰিৱৰ্তে ইয়াক বিপৰীতটো কৰিবলৈ বাছি লৈছে। ইয়ে ৰাজহুৱা সম্পদ আৰু ৰাজহুৱা খৰচকো সেৱাত লগাই ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰি ধনীসকলৰ সম্পদ সঞ্চয় বৃদ্ধি কৰাৰ চেষ্টা কৰিছে,” বুলি পলিট বুৰোৰ বিবৃতিত উল্লেখ কৰা হৈছে।

“গতিকে ই হৈছে ধনীসকলৰ দ্বাৰা ধনীসকলৰ বাবে তৈয়াৰী বাজেট,” বুলি পাৰ্টিটোৱে ঘোষণা কৰিছে।

MGNREGAৰ আবণ্টন আৰু খেতিয়কসকলৰ দাবীৰ উপেক্ষাৰ সমালোচনা

চিপিআই(এম)ই মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইন (MGNREGA)ৰ বাবে ধাৰ্য কৰা ধনৰ স্থবিৰতাৰ কথা উল্লেখ কৰি চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ পদ্ধতিকো নিন্দা কৰিছে।

“গ্ৰাম্য দুখীয়াৰ বাবে এক জীৱনৰেখা- MGNREGAৰ বাবে চৰকাৰৰ নগণ্য আবণ্টনে চৰকাৰৰ ভণ্ডামিক প্ৰতিনিধিত্ব কৰিছে। চাহিদা বৃদ্ধি পোৱাৰ লগে লগে আবণ্টন ৮৬,০০০ কোটি টকাত স্থবিৰ হৈ আছে। ই কেৱল গ্ৰাম্য দুখীয়াৰ বাবে এক নিষ্ঠুৰ প্ৰহাৰ নহয়, ই ১০০ দিনৰ কামৰ আইনী অধিকাৰৰ ওপৰত এক প্ৰত্যক্ষ আক্ৰমণ,” বুলি বিবৃতিত উল্লেখ কৰা হৈছে।

পাৰ্টিটোৱে খেতিয়কসকলৰ বাবে আইনীভাৱে নিশ্চিত কৰা ন্যূনতম সমৰ্থন মূল্য (MSP)ৰ দাবীক উপেক্ষা কৰাৰ বাবে চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰিছে।

“কৃষি সংকট আৰু খেতিয়কৰ আত্মহত্যাৰ সমস্যা সমাধানৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হোৱা খেতিয়কসকলৰ বাবে MSPৰ দাবীক চৰকাৰে উপেক্ষা কৰিছে,” বুলি ইয়াত উল্লেখ কৰা হৈছে।

কৰ নীতি আৰু বীমা খণ্ডত বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ বিৰোধিতা

চিপিআই(এম)ই উচ্চ আয়ৰ গোটসমূহৰ ওপৰত কৰ বৃদ্ধি কৰাৰ কোনো প্ৰস্তাৱ নথকাটো সমালোচনা কৰি যুক্তি দৰ্শাইছে যে মধ্যবিত্ত শ্ৰেণীৰ বাবে তথাকথিত উপশম বহুলাংশে বাহ্যিক।

“কৰমুক্ত সীমা ১২ লাখলৈ বৃদ্ধি কৰি ‘মধ্যবিত্ত শ্ৰেণীক সহায় কৰাৰ’ দাবীটোৰ বাবে বহুত কথা কোৱা হৈছে। ব্যক্তিগত আয়কৰৰ এই পৰিৱৰ্তনৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ প্ৰকৃততে পোৱা লাভ ভাৰতৰ প্ৰকৃত ধনী শ্ৰেণী – ভাৰতৰ জনসংখ্যাৰ ১%তকৈও কম লোকসকলৰ পোৱা লাভতকৈ বহুত কম হ’ব। কৰ ৰেহাইৰ বাবে চৰকাৰে ১ লাখ কোটি টকাৰ ক্ষতিসাধন হ’ব, আৰু তাৰ সিংহভাগ লাভ এই ধনীসকলেই কৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল যে চৰকাৰে উচ্চ আয়ৰ শ্ৰেণীৰ কৰৰ হাৰ বৃদ্ধি কৰিবলৈ চিন্তা কৰা নাই, যিটো নিম্ন মধ্যবিত্ত শ্ৰেণীৰ কৰৰ বোজা হ্ৰাস কৰাৰ লগত সংযুক্ত কৰিব পাৰিলেহেঁতেন,” বুলি বিবৃতিত যোগ দিয়া হৈছে।পলিট বুৰোই বীমা খণ্ডত ১০০% বিদেশী প্ৰত্যক্ষ বিনিয়োগ (FDI)ৰ প্ৰস্তাৱৰো তীব্ৰ বিৰোধিতা কৰিছে, ইয়াৰ দ্বাৰা ভাৰতৰ অৰ্থনীতিক কোম্পানী আৰু বিদেশী স্বাৰ্থৰ ওচৰত অধিক উন্মুক্ত কৰা হ’ব বুলি সতৰ্ক কৰি দিছে।

Previous Post

প্ৰয়াগৰাজ: মহাকুম্ভত হিন্দু ভক্তসকলৰ সহায়ত আগবাঢ়ি আহিছে মুছলমান- শিখসমাজ

Next Post

মৃত্যুৰ উৎসৱলৈ পৰিণত হৈছে কুম্ভমেলা : ১৯৫৪ চনৰ পৰা ২০২৫ চনলৈ কিমান লোকৰ মৃত্যু হ’ল কুম্ভমেলাত?

Related Posts

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?
দেশ

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

June 16, 2025
অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ
দেশ

অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

May 19, 2025
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
দেশ

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025
Next Post
মৃত্যুৰ উৎসৱলৈ পৰিণত হৈছে কুম্ভমেলা : ১৯৫৪ চনৰ পৰা ২০২৫ চনলৈ কিমান লোকৰ মৃত্যু হ’ল কুম্ভমেলাত?

মৃত্যুৰ উৎসৱলৈ পৰিণত হৈছে কুম্ভমেলা : ১৯৫৪ চনৰ পৰা ২০২৫ চনলৈ কিমান লোকৰ মৃত্যু হ’ল কুম্ভমেলাত?

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.