• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

বনতৰা : সংৰক্ষণ নে চখ পূৰণ?

সুস্মিত ইচফাক by সুস্মিত ইচফাক
February 4, 2025
in অভিমত
Share on FacebookShare on Whatsapp

ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী আৰু ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তৰ্জাতিক অলিম্পিক কমিটীৰ বৰ্তমানৰ সদস্য পত্নী নীতা আম্বানীৰ সৰু পুত্ৰ অনন্তৰ বন্য জীৱৰ প্ৰতি থকা প্ৰেম আৰু তেওঁলোকক বিপজ্জনক ঠাইৰ পৰা উদ্ধাৰ কৰাৰ তেওঁৰ ধাউতিৰ প্ৰথম বাৰলৈ ৰাজহুৱা হৈছিল ২০২৪ চনত, তেওঁৰ বিয়াৰ সময়ত। অনন্ত আম্বানী আৰু তেখেতৰ সেই সময়ৰ হ’বলগীয়া পত্নী ৰাধিকাৰ প্ৰাক বিবাহ উদযাপন কৰাৰ বাবে যিটুকুৰা ঠাই বাচি লোৱা হৈছিল, সেয়া আছিল গুজৰাটৰ জামনগৰ। জামনগৰ ঐতিহাসিক ভাবে বিখ্যাত হোৱাৰ ওপৰিও সেই ঠাইত ১৯৯৯ তেই ৰিলায়েন্সে স্থাপন কৰিছিল পৃথিৱীৰ বৃহত্তম তেল শোধানাগাৰ। এই প্ৰাক বিবাহ উদযাপনৰ ঠিক কেইদিনমান আগতেই ফেব্ৰুৱাৰী মাহত সংবাদ মাধ্যমৰ আগত অনন্ত আম্বানীয়ে প্ৰকাশ কৰিছিল তেওঁৰ ভাষাত তেওঁৰ ‘পেচন প্ৰজেক্ট’ যাৰ নাম ‘ বনতৰা’ । বনতৰা শব্দৰ আক্ষৰিক অৰ্থ জঙ্ঘলৰ তৰা, ষ্টাৰ অফ দ্যা ফৰেষ্ট । কোনেও সপোনতো ভবা নাছিল যে সাধাৰণতে ৰাইজে ভালকৈ কথা কব নজনা বুলি সামাজিক মাধ্যমত ট্ৰল কৰি থকা অনন্তৰ হৃদয়ত বন্যপ্ৰাণীৰ প্ৰতি থাকিব পাৰে ইমান মৰম। ৰিয়েল ষ্টেটৰ আকাশলঙ্ঘী দামৰ সময়ত ৩০০০ একৰ মাটি বণ্য প্ৰাণীৰ সুৰক্ষা, নিৰাপত্তা আৰু পুনৰ সংস্থাপনৰ দৰে মহৎ কাৰ্যত দান কৰা নিশ্চিত ভাৱে মুখৰ কথা নহয়। পিছে আমি ইয়াত সাধাৰণ ৰাইজৰ কথা পাতি থকা নাই, পাতি আছোঁ ১৪০ কোটি মানুহৰ দেশৰ আটাইতকৈ ধনী মানুহজনৰ পৰিয়ালৰ কথা।

যদিও অনন্ত আম্বানী য়ে বনতৰাক চিৰিয়াখানাৰ নাম দিব নিবিচাৰি, বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰ বুলি অভিহিত কৰিব বিচাৰে, সহজ অৰ্থত ইয়াক এক ব্যক্তিগত চিৰিয়াখানা বুলি কলে কোনো ভুল নহয়। এই চিৰিয়াখানা দুই মূল খুটি হৈছে আম্বানী পৰিয়ালে নিয়ন্ত্ৰণ কৰা ২০১৯ চনত স্থাপিত গ্ৰীণচ জুলজিকেল ৰেষ্কিও এণ্ড ৰিহেবিলিটেচন চেন্টাৰ (চমুকৈ গ্ৰীণচ) আৰু ২০১৩ চনত হাতীৰ শুশ্ৰূষাৰ বাবে গঠিত দ্য ৰাধেকৃষ্ণ টেম্পল এলিফেণ্ট ৱেলফেয়াৰ ট্ৰাষ্ট ( চমুকৈ ট্ৰাষ্ট)। প্ৰায় ৪৭০০ পশু আৰু পখীৰ ঘৰ বনতৰাত ২০০ তাতকৈ অধিক হাতী, বাঘ, সিংহ, জেগুৱাৰ কে ধৰি ৩০০ তকৈ বেছি বৃহৎ মেকুৰী (big cat), ৩০০০ তৃণভোজী জন্ত , সৰীসৃপ, পখিলা, চৰাই আদি ১৪০ বিধতকৈও বেছি প্ৰজাতিৰ আছে। ইয়াৰে বহু প্ৰজাতি দুষ্প্ৰাপ্য তথা লুপ্তপ্ৰায় অৱস্থাত আছে। উদাহৰণস্বৰূপে স্পিক্স মাকাও ( spix’s macaw), যাক ২০১৯ চনত আন্তৰ্জাতিক পৰিৱেশ সংৰক্ষণ ইউনিয়ন (IUCN) য়ে প্ৰকৃতিত বিলুপ্ত বুলি ঘোষণা কৰিছিল, তেনে ২৬ টা মাকাও বৰ্তমান বনতৰাত উপলব্ধ। তুলনা কৰিবলৈ ভাৰতৰ আটাইতকৈ পুৰণা আৰু দেশৰ অন্যতম বৃহৎ চিৰিয়াখানা চেন্নাইস্থিত আৰিগনৰ আন্না জুলজিকেল পাৰ্কত আছে প্ৰায় ২০০০ পশু আৰু পক্ষী। ইয়াৰে দুগুনতকৈও বেছি জন্তু থকা বনতৰা নিশ্চিত ভাৱে দেশৰ ভিতৰত অন্যতম আকৰ্ষনীয় স্থান। ইতিমধ্যে বিভিন্ন চেনেলত প্ৰকাশ হোৱা বাতৰি, ভিদিঅ’ ৰ পৰা বুজা যায় বনতৰাত পশু পক্ষী, বিশেষকৈ হাতীৰ বাবে থকা সা-সুবিধা, হস্পিতাল আদি সকলো আন্তৰ্জাতিক স্তৰৰ, একেবাৰে state of the art ফেচিলিটি। বনতৰাত পশু পক্ষী সকলে পোৱা এই সা সুবিধাত আপত্তি নকৰিও এটা প্ৰশ্ন মনত উদয় হয়, তাত থকা সকলো পশু-পক্ষীয়েই সহায়ৰ প্ৰয়োজন থকা আৰু বিপদৰ পৰা উদ্ধাৰ কৰি অনা হয়নে?

বনতৰাত থকা বৃহৎ সংখ্যক পশু পক্ষী দেশৰ ভিন্ন ঠাইৰ লগতে বিদেশৰ পৰা অনা। এই ক্ষেত্ৰত ২০২২-২৩ বৰ্ষৰ গ্ৰীণচে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনখন মন কৰিবলগীয়া। এই প্ৰতিবেদন অনুসৰি অসম, নাগালেণ্ডকে ধৰি ভাৰতৰ ভিন্ন ৰাজ্যৰ পৰা ভিন ভিন পক্ষী পশু আহৰণ কৰাৰ উপৰিও এই চেন্টাৰে মেক্সিক’, গীয়ানা, আৰব এমিৰেটছ, জাৰ্মানী আদি দেশৰ পৰাও এক বৃহৎ অংশৰ জীৱ-জন্তু আহৰণ কৰিছে। ভাৰতৰ ৰাজ্য সমূহৰ ভিতৰত তামিলনাডু মহাৰাষ্ট্ৰ, মণিপুৰ আদিৰ পৰা বৃহৎ সংখ্যক জন্তু অম্বানি চিৰিয়াখানা লৈ আমদানি কৰা হৈছে যদিও, ইয়াৰে বেছি ভাগ একে প্ৰজাতিৰ প্ৰাণী। উদাহৰণ স্বৰূপে, তামিলনাডু ৰ পৰা অহা জন্তুৰ ভিতৰত বেছিভাগ কুম্ভীৰ আৰু ঘঁৰিয়াল । ঠিক তেনেকৈ মণিপুৰৰ পৰা ৮৮ টা প্ৰাণী মাত্ৰ তিনিবিধ প্ৰজাতিৰ সৰীসৃপ। পিছে এই ক্ষেত্ৰত অসম ব্যতিক্ৰম। অসমৰ পৰা বনতৰালৈ ইতিমধ্যে ২০২২-২৩ বৰ্ষত নিয়া হৈছে ৬৪ বিধ প্ৰাণী। ১৭টা দুষ্প্ৰাপ্য আফ্ৰিকান প্ৰজাতিৰ কাছ, এহাল ব্লেক ক্ৰেষ্টেড মাংগাবে’, ৬টা বুটেড মাকাক, এটা ডে ব্ৰাজাছ মাংকী, ২টা ইউৰোপিয়ান হেডজেহগ, চাৰিটা হেক্‌ছ মাকাক, ৩টা ইণ্ডোচাইনিজ ছিলভাৰ্ড লাংগুৰ, এটা মাইকী বাৰ্ডেড কাপুটিন,এটা মতা বেন্নেট্‌ছ ট্ৰী কেংগাৰু কে ধৰি ২০ টা ভিন্ন প্ৰজাতিৰ প্ৰাণী অসমৰ পৰা এটা বছৰত লৈ যোৱা হৈছে। এই ক্ষেত্ৰত নতুন প্ৰতিবেদন ইণ্টাৰনেটত এতিয়ালৈ উপলব্ধ নহয় যদিও, এই সংখ্যা যে আজিৰ তাৰিখলৈ বহু বেছি হৈছে সেয়া নিশ্চিত। IUCN ৰ ৰেড লিষ্ট অনুসৰি অসমৰ পৰা নিয়া জন্তু সমূহৰ ভিতৰত ৭ বিধ জন্তু লুপ্তপ্ৰায় (endangered) আৰু এটা হোৱাইট চিকড গিবন যি সঙ্কটজনকভাবে লুপ্তপ্ৰায় (critically endangered)। সমগ্ৰ পৃথিৱীত এই বিশেষ ধৰণৰ গিবন জঙ্ঘলত মাত্ৰ ১০০০ মান হে বাছি ৰৈছেগৈ। এই ক্ষেত্ৰত প্ৰশ্ন হয় কি স্বাৰ্থত অসমে ইমান বিধ গুৰুত্বপূৰ্ণ পশু জামনগৰলৈ প্ৰেৰণ কৰিছিল? মন কৰিব, ২০২২-২৩ চনত কেৱল দান হিচাপে এই চেন্টাৰে লাভ কৰিছিল ৭৮ কোটি টকা, আৰু খৰচ কৰিছিল ৭০.৯ কোটি। এই প্ৰতিবেদনৰ আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে অনন্ত আম্বানীয়ে যিমানেই উদ্ধাৰ কৰি অনা পশুৰ স্থান বনতৰা বুলি নকওঁক কিয়, প্ৰতিবেদন অনুসৰি ২০২২-২০২৩ চনত উদ্ধাৰ কৰা আৰু পুনৰ সংস্থাপন কৰা জন্তুৰ সংখ্যা হৈছে শূণ্য। অৰ্থাৎ সেই বছৰত এটাও জন্তু উদ্ধাৰ কৰি অনা হোৱা নাছিল আৰু অনা হৈছিল কেৱল আমদানি কৰি।

বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে ভাৰতত থকা মূল আইনখন হৈছে বন্যপ্ৰাণী (সুৰক্ষা) আইন , ১৯৭২। এই আইনে বন্যপ্ৰাণী আৰু উদ্ভিদ সুৰক্ষাৰ ভিন্ন দিশ সামৰি এক বহল নিয়মাৱলী বনাই থৈছে। এই আইনে সংৰক্ষণ আৰু সুৰক্ষাৰ দিশ চাই বিভিন্ন পশু পক্ষী আৰু উদ্ভিদক চাৰিটা অনুসূচীত ভাগ কৰা হৈছে। ইয়াৰে প্ৰথম অনুসূচীত থকা প্ৰাণী সমূহক আটাইতকৈ বেছি সংৰক্ষণৰ প্ৰয়োজন বুলি চিনাক্ত কৰা হৈছে, এই অনুসূচীত স্থান লাভ কৰা হাতী হৈছে এক অন্যতম প্ৰাণী। আচলতে অনন্ত আম্বানীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ দাবী কৰাৰ মূল ভেটি হৈছে হাতী। ২০১৩ চনত স্থাপিত ৰাধে কৃষ্ণ মন্দিৰ ন্যাস, যাৰ মূল উদ্দেশ্য হৈছে কামত খটুৱাই থকা, অত্যাচাৰ আদিৰ সন্মুখীন হোৱা হাতী সমূহক পুনৰ সংস্থাপন কৰা। বন্যপ্ৰাণী (সুৰক্ষা) আইন , ১৯৭২ ৰ ধাৰা ৪০(২) য়ে অনুসূচীত ১ ত থকা সকলো প্ৰাণীৰ কিনা,বেচা, স্থানান্তৰকৰণ তথা মালিকীস্বত্ব, বিশেষ অনুমতিৰ অবিহনে বাৰণ কৰে। পিছে ২০২৩ চনত এই আইনত কিছু সাল-সলনি কৰি চৰকাৰে ‘ধৰ্মীয় বা অন্য কোনো কাৰণ’ ত হাতী স্থানান্তৰ কৰাৰ বাবে সহজ কৰি দিয়ে। ২০২৪ চনত হিমাল চাউথ-এছিয়ান ত প্ৰকাশিত সাংবাদিক এম ৰাজশেখৰৰ “ৰিলায়েন্সৰ বন্যপ্ৰাণীৰ উচ্চাকাংক্ষাৰ খৰচ” (The costs of Reliance’s wildlife ambitions) নামৰ অনুসন্ধানমূলক লেখাটিয়ে বহু প্ৰশ্নৰ উদয় কৰিছে। তেওঁৰ লেখাত তেওঁ উদাহৰণ দিছে কাম্ন’ নামৰ এটি সাঁত বছৰীয়া হাতীৰ যাৰ দেহত প্ৰথম অৱস্থাত মাইক্ৰো চিপ লগোৱা নাছিল (সকলো বন্দীত্বত থকা হাতীৰ মাইক্ৰো চিপ থকা আইনগত ভাবে বাধ্যতামূলক) তাক কেনেকৈ প্ৰায় এমাহৰ ভিতৰতেই চিপ বহুৱাই, মালিকে মালিকীস্বত্বৰ প্ৰমাণ পত্ৰ চৰকাৰৰ পৰা লাভ কৰি তাৰে পিছদিনাই ৰাধে কৃষ্ণ ন্যাসলৈ মালিকে প্ৰেৰণ কৰি দিছিল। যিখন দেশত চৰকাৰী কাৰ্যালয়ত এখন কাগজ এখন মেজৰ পৰা আন এখন পাবলৈ মাহ মাহ লাগে, তেনে সময়ত এমাহতে দুই ৰাজ্যৰ অনুমতি লৈ, চিপ বহুৱাই, প্ৰমাণ পত্ৰ বনাই সুকলমে হৈ যোৱা হস্তান্তৰে স্বাভাবিকতেই প্ৰশ্নৰ উদয় কৰে। কেৱল এটাই নহয়, ৰাজশেখৰে তেওঁৰ লেখাত আন বহু উদাহৰণ দি দেখাই দিছে যে বনতৰা ত থকা সকলো হাতী য়েই উদ্ধাৰ কৰা নহয় আৰু তাক ভিন্ন ঠাইৰ পৰা অনাৰ প্ৰক্ৰিয়াও সন্দেহজনক। ২০২২ চনত অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত এক তথ্য অনুসৰি বিগত ২০০৩ৰ পৰা ২০২২ বৰ্ষলৈ ৮ শতাধিক তকৈ ও বেছি হাতী অসমৰ পৰা বহিঃ ৰাজ্যলৈ সৰবৰাহ হৈছে। এই সংখ্যা এতিয়া হাজাৰ পাৰ কৰাটো নিশ্চিত।

জামনগৰৰ অনন্ত আম্বানীৰ ব্যক্তিগত চিৰিয়াখানাত পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সুবিধা সমূহ থাকিলেও এই কথা কোনেও নুই কৰিব নোৱাৰে যে গুজৰাটৰ যি গৰম জলবায়ু, সেয়া সকলো প্ৰাণীৰ বাবে সুবিধাজনক নহয়। ২০২২ চনৰ প্ৰতিবেদন অনুসৰি মেক্সিকোৰ পৰা অনা ৪০ শতাংশ এক বিশেষ প্ৰজাতিৰ কেঁটেলা পহুৰ ভিন্ন কাৰণত এবছৰতে মৃত্যু হৈছে। দ্বিতীয়তে বনতৰা অৱস্থিত পৃথিৱীৰ বৃহত্তম তেল শোধনাগাৰৰ দাঁতিকাষৰত। প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড অনুসৰি তৈল শোধনাগাৰ সমূহে বহু বেছি প্ৰদূষণ কৰে। সেয়ে ৰাষ্ট্ৰীয় উদ্যান বা স্বীকৃতিপ্ৰাপ্ত বনাঞ্চলৰ ওচৰীয়া পৰিৱেশ-সংবেদনশীল অঞ্চল সমূহত এনে ধৰণৰ উদ্যোগ স্থাপন কৰা আইনী ভাবে বাৰণ কৰা আছে। তেনেস্থলত জামনগৰত থকা জন্তু পশুপক্ষী সমূহ কিমান সুৰক্ষিত?

নিউজ চেনেল সমূহে বন্যপ্ৰাণীৰ একমাত্ৰ ৰক্ষক সজাব বিচৰা অনন্ত আম্বানী আৰু বৃহত্তম পুঁজিপতি গোষ্ঠী ৰিলায়েন্সৰ বনতৰা সন্দৰ্ভত কি পৰিকল্পনা আছে সেয়া এতিয়াও ধূসৰ। পিছে বন্যপ্ৰাণী ব্যক্তিগতকৰণৰ যি ধাৰা বনতৰাৰ পৰা আৰম্ভ হৈছে, সেয়া নিশ্চয় ভাবিবলগীয়া। ২০২৪ চনৰ মে’ মাহত প্ৰতিমা নামৰ এটি হাতী তাইৰ পোৱালিৰ সৈতে শুশ্ৰূষা কৰাৰ বাবে ৩০০০ কি মি অতিক্ৰম কৰি বনতৰাত লৈ যোৱা ঘটনাই প্ৰশ্ন উত্থাপন কৰে যে চৰকাৰে এনে হাতী শুশ্ৰূষা বা চিকিৎসা কৰিবলৈ অসামৰ্থ নেকি? এতিয়াৰে পৰা ভাৰতৰ যিকোনো ঠাইত যিকোনো জীৱ আঘাতপ্ৰাপ্ত হলে কেৱল বনতৰালৈ লৈ যোৱা হব নেকি?

কুম্ভীৰৰ ছালেৰে বনোৱা ৪০ লাখ টকাৰ ‘এলিগেটৰ জেকেট’ পিন্ধা অনন্ত আম্বানী য়ে দুই কোটি টকা খৰচ কৰি হাতীৰ অপাৰেচন কৰোৱা পৰ্যায়ৰ পশু প্ৰেম কৰ আৰু কেতিয়াৰ পৰা উৎপন্ন হল, সেয়া সময়ে কব। পিছে আনৰ বিলাস আৰু চখ পূৰণৰ স্বাৰ্থত যাতে অসম তথা উত্তৰ পূৱৰ হাতী বা আন পশু পক্ষীৰ একো লোকচান নহয়, সেই কথা মন দিয়াৰ প্ৰয়োজন আছে। ভবিষ্যত প্ৰজন্মই আম্বানীক টকা দি হাতী, ঘোঁৰা চাবলগীয়া হলে ইয়াতকৈ লজ্জাজনক আৰু একো নহব।

লেখক: সুস্মিত ইচ্‌ফাক
(লেখক উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়
শ্বিলঙৰ আইন বিভাগৰ গৱেষক ছাত্ৰ)
ফোন : ৮৮৭৬৭০৪২০০

Previous Post

মৃত্যুৰ উৎসৱলৈ পৰিণত হৈছে কুম্ভমেলা : ১৯৫৪ চনৰ পৰা ২০২৫ চনলৈ কিমান লোকৰ মৃত্যু হ’ল কুম্ভমেলাত?

Next Post

১৬ ফেব্ৰুৱাৰী দেওবাৰে বিয়লি ৩ঃ৩০ বজাৰ পৰা চান্দমাৰী স্থিত পেঞ্চনাৰ ভৱনত “কমিউনিষ্ট ইষ্টাহাৰঃ এক নতুন পৃথিৱীৰ ৰূপৰেখা” শীৰ্ষক আলোচনা চক্ৰ

Related Posts

২১ফেব্ৰুৱাৰী : ভাষা দিৱসৰ চিন্তা আৰু দুঃচিন্তা
অভিমত

২১ফেব্ৰুৱাৰী : ভাষা দিৱসৰ চিন্তা আৰু দুঃচিন্তা

February 21, 2025
মূল্যবৃদ্ধিয়ে উৎসৱৰ আনন্দ নষ্ট কৰিছে – দ্বীপেন কাকতি
অভিমত

মূল্যবৃদ্ধিয়ে উৎসৱৰ আনন্দ নষ্ট কৰিছে – দ্বীপেন কাকতি

January 31, 2025
বুলড‘জাৰ (ইন)জাষ্টিচ : সুস্মিত ইচ্ফাক
অভিমত

বুলড‘জাৰ (ইন)জাষ্টিচ : সুস্মিত ইচ্ফাক

January 19, 2025
Next Post
১৬ ফেব্ৰুৱাৰী দেওবাৰে বিয়লি ৩ঃ৩০ বজাৰ পৰা চান্দমাৰী স্থিত পেঞ্চনাৰ ভৱনত “কমিউনিষ্ট ইষ্টাহাৰঃ এক নতুন পৃথিৱীৰ ৰূপৰেখা” শীৰ্ষক আলোচনা চক্ৰ

১৬ ফেব্ৰুৱাৰী দেওবাৰে বিয়লি ৩ঃ৩০ বজাৰ পৰা চান্দমাৰী স্থিত পেঞ্চনাৰ ভৱনত “কমিউনিষ্ট ইষ্টাহাৰঃ এক নতুন পৃথিৱীৰ ৰূপৰেখা” শীৰ্ষক আলোচনা চক্ৰ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.