তামিলনাডু বিধানসভা নিৰ্বাচনলৈ এতিয়াও এবছৰ বাকী। ইয়াৰ পূৰ্বে শুকুৰবাৰে চেন্নাইত এআইএডিএমকেৰ নেতৃত্বৰ সৈতে হোৱা বৈঠকত বিজেপি নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে মিত্ৰতাৰে আগন্তুক নিৰ্বাচনত যুঁজিব বুলি ঘোষণা কৰে।
দীৰ্ঘদিন ধৰি তামিলনাডুক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিও বিজেপি এতিয়ালৈকে সফল হোৱা নাই। ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো বিজেপিয়ে তামিলনাডুৰ কোনো আসনত জয়ী হোৱা নাছিল। মুঠ ২৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিয়ে লাভ কৰে ১১.২৪ শতাংশ ভোট।
২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে এআইএডিএমকেৰ সৈতে মিত্ৰতা কৰি ২০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৪খন আসনত জয়লাভ কৰিছিল। বিজেপিৰ ভোটৰ ভাগ আছিল মাত্ৰ ২.৬২ শতাংশ। এআইএডিএমকে ৩৩.২৯ শতাংশ ভোট লাভ কৰি ৬৬খন আসন লাভ কৰিছিল।
শুকুৰবাৰে অমিত শ্বাহে কয় যে এআইএডিএমকে আৰু বিজেপি নেতৃত্বই ২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত এনডিএৰ অন্যান্য মিত্ৰ দলৰ সৈতে মিলি প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে।
অমিত শ্বাহে আগন্তুক নিৰ্বাচনত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু তামিলনাডুত ই কে পালানিস্বামীৰ নেতৃত্বত এন ডি এয়ে যুঁজ দিব বুলি কয়।
ইয়াৰ উপৰিও অমিত শ্বাহে এআইএডিএমকেৰ আভ্যন্তৰীণ বিষয়ত বিজেপিয়ে হস্তক্ষেপ নকৰে বুলিও মন্তব্য কৰে। এই মিত্ৰতাৰ বাবে এ আই এ ডি এম কেৰ পৰা কোনো চৰ্ত বা কোনো দাবী উত্থাপন কৰা হোৱা নাছিল বুলিও তেওঁ কয়। আমাৰ মিত্ৰতা দুয়োটা দল – বিজেপি আৰু এআইএডিএমকেৰ বাবে লাভজনক হ’ব। গৃহমন্ত্ৰীয়ে দাবী কৰে যে আগন্তুক তামিলনাডুৰ বিধানসভা নিৰ্বাচনত এন ডি এয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিব।
২০১৬ চনত জে জয়াললিতাৰ মৃত্যুৰ পিছত প্ৰথমে এআইএডিএমকে বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল।২০২১ চনৰ বিধানসভা নিৰ্বাচনত দুয়োটা দলে মিত্ৰতাৰে যুঁজিছিল যদিও ২০২৩ চনত এআইএডিএমকে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিছিল। এইবাৰ ই কে পালানিস্বামীৰ দলটোৱে পুনৰবাৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিছে।
