কাঁ কথাছবি মহোৎসৱত বিশ্বৰ বিভিন্ন ঠাইৰ চিত্ৰ তাৰকাসকলে গোট খাই আৰু ইয়াৰ ফলত এক উৎসৱমুখৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ প্ৰতিবছৰে ফ্ৰান্সত হোৱা এই উৎসৱত বিশ্বৰ বিভিন্ন প্রান্তৰ ছবি নিৰ্মাতা, পৰিচালক, নায়ক-নায়িকাসকল একগোট হয়। এই চিনেমা উৎসৱৰ ‘ৰঙা দলিচা’ত খোজ পেলাব পৰা পৰাটো এক ডাঙৰ কথা, সকলোয়ে সেয়ে এই কথাছবি মহোৎসৱৰ নিমন্ত্ৰণলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে ৷
এই বছৰৰ উৎসৱ ২০২২ৰ মে’ মাহৰ ১৭ পৰা ২২ তাৰিখকৈ উদযাপিত হৈছিল ৷ পিছে এইবাৰৰ উৎসৱত এটা সাংঘাটিক ঘটনাই সমগ্ৰ পৃথিৱীকে জোকাৰি গৈছিল ৷ কাৰণ এগৰাকী বিশিষ্ট আমেৰিকান অধিবাসী প্ৰযোজকে তেওঁৰ জাতিৰ নিৰ্দিষ্ট জোতাযোৰ পৰিধান কৰিছিল। সেই প্ৰযোজক গৰাকীৰ নাম হ’ল ‘কেলভিন ৰেডভাৰ্চ‘ । এওঁ আমেৰিকাত বসবাস কৰা এটা উপজাতিৰ বংশৰ মানুহ, আৰু তেখেতে উক্ত মহোৎসৱৰ আটাইতকৈ সন্মানীয় ‘ৰঙা দলিচা’-ত খোজ কাঢ়িবৰ বাবে সক্ষম হৈছিল। পিছে, জোতাৰ সলনি উপজাতি সকলৰ নিজৰ হাতেৰে তৈয়াৰ কৰা “মোকাচিন” নামৰ জোতাযোৰ ভৰিত পিন্ধি তেখেতে খোজ কাঢ়িব বিচাৰিছিল। কিন্তু ৰেডভাৰ্চে Red carpet-ত খোজ ৰখাৰ আগতেই তেখেতক নিৰাপত্তাৰক্ষীয়ে বাধা দি ক’লে যে উৎসৱৰ বাবে নিৰ্ধাৰিত জোতা আৰু পোছাক পৰিধান কৰাৰ পিছতহে তাত খোজ কাঢ়িবলৈ অনুমতি দিয়া হ’ব ৷ ইয়াতে কেলভিনে তেওঁলোকৰ দাবী মৰ্মে যদিও নিৰ্ধাৰিত পোছাক পৰিধান কৰি খোজ দিলে, কিন্তু পিছত তেখেতে ক্ষোভ প্ৰকাশ কৰি কয় যে “মই আমাৰ জাতীয় জোতাযোৰ পৰিধান কৰা কাৰণেই মোক নিৰাপত্তাৰক্ষীয়ে এজনে সাধাৰণ অপৰাধীৰ দৰে ব্যৱহাৰ কৰিলে ৷” সঁচা কথাটো হ’ল উক্ত মহোৎসৱত এনেকুৱা ব্যৱহাৰ প্ৰায়ে ঘটে ৷ নিয়ম অনুসৰি মহিলাসকলে ওখ হিলৰ জোতা পিন্ধিৱ নোৱাৰিব বা পুৰুষ হ’লে কলা টাই মাৰিব লগাটো বাধ্য আৰু সমান জোখৰ জোতা পিন্ধিব লাগিব ৷ ইয়াৰ প্ৰতিবাদত জুলিয়া ৰবাৰ্টচ আৰু ক্ৰিষ্টেন ষ্টিউয়াটেৰ দৰে প্ৰথম শাৰীৰ নায়িকাসকলে একো পৰিধান নকৰাকৈ দলিচাত খোজ দিছিল ৷ পিছত ‘কাঁ’ মহোৎসৱৰ আয়োজকসকলে এই সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হয় ৷
কেলভিন ৰেডভাৰ্চে কয় যে পশ্চিমীয়া বিশ্বৰ দেশসমূহে এতিয়াও আদিম উপজাতিসকলক আৰু তেওঁলোকৰ সংস্কৃতিক অতি বেয়াকৈ ব্যৱহাৰ কৰে ৷ তেওঁলোকে মানুহবোৰে উপজাতিসকলক ‘বৈষম্যমূলক’ভাৱে এতিয়াও আচৰণ কৰে ৷ কেলভিনে এই ক্ষেত্ৰত নিৰপত্তাৰক্ষীক বুজাবলৈ যাওঁতে কেলভিনক বৰ বেয়াকৈ ব্যৱহাৰ কৰিলে যাক ঘৃণনীয় বুলি ক’ব পাৰি ৷ কেলভিনে উক্ত জোতা সলনি কৰি অহালৈ গোটেই বিশ্বৰ সংবাদ মাধ্যমৰ দ্বাৰা খবৰ সমগ্ৰ বিশ্বত প্ৰচাৰ হৈ গ’ল ৷ ইয়াৰ পিছত ‘নিৰাপত্তাৰক্ষীৰ’ ব্যৱহাৰ আৰু উপজাতিৰ জোতা পৰিধান কৰাক লৈ যি বিতৰ্ক সৃষ্টি হ’ল তাকে লৈ সকলোফালৰ পৰা সমালোচনা আহিব ধৰিলে ৷ ভয়ানক বিপদৰ আশঙ্কা কৰি উৎসৱৰ আয়োজকৰ চেক্ৰেটাৰী জেনেৰেল আৰু ‘ৰঙা দলিচাৰ’ ইভেন্টৰ প্ৰধান যাচোঁৱা ডিচৰোউচিয়ে কেলভিনৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ’ল ৷
কেলভিন যাতে ‘কাঁ’ মহোৎসৱত উপস্থিত থাকিব পাৰে তাৰ বাবে উক্ত জনজাতিৰ লোকসকলে মিলি তেওঁৰ বাবে পুঁজি সংগ্ৰহ কৰিছিল ৷ সংগঠনটোৰ নাম আছিল Indigenous Screen Office ৷ উক্ত সম্প্ৰদায়ৰ জনসাধাৰণে কাঁ মহোৎসৱৰ কৰ্তৃপক্ষৰ ওচৰত এই কাৰ্যৰ বাবে প্ৰতিবাদ কৰিছে ৷ লগতে তেওঁলোকে কৈছে ভৱিষ্যত পৃথিৱীয়ে এই উপজাতিসকলৰ সংস্কৃতিক কেনেকৈ তুলি ধৰে তাৰ বাবে সজাগ হৈ থাকিব লাগিব ৷
বিঃদ্ৰঃ- নন্দন আলোচনীৰ ৪/৭/২২ সংখ্যাৰ ৬৩ পৃষ্ঠাত প্ৰকাশিত প্ৰৱন্ধৰ অনুবাদ ৷
অনুবাদক- অৱনী কুমাৰ সূত্ৰধৰ
গুৱাহাটী