‘পূৰ্বতে আৰএছএছ এটা ভাল সংগঠন আছিল। বৰ্তমানো আৰএছএছত একাংশ ভাল মানুহ আছে। এনে দিন অচিৰেই আহিব য’ত আৰএছএছে আৰু বিজেপিক কোনো কাৰণতে সমৰ্থন নকৰিব। তাৰ বিপৰীতে মৌনতাকেই শ্ৰেষ্ঠ জ্ঞান কৰিব।’ টিএমচি নেতা মমতা বেনাৰ্জীয়ে আৰএছএছক লৈ কৰা এই মন্তব্য সামাজিক মাধ্যমত খুবেই ভাইৰেল। ভাইৰেল হোৱা এই মন্তব্যটোকলৈ একাংশ নেটিজেনৰ মুখ্যমন্ত্ৰী মমতালৈ প্ৰশ্ন, দিদিৰ এইয়া কেনেধৰণৰ অংক? বিজেপিৰে অহি-নকুল সম্পৰ্ক ইফালে আৰএছএছৰে প্ৰেমৰ অংক।
মুখ্যমন্ত্ৰী মমতাই ভিতৰি আৰএছএছলৈ বেথা পুহি ৰাখিছে বুলি বিশেষ টুইট কৰিছে AIMIM সাংসদ আছাউদ্দিন ওৱেছিয়েও। ওৱেছিয়ে টুইটত প্ৰকাশ কৰা অনুযায়ী ২০০৩ চনতো মমতা বেনাৰ্জীয়ে আৰ এছ এছক দেশপ্ৰেমী বুলি অভিহিত কৰিছিল। ইয়াৰ পৰিৱৰ্তে আৰ এছ এছৰ একাংশ শীৰ্ষনেতাই বেনাৰ্জীক দুৰ্গা বুলি অভিবাদনো জনাইছিল। লগতে ওৱেছিয়ে টুইটত আৰএছএছে এখন হিন্দু ৰাষ্ট্ৰ বিচাৰে সেই কথাও উল্লেখ কৰি কয় যে আৰ এছ এছৰ ইতিহাস মুছলমান বিৰোধী ‘ঘৃণামূলক অপৰাধ’ৰে পৰিপূৰ্ণ হৈ আছে।
ইপিনে মমতা সন্দৰ্ভত তেওঁ টুইটত লিখিছে, ‘মমতা বেনাৰ্জীয়ে বহু সময়ত বিজেপি দলৰ হৈ মাত মাতি আহিছে। তাৰ এটা উদাহৰণেই হৈছে গুজৰাট দাংগা। সেই প্ৰসংগ সংসদত উত্থাপিত হওঁতে বিজেপি দলৰ হৈ মমতা বেনাৰ্জীয়ে প্ৰথম থিয় দিছিল।’ ইমানতেই শান্ত নাথাকি ওৱেছিয়ে বেনাৰ্জীক কটাক্ষ কৰি লিখিছে, আশাকৰো টিএমছিৰ মুছলমান নেতাসকলে আপোনাৰ সততাক শ্ৰদ্ধাসহকাৰে গ্ৰহণ কৰিব।’
ওৱেছিয়ে অনা ২০০৩ চনৰ মমতাৰ সেই বিশেষ ভাষণে তেতিয়াও সমানেই চৰ্চা লভিছিল। সেই সময়ত, মমতা বেনাৰ্জী এনডিএৰ সদস্য আছিল। তেতিয়া তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কোনো পদ পাবলৈ সক্ষম হোৱা নাছিল।
২০০৩ চনৰে ছেপ্টেম্বৰ মাহত পঞ্চজন্যৰ সম্পাদক তৰুণ বিজয়ে মমতা বেনাৰ্জীক কমিউনিষ্ট সন্ত্ৰাসবাদ নামৰ এখন কিতাপ মুকলি কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁক আমন্ত্ৰণ কৰা সেই মঞ্চতেই আৰ এছ এছৰ কেইবাজনো মহান নেতা মদন দাস দেৱী, মোহন ভাগৱত আৰু এইচ ভি চেশাদ্ৰী, বিজেপিৰ ৰাজ্যসভাৰ সাংসদ বলবীৰ পুঞ্জোও উপস্থিত আছিল।
দ্য টেলিগ্ৰাফ নামৰ কাকতত সেই সময়ত প্ৰকাশ হোৱা বাতৰি অনুসৰি মমতা বেনাৰ্জীয়ে সেই মঞ্চতেই মুকলিকৈয়ে আৰএছএছৰ সহায় ভীক্ষা কৰি কৈছিল, ‘যদি আৰ এছ এছে আমাক এক শতাংশও সমৰ্থন কৰে, তেন্তে আমি ‘লাল’ সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হ’ম।’
পুঞ্জোকে ধৰি সকলো নেতৃবৰ্গই মমতা বেনাৰ্জীক দূৰগা আখ্যা দিয়ে। মমতা বেনাৰ্জী সম্পৰ্কত সাংসদ বলবীৰ পুঞ্জোৱেও কয়, ‘পশ্চিম বংগত সেই সময় চিপিএমৰ দখলত আছিল। আন কাৰো সাহস নাছিল বংগত চিপিআইএমক প্ৰত্যাহ্বান জনোৱাৰ। কিন্তু মমতা বেনাৰ্জীয়ে সেই সাহস দেখুৱালে। আজিও মমতাই সেই সাহেৰেই পশ্চিমবংগক নিজা দখলত ৰাখিছে। দলীয় আদৰ্শতকৈ সেই সাহসৰ বাবে মোৰ দৰে লোকে তেওঁৰ প্ৰশংসা কৰিবলৈ বাধ্য হৈ পৰিছো।’
সময় বাগৰিছে, ২০০৩ৰ পৰা ২০২২ এই সুদীৰ্ঘ ২০ বছৰে মমতাই নিজ হাতত ৰাখিছে বংগৰ শাসনভাৰ। বংগত বিগত কিছু বছৰে যদিও বাওঁপন্থী আৰু কংগ্ৰেছে বিৰোধীৰ মুখ্য ভুমিকা পালন কৰি আহিছিল কিন্তু বৰ্তমান দেশৰ সমান্তৰালকৈ বংগতো মুখ্য বিৰোধীৰ স্থানত ঠিয় দিছে বিজেপি দলে। বিজেপি দল শক্তিশালী হৈ উঠাৰ বাবেই কৌশলেৰে দলটোক আঁতৰাবৰ বাবেই এইদৰে আৰএছএছৰ প্ৰশংসা আৰম্ভ কৰিছে নেকি মমতা বেনাৰ্জীয়ে বুলিও ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।
ইপিনে মমতাৰ মন্তব্যক লৈ টুইটত বাকযুদ্ধ আৰম্ভ কৰা ওৱেছিকো সমালোচনা কৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকে। বিশ্লেষকৰ মতে ওৱেচিয়ে বংগৰ মুছলমান লোকসকলৰ মনত সাম্প্ৰদায়িক সংঘৰ্ষৰ বীজ ৰোপনৰ উদ্দেশ্যেৰেই এনেধৰণৰ উচটনিমূলক টুইট কৰিছে।
উল্লেখ্য যে ওৱেছিৰ উদ্দেশ্য যিয়েই নহওক কিয় বংগৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশই কিন্তু মুছলমান সম্প্ৰদায়ৰ। ইয়াৰোপৰি মুখ্যমন্ত্ৰী মমতাই ২০বছৰৰ অন্তত পুনৰ এবাৰ ২০০৩ চনৰ সেই ৰাজনৈতিক ষ্ট্ৰেটেজীকেই পুনৰ গ্ৰহণ কৰিব বিচাৰিছে বুলিও ৰাজনৈতিক মহলত চৰ্চা হোৱা পৰিলক্ষিত হৈছে।