দ্বিতীয় খণ্ড
লেখক- লোকনাথ গোস্বামী
(বিশিষ্ট সমাজকৰ্মী তথা একেধাৰে শিল্পী, সাহিত্যিক, গীতিকাৰ, নিবন্ধকাৰ, চিন্তাবিদ লোকনাথ গোস্বামীয়ে ৰঙা চীন ফুৰি-চাকি,দেখি-শুনি লাভ কৰা ৰোমাঞ্চকৰ ভ্ৰমন কাহিনীৰ অভিজ্ঞতাৰ কথা আমি খণ্ড খণ্ডকৈ প্ৰকাশ কৰিম, আজিৰ এই লেখাটো তেখেতৰ দ্বিতীয় খণ্ড )
৬২’ৰ অক্টোবৰ মানৰ পৰা সীমান্তত যুদ্ধৰ দামামা সঘনাই বাজিবলৈ ধৰিলে৷ আমাৰ গাঁৱৰ ঘৰৰ ওপৰেদি ৪-৫ খনকৈ জেট বিমান একেলগে উৰে৷ কাণ তাল মৰা শব্দ৷ ৰাতি হ’লে বিমানৰ পোহৰ পৰি নাৰিকল, তামোল গছৰ পাত বিলাক জিলিকি উঠাৰ লগতে হালি-জালি নাচিবলৈ ধৰে৷ ঘৰৰ ওচৰৰে বৃহৎ বালিপুখুৰী ফিল্ডত বিশাল সেনাৰ ছাউনী৷ তেতিয়াহে গম পালো দুই-তিনি বছৰমান আগৰ পৰা বৃহৎ আৰু ঐতিহাসিক বালিপুখুৰীৰ ওখ ওখ পাৰ বিলাক বুল্ডজাৰেৰে কিয় খন্দা আৰম্ভ কৰিছিল৷ আমি তেতিয়াই দেখিছিলো গাঁৱৰ মানুহ বিলাকে দুপৰীয়া খাই বৈ সাঁজি-কাচি উৎসৱ চাবলৈ অহাদি বুল্ডজাৰেৰে পুখুৰিৰ বিশাল পাৰ খন্দা চাবলৈ ঢপলীয়াই আহিছিল৷ ডাঙৰ মানুহবিলাকৰ পিছে পিছে আমিও দৌৰি দৌৰি নাচি-বাগি গৈছিলো বুল্ডজাৰৰ কাৰবাৰবোৰ চাবলৈ৷ তেতিয়া সেয়া আমাৰ বাবে অতি আচৰ্য্যকৰ ঘটনা আছিল৷ পৰৱৰ্তী সময়ত সেনাৰ ছাউনী, আৰু তাৰো পৰৱৰ্তী সময়ত ভাৰতীয় সেনা বাহিনীৰ বিশাল Base Workshop টো দেখি কথাবিলাক মনলৈ আহিছিল৷ যুদ্ধৰ সময়ত দেখিছিলো গাঁওবিলাকৰ মাজে মাজে সৈন্যবাহিনীৰ যুঁজাৰু ঘোঁৰাৰ কুচ-কাৱাজ৷ ৰাস্তাৰ দাতিত যুঁজাৰু টেঙ্ক বিলাক শাৰী শাৰী কৈ সজাই থোৱা চাই মনে মনে গৈ লগৰ ল’ৰা-ছোৱালীৰ সৈতে ভিতৰত সোমাই ফুটা বিলাকেৰে জুমি চাইছিলো৷
নৱেম্বৰ মাহ সোমোৱাৰ লগে লগে চাৰিওফালে এক আতংকময় পৰিৱেশ সৃষ্টি হোৱা দেখিলো৷ জিলা প্ৰশাসনৰ বেছিভাগ মানুহেই প্ৰাণৰ ভয়ত তেজপুৰ চহৰ এৰি নিৰাপদ দূৰলৈ পলায়ন কৰিছিল৷ যুদ্ধৰ আতংকময় পৰিৱেশৰ মাজতে বহু ধৰণৰ উৰা বাতৰিও ওলাবলৈ ধৰিলে৷ মানুহৰ মুখে মুখে শুনা গ’ল, চীনা সৈন্য আহি ফুটহিল, বমডিলা পালেহি৷ এফালৰ পৰা তাহানি মান সেনাই কটাদি ভাৰতীয় মানুহক য’ত যেনেকৈ পাইছে বোলে এফালৰ পৰা কচু কটা দিছে৷ উৰাবাতৰি বিলাকে মানুহক আৰু বেচি ভয় খুৱাইছিল৷ সন্ধিয়া হ’লে আমি ঘৰৰ ভিতৰৰ পৰা ওলাবলৈ ভয় কৰিছিলো৷ ঠিক সেই ভয়াবহ পৰিস্থিতিৰ মাজতে এদিনাখন পুৱা তেজপুৰ চহৰৰ পৰা এখন জীপগাড়ী আহি আমাৰ পদূলি মুখত ৰ’লহি৷ তাৰ পৰা ততাতৈয়াকৈ আমাৰ টাউনত থকা সৰু দাদা(জগত গোস্বামী) ভিতৰলৈ সোমাই আহি দেউতাক মাতিলে৷ দেউতাক কোৱা শুনিলো যে এই মুহূৰ্ত্ততে আমি ঘৰ এৰি যাব লাগে৷ তেজপুৰৰ পৰিস্থিতি কোন সময়ত কি হয় কোনেও ক’ব নোৱাৰে৷ মুঠতে আমি যিমান পাৰি সোনকালে ব্ৰহ্মপুত্ৰ পাৰ হ’ব লাগে নিজকে চীনা সৈন্যৰ পৰা বচাবৰ বাবে৷ দেউতা মান্তি হোৱা নাছিল প্ৰথমে৷ এফালে সত্ৰখন, আনফালে হাঁহ-পাৰ, গোহালীৰ গৰু, বিশাল বাৰী-ঘৰ এনেকৈ হঠাতে এৰি যোৱাটো সম্ভৱ নহয়৷ কিন্তু সৰু দাদাই একো কথা নুশুনে৷ আমি একো তত্কে ধৰিব পৰা নাছিলো৷ এটা সময়ত কাপোৰ-কানি য’ত যেনেকৈ পাওঁ, পিন্ধি, কিছু লগত লৈ জীপ গাড়ীত বহিলোগৈ। চুবুৰীৰ মানুহখিনি বাটলৈ ওলাই আহি গোটেই পৰিৱেশটো তধা লাগি চাই ৰ’ল৷ এটা সময়ত ঘৰ ঘৰ শব্দ কৰি জীপগাড়ী আগবঢ়িল ৷ চুবুৰীয়া এজনে চিঞঁৰি কোৱা শুনিলো–’যাওক যাওক আপোনালোকেই বাচি থাকক গৈ। আমিবিলাক ইয়াতে মৰিম লাগে ৷’ মানুহজনৰ কটাক্ষ চিঞৰটো আজিও কাণত বাজি আছে৷
দ বেছেৰীয়া গাঁৱৰ পৰা গৈ ভোমোৰাগুৰি জাহাজ ঘাট পাওগৈ মানে প্ৰায় আবেলি হৈছিল । জাহাজ ঘাটত দেখিলো অজস্ৰ মানুহ, জাহাজত উঠি সিপাৰ হবলৈ হেতা-ওপৰা লগাইছে । মানুহৰ ভিৰ থেলি সৰু দাদাই আমাক কাউণ্টাৰৰ ওচৰলৈ লৈ গ’ল৷ জাহাজৰ কৰ্মচাৰী দুজনমানৰ সৈতে কথা পতা দেখিলো দাদাই । অলপ পিছত জাহাজৰ কৰ্মচাৰী এজন আহি দেউতাৰ সৈতে আমাৰ পৰিয়ালটোক জাহাজৰ ভিতৰলৈ লৈ গ’ল । দেউতাক নি কোনোমতে ভিতৰত বহুৱালেগৈ ৷ আমি বাকী বিলাক থিয় হৈ থাকিলো ৷ এটা সময়ত জাহাজ চলিল ৷ জাহাজখন চলাৰ পিছত তাৰ মানুহে দেউতাক কোৱা শুনিলো, সেইখনেই বোলে অন্তিম জাহাজ৷ সন্ধিয়া হ’লে জাহাজ চলোৱাটো বোলে সম্ভৱ নহ’ব৷ মানুহ নিয়ন্ত্ৰণ কৰাটোৱেই টান হ’ব ৷ আমাৰ দেউতাক বোলে জাহাজৰ মানুহে দেখিয়েই চিনি পাইছিল ৷ দেউতাই একেবাৰে সত্ৰাধিকাৰৰ সাঁজত গৈছিল৷ দেউতা ওখ-পাখ মানুহ আছিল৷ মানুহে দূৰৰ পৰাই দেখিলে দেউতাক চিনি পায় ৷ এটা সময়ত জাহাজ গৈ শিলঘাটত লাগিল গৈ ৷ আমি জাহাজৰ পৰা নামোতে এন্ধাৰ হৈছিল যদিও ঘাটত পৰ্যাপ্ত বিজুলী চাকিৰ ব্যৱস্থা কৰা হৈছিল৷ তেতিয়ালৈকে আমি নাজানো আমি কলৈ যাম, কেনেকৈ যাম! পুৱাৰ পৰা পেচাবকৰাৰ সময়-সুযোগ পোৱা নাছিলো ৷সেই কাৰণে ছেগ বুজি ওচৰতে অকণমান মুকলি ঠাই পাই মই পেচাব কৰিবলৈ গৈছিলো৷ হঠাৎ মোক ওচৰত নেদেখি মা-দেউতাহঁতৰ হাহাকাৰ লাগি গ’ল৷ মাজু দাদাই বিচাৰি গৈ মোক পেচাব কৰি থকা অৱস্থাতে পাই কাণখনত ধৰি দেউতাহঁতৰ ওচৰলৈ টানি লৈ আহিল৷
তেনেতে এজন বয়োজ্যেষ্ঠ লোক আমাৰ ফালে আগবাঢ়ি আহি দেউতাক মাত লগালেহি৷ তেখেতে দেউতাক চিনি পাইছিল৷ মানুহজনে নিজৰ পৰিচয় দাঙি ধৰি দেউতাক কলৈ যাব সুধিলে । দেউতাই একো ক’ব নোৱাৰাত তেখেতে আমাৰ পৰিয়ালটোক তেখেতৰ ঘৰলৈকে লৈ যোৱাৰ কথা কলে৷ দেউতায়ো আপত্তি নকৰিলে৷ তেখেতে পিছে পিছে মানুহৰ ভিৰৰ মাজেৰে আমাক লৈ গৈ জীপ এখনত বহুৱালেগৈ৷ তাৰ পৰা যাত্ৰা আৰম্ভ হ’ল৷ শিলঘাট টাউন পোৱাৰ পিাচত জীপখন ৰাখি আমাক নামিবলৈ ক’লে৷ প্ৰথমে আমি মানুহজনৰ ঘৰ পোৱা বুলিয়েই ভাবিছিলো৷ পিছত তেওঁ ক’লে সেইখন ভবানন্দ গোস্বামীৰ ঘৰ, শিলঘাট অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি৷ ভবানন্দ গোস্বামীয়ে দেউতাক জানে৷ তাতে আমাক মুখ-হাত ধুই ক্ষন্তেক জিৰাবলৈ ক’লে৷ কিয়নো পুৱাৰ পৰা আমাৰ পৰয়ালটোৱে ক’তো এধানমানি জিৰাবলৈ সুৰুঙা পোৱা নাছিলো৷ খোৱা-বোৱাৰ কথাতো বাদেই৷ ইফালে ঠাণ্ডা দিন৷ ভবানন্দ গোস্বামীৰ ঘৰত চাহ-তাহ খোৱাৰ পিছত আকৌ জীপত উঠিলো৷ বাটত যাওঁতেহে দেউতাৰ সৈতে হোৱা কথা-বতৰাৰ পৰা জানিব পাৰিলো মানুহ জনৰ নাম পদুম শৰ্মা৷ তেখেত হাটবৰৰ সমীপৰ শাকমুঠীয়া বাগিচাৰ বৰ কেৰাণী ৷ আমাক তেখেতে বাগিচাৰ কোৱাৰ্টাৰলৈকে লৈ গৈছে ৷ এটা সময়ত পদুম শৰ্মাৰ বাগিচাৰ কোৱাৰ্টাৰত উঠিলোগৈ ৷ ঘৰখনত ভৰি দিহে স্বস্তিৰ নিশ্বাস পেলালো৷ তেওঁলোকৰ তাত ৰেডিঅ’ আছিল৷ পুৱা-গধূলি ৰেডিঅ’ৰ ওচৰতে আমি কটাইছিলো যুদ্ধৰ বা-বাতৰি লৈ । শাকমুঠীয়া বাগিচাত আমি এসপ্তাহ মানহে থাকিলো৷ তাৰপৰা হাটবৰৰ মহা প্ৰিয়নাথ শৰ্মাৰ ঘৰলৈ আহিলো৷ সেইখন ক্ষীতিশ শৰ্মা(কানুদা,বৰ্তমান প্ৰয়াত), বিশিষ্ট সাহিত্যিক উপেন বৰকটকী(উমাদা)হঁতৰ ঘৰ ৷ নগাঁও-যোৰহাট ঘাই পথৰ দাঁতিতে ঘৰ৷ পুৱা গধূলী মিলিটাৰীৰ ডাঙৰ ডাঙৰ কনভয় অহা-যোৱা কৰি থাকে৷ আমি চোতালৰ পৰা বাই-বাই, টা-টা দিওঁ সেনা সকলক৷ মহাহঁতৰ ঘৰৰ কাষৰ স্কুলখনত এটা ডাঙৰ আশ্ৰয় শিৱিৰ পতা হৈছিল উত্তৰপাৰৰ পৰা ভাগি অহা মানুহখিনিৰ আশ্ৰয়ৰ বাবে৷ কানুদা-উমাদাহঁতৰ আঙুলিত ধৰি পুৱা-গধূলী প্ৰায়ে শিবিৰটোলৈ গৈছিলো৷ কানুদাহঁতে মানুহ বিলাকৰ খা-খবৰ লৈছিল৷
এটা সময়ত যুদ্ধৰ সমাপ্তিৰ খবৰ আহিল৷ আমিও প্ৰায় এমাহৰ পিছত নিজৰ গাঁও, নিজৰ ঘৰলৈ ঘূৰি আহিলো ৷ গাঁও আহি পোৱাৰ লগে লগে যোৱাৰ দিনটোৰ দৰেই চুবুৰীয়া মানুহখিনি আমাক চাবলৈ বাটলৈ ওলাই আহিল৷ মানুহখিনিক দেখি কিবা এটা অপৰাধবোধ জাগিছিল মনত৷ দেউতা গাড়ীৰ পৰা নমাৰ লগে লগে পূৰ্বৰ দৰেই সাদৰ-সম্ভাষণ জনালে মানুহখিনিয়ে৷ দেউতায়ো আটাইৰে কুশল-মঙ্গলৰ খবৰ ল’লে৷ তাৰ মাজৰে এজনে দেউতাক গহীনভাৱে কবলৈ নেপাহৰিলে,’আপানালোকে আমাক নিঠৰুৱাকৈ এৰি থৈ গৈছিল৷ আমি কিন্তু নমৰিলো৷ বৰঞ্চ আপোনালোকৰ বাৰী-ঘৰৰ কুটা এগছো হৰণ-ভগন হবলৈ নিদি ৰাতি ৰাতি পাল পাতি পহৰা দিয়াৰ ব্যৱস্থা কৰিলো৷’দেউতাই মানুহজনক কি ক’লে নুশুনিলো৷ আমাৰ মন কিন্তু মানুহখিনিৰ প্ৰতি কৃতজ্ঞতাৰে ভৰি গ’ল৷
আমি ঘৰলৈ ঘূৰি অহাৰ পিছত আমাৰ আত্মীয়-স্বজনে কোৱা শুনিছিলো তেজপুৰৰ দাঁতি কাষৰীয়া মানুহখিনিৰ বোলে সেইখিনি সময়ত অবৰ্ণনীয় অৱস্থা হৈছিল৷ সেইফালৰ পৰা আমি ঘৰৰ পৰা গুচি যোৱাটো শুভবুদ্ধিৰ পৰিচায়কেই আছিল ৷ অন্যথা চীনা সৈন্যই কচু কটা নিদিলেও যমৰ যাতনা ভূগিব লগীয়া হ’ল হেতেন৷ পিছতহে শুনিলো, তেজপুৰ টাউন জনশূন্য হৈ পৰিছিল । পগলা জেলৰ মানুহ বিলাকক জেলৰ ভিতৰৰ পৰা ৰাজপথলৈ উলিয়াই দিয়া হৈছিল৷ স্টেটবেঙ্কৰ টকা পদুম পুখুৰীলৈ দলিয়াই দিয়া হৈছিল৷ দুপৰ নিশালৈ বুঢ়া-মেথা, গৰ্ভৱতী মহিলা, কোলাই-বোকোচাই কেচুৱা বান্ধি পুৰুষ-মহিলাই হাতত যি পাৰে লাম-লাকটু লৈ খোজ কাঢ়ি, গৰুগাড়ীত উঠি যেয়ে যেনেকৈ পাৰে ব্ৰহ্মপুত্ৰ বালিচাপৰিলৈ ঢপলীয়াইছিল৷
এই ঘটনাই আমাৰ মনত যি গভীৰ সাঁচ বহুৱালে সেয়া কাহানিও পাহৰা সম্ভৱ নহয়৷আজিও চকুৰ আগত দৃশ্যবিলাক জলজল-পটপটকৈ ভাঁহি আছে৷(আগলৈ)