বড়ো জাতীয় দল-সংগঠনৰ দাবীক মানি লৈ ৰাজ্যৰ বড়ো মাধ্যমৰ উপৰিও আন বিদ্যালয় সমূহটো উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষত বড়ো মাধ্যমত অধ্যয়ন কৰিব পাৰিব ।
মাধ্যমিক শিক্ষা বিভাগৰ সচিবে জাৰি কৰা এক নিৰ্দেশনা যোগে জানিবলৈ দিছে এই কথা । লগতে শিক্ষা বিভাগৰ এই নিৰ্দেশনা ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত শীঘ্ৰে কাৰ্যকৰী কৰা হ’ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে।