ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ দুজন যুৱক ৰহস্যজনক সন্ধানহীন হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা ২৪ আগষ্টৰ পৰাই ৰহস্যজনক ভাবে অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ নোহোৱা হৈ আছে। যুৱক দুজন আঞ্জাও জিলাৰ খোপা আৰক্ষীৰ অধীনৰ দুইলিয়াং গাঁওৰ কে তিক্ৰৰ পুত্ৰ বাটেলুম টিক্ৰ (৩৩)(Batelum Tikro) আৰু একে জিলাৰে খোপা আৰক্ষীৰ অধীনৰ চিপৰংগাম গাঁওৰ মাৰাংলুং মান্যুৰ পুত্ৰ ব্যাইংচু মান্যু (৩৫) (Bayingso Manyu) বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে বিচাৰি থকাৰ উপৰিও অৰুণাচল প্ৰদেশ চৰকাৰেও বিচাৰ খোচাৰ কৰিছে যদিও এতিয়ালৈ সন্ধান উলিয়াব পৰা নাই। যুৱক দ্বয়ক চীনা সৈন্যই উঠাই নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে। দুয়োজন যুৱকে বন দৰৱ বিচাৰি যোৱা বুলি উল্লেখ কৰিছে। বন দৰৱ বিচাৰি যোৱাৰ পিছৰে পৰা যুৱক দুজন আঞ্জাওৰ চীন সীমান্তত সন্ধানহীন হয়। সন্ধানহীন যুৱক দ্বয়ৰ সন্ধান সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ দল সংগঠন সৰৱ হৈ পৰিছে। যুৱকদ্বয় প্ৰকৃততে কি হল তাৰ তদন্ত কৰাৰ দাবী উত্থাপিত হৈছে। দুজনকৈ যুৱক বিগত ২৪ আগষ্টৰ পৰাই সন্ধান হৈ আছে যদিও বিষয়টোৰ ক্ষেত্ৰত কোনো পক্ষই কোনো স্পষ্ট তথ্য দাঙি ধৰিব পৰা নাই। অৰুণাচল প্ৰদেশৰ আৰক্ষীয়েও অব্যাহত ৰাখিছে তদন্ত।