আজি কঙালী বিহু মানে কাতি বিহু ! কঙালী নামৰ এই বিহুটিৰ সংজ্ঞা সঁচাকৈয়ে যেন আজি বাস্তৱত পৰিনত হ’ব ধৰিছে ৷ আজিৰ পৰা কিছু বছৰ আগলৈকে কাতি বিহুক কঙালী বুলি কোৱাৰ বিশ্লেষণত আছিল – আহিন মাহত ধান ৰোৱাৰ শেষ হোৱাৰ পিছত অসমীয়াক ভোগালীৰ ভোগেৰে পুষ্ট হৈ ৰঙালীৰ আনন্দ উন্মাদনাৰ মাজলৈ লৈ যোৱাৰ বাট চিকুনায় ৷ প্ৰকৃতাৰ্থত সেয়া কঙালী নাছিল ৷ কাতিবিহু অসমীয়াৰ আটাইতকৈ বাস্তৱবাদী এক উৎসৱৰ নাম ৷ অসমীয়াৰ সংযমৰ অন্য এক নাম কাতি বিহু বা কঙালী বিহু ৷ ই অসমীয়াৰ সংযমী, সংগ্ৰামী সত্তৰ বীজ-বহনকাৰী বিহু ৷ উচ্ছৃঙ্খলতা-উন্মাদনাৰ বিপৰীতে কাতি বিহু চহা-অসমীয়াৰ সংযম-সাত্বিকতা-আধ্যাত্মিকতা আৰু সাহসিকতাৰ প্ৰতীক ৷ এইখিনি সময়ত চহা কৃষকৰ ভঁৰাল খালি বা শূন্য হৈ থাকে বাবে কঙালী বুলি কোৱা হৈছিল ৷ কিন্তু তাৰ মাজতো কৃষকৰ পথাৰ পৰিপূৰ্ণ থাকে নতুন শস্যৰ আগমনত ৷ কাতিৰ বিহু মাটিৰ বিহু; মাটিৰ সৈতে সম্পৰ্ক নথকাজনৰ কাতিৰ লগতো সম্পৰ্ক থাকিব নোৱাৰে ৷ গাঁৱলীয়া ঘটিৰাম-বাতিৰাম-কাতিৰামহঁতৰ আচল বিহু এই কাতিবিহু ৷ কিন্তু আজি কাতি বিহু প্ৰকৃতাৰ্থতেই কঙালীত পৰিণত হৈছে ৷ হিতাধিকাৰী সৃষ্টিৰে অসমীয়া সমাজখনক অকৰ্মন্যত পৰিণত কৰি পথাৰৰ পৰা আঁতৰাই আনিছে আজিৰ তথাকথিত জনপ্ৰিয় চৰকাৰখনে ৷ বিনামূলীয়া চৰকাৰী চাউলকেইটা পাই অসমৰ হোজা চহা খেতিয়কজনে আজি পথাৰলৈ পিঠি দিছে ৷ কৃষিক বাদ দি কাতি বিহু কেনেকৈ পালন হ’ব ? পথাৰখন নাই মানেইতো কঙাল হোৱা ৷ গেঁৰ ধৰা ধানৰ সজল ছবি বুকুত বান্ধি কাতি বিহুৰ কঙাল পৰিবেশ পাহৰি আশাৰ সপোনত ব্যস্ত আছিল অসমৰ কৃষক ৷ কৃষকৰ সপোনৰ ওপৰত ভৰষা ৰাখি সাধাৰণ ৰাইজ কঙালীৰ মাজতো ৰঙৰ ছবি আঁকিছিল ৷ কিন্তু আজি সেই প্ৰাণভৰা উচ্ছলাত নাই ৷ মূল সুতিৰ কৃষকৰ পথাৰখনৰ গৰিষ্ঠ অংশই যেন চন পৰি থাকে ৷
সময় বৰ নিষ্ঠুৰ ৷ এই কথাষাৰ দুনাই দোহৰাৰ প্ৰয়োজন নাই সময়ৰ লগে লগে সংস্কৃতি, কলা-কৃষ্টি সকলোতে পৰিৱৰ্তন আহে ৷ অতিমাত্ৰা ক’তোৱেই ভাল নহয় ৷ পৰিবৰ্তনৰ গইনা লৈ আমাৰ বাপতিসাহোন বিহুটোক পাহৰি যাব নালাগে ৷ দূৰ্গা পূজাৰ ধামখুমীয়াত পৰি বেছিভাগ অসমীয়াই কাতি বিহুৰ দিনা চৰকাৰী বন্ধ নোপোৱাৰ কাৰণে বেজাৰ কৰিছে চৰকাৰে সংস্কৃতি পাহৰি পূজা আদৰিছে বুলি ৷ বৰ্তমান পৰিস্থিত অসমীয়াৰ বাপতিসাহোন বিহুটি যেন কথমপিহে নিজৰ অস্তিত্ব ৰক্ষা কৰিব আছে ৷ কিছুমান হাড়ে হিমজুৱে অসমীয়া লোক আৰু আন কিছুমানে জুকাৰবাৰ্গৰ মাধ্যমত হ’লেও এই কাতি বিহুৰ অস্তিত্ব ৰক্ষা নকৰা হ’লে উত্তৰ ভাৰতীয় সংস্কৃতিয়ে বিহুটোক গ্ৰাস কৰিব ওলাইছে ৷ কেইবছৰমান আগলৈকে কাতি বিহুত তুলসীৰ তলত বন্তি জ্বলাই প্ৰাৰ্থনা কৰি ইঘৰ সিঘৰত প্ৰসাদ খাই আনন্দ কৰি ফূৰা এই বিহু পৰিবৰ্তন-গোলকীকৰণৰ প্ৰভাৱত তেনেই যেন ম্লান পৰিল ৷ ফেচবুকত ফটো এখন দি সকলো লৰ ধৰিলে বিশেষ শাৰদী উৎসৱলৈ ৷ তুলসীৰ তললৈ মৃগ পহু চৰাবলৈ ভগৱান – ৰাম আহিল নে নাহিল খবৰ লওঁতা নোলোৱাত ৰামেও যেন লজ্জ্বাহে পালে ৷ যি মহাকাব্যিক চিত্ৰ ভগৱান ৰামক লৈ ভাৰতীয় উত্তাল – সেই ৰামেও পৃ্ষ্ঠভঙ্গ দিলে – বানিজ্যিককৃত ধৰ্মৰ চেপাত ৷ অসমীয়া বাপতি সাহোন কাতিবিহুৰ দিনটোত যেন পাঠ্যপুথিতে আৱদ্ধ হৈ থাকিল – কাতি বিহু কি বুলি সুধিলে সেমেনা সেমেনি কৰা মানুহৰ পয়োভৰত বিহুটিৰ যুক্তিযুক্ততাও তুচ্ছ হৈ পৰা দেখি খঙত টিঙিৰীতুলা হোৱা মানুহক বেয়া পোৱা মানুহো বাঢ়ি আহিছে বৰ বিপদজনক ভাবে ৷
এই বিহুতেই আলোচিত হৈছে – আজি অসমীয়া ভাষা-সংস্কৃতি বিপদাপন্ন ৷ অসমীয়া সমাজ-স’স্কৃতিলৈ ভাবুকি আহি পৰিছে বুলি লিখা-মেলা হৈ আহিছে ৷ ঘৰে ঘৰে আলোচিত হৈছে ৷ বংগ, বিহাৰ, ৰাজস্থানৰ সংস্কৃতিয়ে ভিৰ কৰিছে অসমত ৷ অসমৰ নিজা কৃষ্টি-সংস্কৃতি পৰম্পৰা উৎসৱ-পাৰ্বণ আদিতকৈ বাহিৰৰ উৎসৱ-পাৰ্বণ আদিয়ে অসমত বেচিকৈ প্ৰধান্য লাভ কৰিবলৈ ধৰিছে বা কৰাবলৈ ধৰিছে ৷ কোনো ৰাজনৈতিক নেতাৰ নামঘৰত গুৰুআসনৰ সমুখত গুৰুআসনক পিচ দি হনুমান চালিচা পাঠৰ ঘটনা অসমীয়া জাতিৰ বাবে এক অশনি সংকেত বুলি আলোচিত হ’বলৈ ধৰিছে ৷ এয়া আমাৰ বাবে এক প্ৰত্যাহ্বান ৷ অসমত প্ৰধান্য পোৱা বল ব’ম, ভেলেণ্টাইন ডে, ৰ’জ দে আদি কোনো কাৰণতে অসমীয়া সংস্কৃতি অথবা পৰম্পৰা হ’ব নোৱাৰে ৷ আধুনিকতাৰ কবলত পৰি অসমীয়া জাতিৰ বাপতি সাহোন বিহুটিও আজি প্ৰবল প্ৰত্যাহ্বানৰ সমুখীন হৈছে ৷ বিহুক ৰাজনীতিকৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে ৷ অতীত প্ৰম্পৰা বা ঐতিহ্য ধ্বজাবাহী এক সাৰ্বজনীন সম্প্ৰীতিৰ উৎসৱ বা অসমীয়াৰ আয়ুস ৰেখা যেন নহয় এনে ধাৰণাই মনত শংকা আনি দিছে ৷ অতি জাতীয়তাবাদ আৰু ধৰ্মীয় সাম্প্ৰদায়িক সংকীৰ্নতায়ো সংকুচিত কৰিছে সাতামপুৰুষীয়া ভাতৃত্ববোধক ৷ এই ব্যাধিৰ সমাধান কেনেকৈ কৰা যাব , সেই চিন্তাৰ সময় আহি পৰিছে ৷ ভূপেন হাজৰিকাই ক’বৰ দৰে – আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ৰসাতলে যাব ৷ এক দেশ , এক ভাষাৰ পৰিকল্পনাত অস্তিত্বৰ শংকাত ভুগিছে অসমীয়া ৷ এজন অসমীয়া হিচাবে অসমৰ প্ৰতি বা অসমীয়া ভাষা- সাহিত্য, কৃষ্টি-সংস্কৃতি, সমাজ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ একো দায়িত্ব অথবা কৰ্তব্য নাই জানো ? আমি অসমীয়া হিচাবে নিজকে চিনাকি দিয়াৰ বাহিৰে আমি সামাজিক দায়বদ্ধতা কিমান পালন কৰিছোঁ ৷ আমি ভবিষ্যত প্ৰজন্ম বা বংশধৰসকলৰ বাবে অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি, সমাজ অথবা সুজলা-শ্যামলা এখন পৰিপূৰ্ণ অসম বিচাৰোঁ তেন্তে ঐক্যব্ধভাৱে প্ৰচেষ্টা হাতত ল’ব লাগিব ৷ অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিলৈ অহা সকলো প্ৰত্যাহ্বান সি ৰাজনৈতিকেই হওক বা বহিৰাগত অনা-অসমীয়াৰ আক্ৰমণেই হওক প্ৰতিহত কৰি আমাৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিবলৈ আজি অসমীয়াই নিজকে উচ্ছৰ্গা কৰি অসম আৰু অসমীয়াৰ ভবিষ্যত সুৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব এই বিহুতেই ৷
যিহওক কঙাল বা অভৱ অনাটনৰ দিনত আমাৰ আজিৰ বিহু উদযাপিত হ’লেও ইয়াৰ প্ৰাসংগিকতা এৰাই চলিব নোৱাৰি ৷ অসমীয়া জাতীয় জীৱনত কাতি বিহুৰ পৰম্পৰাই অসমীয়া সমাজখনৰ পৰিচয় দাঙি ধৰিছে ৷, আমাৰ সামাজিক, সাংস্কৃতিক জীৱনক সমৃদ্ধ কৰিছে ।