অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-২০ বিশ্বকাপত আজি বাংলাদেশৰ বিৰুদ্ধে জয়ী হোৱাৰ পাছতে ছেমি ফাইনেলৰ দিশে আৰু এখোজ আগুৱালে ভাৰতে ।
বুধবাৰে অনুষ্ঠিত বাংলাদেশৰ বিৰুদ্ধে শীৰ্ষ ১২ খেলখনত বাংলাদেশে টচত জয়ী হৈ প্ৰথমে ভাৰতক বেটিংৰ বাবে আমন্ত্ৰণ জনাই । প্ৰথমে বেট ধৰি ভাৰতে ২০ অ’ভাৰৰ বিনিময়ত ৬ উইকেট হেৰুৱাই ১৮৪ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বিৰাট কোহোলিয়ে সৰ্বাধিক ৬৪(৪৪) ৰাণ কৰাৰ উপৰিও অপেনাৰ কে এল ৰাহুলে ৫০(৩২) ৰাণ কৰে।
প্ৰত্যুত্তৰত বাংলাদেশৰ অপেনাৰ লিটন দাসৰ বিস্ফোৰক বেটিংৰ সহায়ত সুন্দৰ আৰম্ভণি কৰিছিল যদিও বৰষুণে বিধি পথালি দিয়ে খেলখনত । বৰষুণৰ বাবে ১৬ অ’ভাৰলৈ হ্ৰাস কৰে আৰু ১৫১ ৰাণৰ টাৰ্গেট বান্ধি দিয়ে। অৱশেষত খেলখনত ৫ ৰাণত পৰাস্ত হয় বাংলাদেশ । এই জয়েৰে শীৰ্ষ ১২ গ্ৰুপ বিৰ শীৰ্ষস্থান দখল কৰিলে ভাৰতে ।
উল্লেখ্য যে এই খেল খনতে টি-২০ বিশ্বকাপত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ হিচাপে পৰিগণিত হ’ল বিৰাট কোহোলি