ইলোৰা বিজ্ঞান মঞ্চই জন্মলগ্নৰে পৰা প্ৰতি বছৰে ১০ ডিচেম্বৰত আধুনিক অসমৰ অগ্ৰদূত, “হেমকোষ” অভিধানৰ প্ৰণেতা, অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া তথা “অসমীয়া ভাষাৰ ওজা” পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো “অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস” হিচাপে পালন কৰি আহিছে।
এইবেলি হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই “অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস”টি পালনাৰ্থে “অৰিয়াণ্টলী হাই স্কুল”ত সংগতিপূৰ্ণ বিভিন্ন বিষয় সামৰি এখনি সজাগতামূলক আলোচনা সভাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা এখনিও অনুষ্ঠিত কৰে।
ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সম্পাদক প্ৰজিত নাথে আঁত ধৰা সভাখনৰ আৰম্ভণি মঞ্চৰ শীৰ্ষ-সংগীতেৰে হয়। অৰিয়াণ্টলী হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্বজিৎ পালৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সহকাৰী সম্পাদক কাবেৰী ডেকা নাথে। সভাত হেমচন্দ্ৰ বৰুৱাৰ বিজ্ঞানমনস্ক চিন্তা-কৰ্মৰ লগতে আন প্ৰাসংগিক বিষয়ত বক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত শিক্ষক ৰেৱতী মোহন দাস আৰু প্ৰেমানন্দ নাথে। শিক্ষক সুধীৰ চাহু আৰু সঞ্জয় দাসেও আজিৰ দিৱসটিৰ সৈতে সংগতি ৰাখি বক্তব্য প্ৰদান কৰে।
উক্ত সভাখনত বিদ্যালয়ৰ পুথিভঁৰাললৈ ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ ফালৰ পৰা ড° শিৱনাথ বৰ্মনৰ দ্বাৰা সম্পাদিত আৰু ইলোৰা বিজ্ঞান মঞ্চৰ দ্বাৰা প্ৰকাশিত “অসমত বিজ্ঞানমনস্কতাৰ বাটকটীয়াঃ হেমচন্দ্ৰ বৰুৱা” শীৰ্ষক কিতাপখনি আগবঢ়োৱা হয়।
ইয়াৰোপৰি দিৱসটি উদযাপনৰ অৰ্থে সভাৰ শেষত অনুষ্ঠিত হোৱা মুকলি কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে মঞ্চৰ শাখাটিৰ সাংস্কৃতিক বিভাগৰ সম্পাদক পম্পী শইকীয়াই। কুইজ প্ৰতিযোগিতাখনিত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটাসমূহ বিতৰণ কৰাত সহায় কৰাৰ লগতে অনুষ্ঠানটিৰ শেষত উপস্থিতসকলৰ মাজত বিজ্ঞানমনস্কতাৰ সপক্ষে প্ৰচাৰ-পত্ৰ বিতৰণ কৰে শাখাৰ অন্যতম সক্ৰিয় সদস্য ৰিতিক কৰণে।
সভাপতিৰ চমু মন্তব্যৰ পাছতে শলাগৰ শৰাই আগবঢ়ায় শাখাৰ আন এগৰাকী সহকাৰী সম্পাদক নাজমল হুছেইন ভূঞাই।