মানুহজন সম্পৰ্কত শিল্পী প্ৰয়াত ৰত্ন ওজাই কৈছিল – “এজন মানুহতে ইমান গুণৰ সমাহাৰ- ভাবিলে আচৰতি লাগে৷ তেখেতে ৰাজেন দাস সম্পৰ্কীয় এটা লেখাত এনেদৰে উল্লেখ কৰিছিল-“অসমৰ নাট্যকলা কাননত শৌভিক ফুল ফুলে শতপত্ৰৰ মৰ্যাদাৰে৷ এনে মৰ্যাদা সম্পন্ন অভিনেতাৰহে সম্ভৱ হয় সবিতাৰ সময় সচেতন কলা-সেনাৰ যোগ্যতা লাভৰ৷ মোৰ দৃষ্টিত অসমৰ দ্বাৰকা-মথুৰাপুৰী বৰপেটা বৰধামৰ চৌধ্য প্ৰসংগৰ সুমধুৰ-সুমংগল ধ্বনিৰে বিধৌত নহাটীৰ বাটঘৰৰ নিচেই নিকটৰ গৃহ এটিত ওপজা ৰাজেন, ৰাজেন দাস, ৰাজিন-বেকাৰী, ৰাজেন মৌজাদাৰ জন্মসূত্ৰে এনে মৰ্যাদা বিশিষ্ট মালাৰে বিভুষিত৷”
বৰপেটাৰ কিংবদন্তি স্বৰূপ এসময়ৰ মঞ্চ তথা বোলছবি অভিনেতা আৰু জাতীয় চেতনাৰে উদ্বুদ্ধ অতি সচেতন সমাজসেৱী ৰাজেন দাসৰ ১২ মাৰ্চ, ২০২৩ত ৪৬ সংখ্যক মৃত্যু দিৱস৷ আদৰ্শক খামুছি ধৰি দৰিদ্ৰতাক সাৱটি লোৱা ব্যক্তিজনেই আছিল ৰাজেন দাস৷ আত্ম সন্মানবোধৰ লগতে আভিজাত্যৰ প্ৰকাশ আছিল তেওৰ অন্য এক ব্যক্তিত্ব৷ গণতন্ত্ৰত বিশ্বাসী, ব্যক্তি স্বাধীনতা, স্বকীয় ৰাজনৈতিক চিন্তাধাৰাৰ এক বৰ্ণিল চৰিত্ৰৰ ব্যক্তি আছিল ৰাজেন দাস৷
১৯৩৪ চনত বৰপেটাৰ নখন্দা পথাৰত মহাত্মা গান্ধীৰ ভাষণে তেওঁ অনুপ্ৰাণিত কৰিছিল৷ সেই সভাত ৰাজেন দাসে নিজহাতে একেঘাপে ‘ডাব’ কাটি মহাত্মা গান্ধীক ডাবৰ পানী খুওৱাৰ সৌভাগ্য লভিছিল৷ বিয়াল্লিছৰ আন্দোলনত যোগদান কৰি তিনিমাহৰ কাৰাবৰণ কৰে৷ দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি জুৰুলা হোৱা ৰাজেন দাসক সহায় কৰিছিল স্কুলীয়া জীৱনৰ শিক্ষাগুৰু শ্ৰী জগদীশ মেধিয়ে(পিচলৈ এডভোকেট জেনেৰেল)৷ তেওঁৰ চোতালত গানৰ মজলিচ পাতি দাসৰ মনলৈ মানসিক শান্তি ঘূৰাই আনিছিল বিষ্ণু ৰাভাই৷ জীয়াই থকাৰ সংগ্ৰাম৷ লঘোণে থাকিবলগীয়া হৈছিল একেৰাহে দুই-তিনি সাজকৈ ৷
স্বাধীন ভাৰতৰ জাতীয় চৰকাৰৰ পৰা মুক্তি যোদ্ধা হিচাপে সুলভ মূল্যত চিনি, আটা, ময়দাৰ অনুদান পাই “হেম বিস্কুট ফেক্টৰী” নামেৰে বৰেপটাত এখন বেকাৰী খোলে৷ সেইমৰ্মে তেওঁ ৰাইজৰ মাজত “ৰাজিন বেকাৰী” বুলি জনাজাত হয়৷ উল্লেখযোগ্য যে ৰাজেন দাসৰ বিস্কুট ফেক্টৰীটো অসমৰ প্ৰথম বিস্কুট ফেক্টৰী (মেচিনৰ সহায়ত বিস্কুট তৈয়াৰ কৰা) বুলি জনা যায়৷
জীৱনৰ ঘাট প্ৰতিঘাট পাৰ হৈ আহি শেষলৈ ৰাজেন দাস হৈছিলগৈ মৌজাদাৰ৷ আধুনিক কলাছিয়াৰ ৰূপৰেখা সৃষ্টিৰ অন্যতম খনিকৰ ৰাজেন দাসে ২৫ বছৰ কাল কলগাছিয়াত ৰূপসী মৌজাৰ মৌজাদাৰৰ দায়িত্বত থাকি বৃহত্তৰ কলগাছিয়াৰ ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীৰ লগত মিলি গৈ শিক্ষা-সাংস্কৃতিক আৰু বিভিন্ন সামাজিক কামত আত্মনিয়োগ কৰিছিল৷ ৰাজেন দাসৰ চেষ্টাতেই কলগাছিয়াত গঢ় লৈ উঠিছিল ষ্টেট ডিচপেনচেৰী, পশু চিকিৎসালয়, সাপ্তাহিক হাট-বজাৰ, ব্লক অফিচ আদি৷ এই অঞ্চলৰ প্ৰাইমেৰী, এম্ ই স্কুল, হাইস্কুল আদি স্থাপন কৰি ন-অসমীয়া মুছলমান সমাজখনৰ মাজত শিক্ষাৰ পোহৰ বিলাবলৈ যত্ন কৰিছিল৷ দুখীয়া জনগণৰ মাটিৰ খাজনা আদিৰ ক্ষেত্ৰত সকাহ দিবলৈ চেষ্টা কৰি নিজে আৰ্থিক সংকটৰ সমুখীন হৈছিল৷ আধুনিক কলগাছিয়া নিৰ্মার্নত সহায় হৈছিল সেই সময়ৰ সাংসদ পিছলৈ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ লগতে স্থানীয় মাতব্বৰ আৰু লোকেল বোৰ্ড৷ কলগাছিয়াৰ প্ৰতি ৰাজেন দাসৰ এই অৰিহণাৰ প্ৰতি শ্ৰদ্ধা জনাই ৰহা-কলগাছিয়া পথটো ৰাজেন দাসৰ নামত অৰ্পণ কৰি নামকৰণ কৰিছে৷
এবাৰ, বৰপেটাৰ কমিউনিষ্ট নেতা প্ৰমোদ চৌধুৰীৰে বিষ্ণু ৰাভাৰ লগত ৰাজেন দাসৰ ঘৰলৈ আহি ৰাজেন দাসৰ পৰা কমিউনিষ্ট পাৰ্টিৰ বাবে সহায় বিচৰাত লগত থকা বিষ্ণু ৰাভাই কৈছিল – “নালাগে দিয়া, ৰাজেনৰ পইছা মোক নালাগে, সি কিমান ধনী মৌজাদাৰ মই জানোঁ দিয়া৷ ৰাভাই হয়তো মনত পেলাইছিল ৰাজেন দাসৰ দুখৰ দিনত তেওঁৰ চোতালত সংকীৰ্তন গাই মানসিক শান্তি প্ৰদান কৰাৰ কথা৷
১৯৩৫ চনৰ কথা৷ সেই সময়ৰ অসমৰ লাটবাহাদুৰ মাইকেল কীন৷ বৰপেটা সত্ৰ দৰ্শন কৰিবলৈ অহাৰ কথা৷ চলি অহা নিয়মৰ বিপৰীতে গৈ সেই সময়ৰ সত্ৰ কতৃপক্ষই লাটবাহাদুৰক জোতাৰে নামঘৰৰ ভিতৰলৈ প্ৰৱেশৰ যো-জা কৰিছিল৷ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ডেকাদলৰ সদস্য ৰাজেন দাস সমন্বিতে কেইজনমানে এই সম্ভাব্য ঘটনাৰ বিৰুদ্ধে উঠি-পৰি লাগিছিল৷ ডেকাদলৰ সদস্য ৰাজেন দাসহঁতক কোৱা হ’ল কীৰ্তনঘৰৰ তিনিফালে থকা নহাটী, দক্ষিণহাটী আৰু উত্তৰহাটীৰ বাট-চ’ৰাত “Get down from all shorts of vehicles” আৰু কীৰ্তনঘৰৰ সমুখত “No admission with shoes on” এই বুলি চাইন-বোৰ্ড মাৰিবলৈ৷ সেইমতে ৰাজেন দাসহ’তে চাইনবোৰ্ড লগায়৷ ইমানৰ পিচতো লাটবাহাদুৰ কীৰ্তন ঘৰৰ ভিতৰত জোতাৰে প্ৰৱেশ কৰে৷ ৰাজেন দাসে এই ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সত্ৰ কতৃপক্ষক চাৰিঅনা জৰিমনা ভৰিব লগা হৈছিল৷ সেই তেতিয়াৰ পৰাই বৰপেটাৰ কীৰ্তনঘৰৰ সমুখৰ ‘দালান’ত ‘জোতাৰে প্ৰৱেশ নিষেধ’ আৰু তিনিটা বাট-চ’ৰাত ‘ইয়াৰ পৰা হাতী, ঘোৰা, মটৰ, চাইকেল আদিত উঠি যোৱা নিষেধ’ চাইনবোৰ্ড আজিও প্ৰতিভাত হৈ আছে৷
ডেকাকালত ‘চন্দ্ৰকান্ত সিংহ’ৰ সৎৰামৰ চৰিত্ৰ ৰূপায়ণ কৰি অভিনয় জীৱনৰ পাতনি মেলি, বিভিন্ন মুখ্য চৰিত্ৰ আৰু নাম ভুমিকাত অভিনয় কৰি সুনাম অৰ্জন কৰাৰ লগতে বৰপেটাৰ নাট্যাভিনয়ৰ জগতখনৰ হৈ সুনাম কঢ়িয়াই অনাত অৰিহণা যোগাইছিল৷ মঞ্চাভিনয়ৰ উপৰিও তেওঁ ‘সংগ্ৰাম’, ‘সন্তান’, ‘উপগ্ৰহ’, ‘অপৰাজেয়’ , ‘কাজিৰঙাৰ কাহিনী’ আদি কথাছবিত অভিনয় কৰি কথাছবিতো অভিনয়ৰ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হৈছিল৷


বিদ্ৰোহী কবি, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰসন্নলাল চৌধুৰীৰ অনুপ্ৰেৰণাত ৰাজেন দাসৰ অভিনয় প্ৰতিভা গঢ় লৈ উঠিছিল৷ শ্ৰী প্ৰসন্নলাল চৌধুৰীয়ে ৰাজেন দাসক নাটকত ভাও দি আখৰা কৰিলেই যেতিয়া বচনৰ সলনি ৰাজেন দাসৰ হাঁহিহে ওলাইছিল তেতিয়া বহুদিনলৈ অভিনয় কৰাৰ পৰা চৌধুৰীয়ে ৰাজেন দাসক আঁতৰত ৰাখিছিল৷ শ্ৰী প্ৰসন্নলাল চৌধুৰীৰ সেই আশীৰ্বাদ স্বৰূপ শাস্তিয়ে ৰাজেন দাসৰ হাঁহিৰ সফুঁৰাতো ধ্বংস কৰি পিচলৈ তেওঁক এজন সুদক্ষ মঞ্চাভিনেতা ৰূপে পৰিগণিত কৰিলে৷ প্ৰসন্ন লাল চৌধুৰীৰ লগত পিচলৈ কেইবাখনো নাটকত দাসে অভিনয় কৰে, বিশেষকৈ “বৰমানুহৰ দোলাত “ প্ৰসন্ন লাল চৌধুৰীয়ে দোলাভাৰিৰ অভিনয় কৰাৰ বিপৰীতে ৰাজেন দাসে বৰ মানুহৰ ভাও ৰূপায়িত কৰিছিল৷
চীন ভাৰতৰ যুদ্ধৰ পটভূমিত লিখা ফণী তালুকদাৰৰ “জুয়ে পোৰা সোণ” নাটখন দিল্লীত মঞ্চস্থ কৰাৰ সময়ত মোনপা গাম ‘ঙৈছেং’ৰ চৰিত্ৰত ৰাজেন দাসৰ ব্যক্তিত্বপূৰ্ণ অভিনয় আৰু চকুমুখৰ প্ৰকাশভংগী দেখি নাট্য সমালোচকে মন্তব্য কৰিছিল- ‘এওঁক দেখোন আমাৰ চোৰাংচোৱা হিচাপে নেফালৈ পঠিয়াব পাৰি৷’ বৰপেটাৰ ‘মিলন মন্দিৰ ৰঙ্গমঞ্চ’ত একেৰাহে বাইশ নিশা মঞ্চস্থ হোৱা ‘বেউলা’ নাটকৰ ‘চান্দ সদাগৰ’ৰ ভাওত বলিষ্ঠ অভিনয়ৰে দৰ্শকক আপ্লুত কৰিছিল৷ ‘বেউলা’ নাটকখন শ্বিলঙত মঞ্চস্থ কৰাৰ সময়ত ৰাজেন দাসৰ অভিনয় দেখি সমলোচকে মন্তব্য কৰিছিল– “Rajen Das as a ‘Chand Sadagar will be rememberd for days to come. ‘সংগ্ৰাম’ কথাছবিৰ চুটিঙৰ সময়ত কলিকতাৰ ছাউণ্ড ৰেকোৰ্ডিষ্ট ‘জে. ডি. ইৰাণীকে ধৰি ইউনিটৰ কলা-কুশলীসকলে অভিধা দিছিল – ‘আসামেৰ ছবি বিশ্বাস’ বুলি৷
মিলন মন্দিৰত বৃত্ৰাসুৰ নাটকত ৰাজেন দাসে প্ৰচন্দ পেটৰ বিষৰ বাবে অভিনয় কৰিব নোৱাৰা হ’ল৷ খবৰটো বৰপেটা চহৰত বিয়পি পৰাত বিক্ৰী হোৱা টিকট ঘূৰাই নিবলৈ দৰ্শকে হুলস্থুল লগাই দিলে৷ কাৰণ বিশেষকৈ ৰাজেন দাসৰ অভিনয় চাবলৈহে দৰ্শকে ভিৰ কৰিছিল – ৰাজেন দাস অবিহনে নাটক চাবলৈ দৰ্শক ইচ্ছুক নাছিল৷ টিকট ফিৰাই বিচৰা খবৰটো ৰাজেন দাসৰ কাণত পৰাত ঘৰৰ ওচৰৰে ডাক্তৰক ক’লে – “ডাক্তৰ, মোক ষ্টেজত থিয় কৰাই দিয়াৰ ব্যৱস্থা কৰক, বাকীখিনি মই পাৰিম৷” আৰু প্ৰতিটো দৃশ্যৰ শেষত এটা এটা বিষৰ বেজী লৈ অভিনয় কৰি দৰ্শকক সন্তুষ্ট কৰিছিল৷

বৰ্ণনা কৰি শেষ কৰিব নোৱাৰা উপোন্যাসোপম কাহিনীৰে ভৰপূৰ আছিল ৰাজেন দাসৰ জীৱন৷ জীৱন সংগ্ৰামৰ এক অক্লান্ত, অপৰিশ্ৰান্ত সৈনিক বোলা কথাটো এক খাপ খোৱা বিশেষণ কৰি সোণত সুৱগা চৰাই গাঁথি দিব পাৰি, ৰাজেন দাস নামেৰ মানুহজনৰ ক্ষেত্ৰত৷ দোকানৰ ‘গোমস্তা’, সত্ৰাধিকাৰৰ ৰান্ধনী, কাপোৰৰ দোকানৰ ‘চেলস-মেন্’ সৰিয়হৰ ব্যৱসায় , আফিঙৰ দোকান, তামোলৰ ব্যৱসায়, বেকাৰী ব্যৱসায়, অসমৰ প্ৰথম বিস্কুট ফেক্তৰী স্থাপন কৰোঁতা, স্বাধীনতা আন্দোলনত অংশগ্ৰহণ, মৌজাদাৰ, সমাজসেৱী, মঞ্চাভিনয়, কথাছবিৰ অভিনয় ইত্যাদিকে ধৰি বাৰে-ৰহণীয়া তথা বাৰে-বৰণীয়া প্ৰতিভাই ঠাই পাইছিল ৰাজেন দাস নামৰ এই একেজন মানুহৰ জীৱনত৷ আজি তেখেতৰ মৃত্যু তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ৷
