দেশৰ বিৰোধী দল সমূহৰ অন্যতম চিপিআইএমৰ অসম ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে বিজেপি দলক তীব্ৰ সমালোচনা কৰি বিজেপি বৰ সুবিধাজনক অৱস্থাত নাই বুলি মন্তব্য কৰে।
এই মন্তব্য কৰি তেখেতে সামাজিক মাধ্যমত লিখিছে- “ সেই কথা ভু-ৰাখোঁতাই বুজি পায়। সেয়ে মোডীয়ে অভিন্ন দেৱানি আইনৰ আশ্ৰয় লৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই ‘মিঞা’ বিদ্বেষৰ। কিন্তু তাকে কৰিবলৈ গৈ কেতবোৰ চূড়ান্ত মিছা কথা কৈছে।যেনে ‘মিঞা’ৰ হাতত শাক-পাচলি উৎপাদন কেন্দ্ৰীভূত হোৱাৰ বাবে অসমীয়া মানুহখিনিৰ পৰা ইচ্ছামতে দাম লৈছে বাবে দাম বাঢ়িছে।কিন্তু দাম বাঢ়িছে সমগ্র দেশত।এতিয়া মুদ্ৰাস্ফীতি যোৱা তিনিমাহৰ ভিতৰত সৰ্বোচ্চ আৰু ঊৰ্ধ্বমুখী।মোডী নেতৃত্বাধীন ‘পৰম শক্তিধৰ’ চৰকাৰখনৰ ভুল আৰু জনবিৰোধী নীতিৰ বাবে দামবৃদ্ধিৰ দৈত্যটোই দেশবাসীক জলাকলা খুৱাইছে।অসমত ইয়াৰ লগত মধ্যভোগী আৰু ছিণ্ডিকেটৰ দৌৰাত্ম্য যোগ হৈ দামৰ প্ৰকোপ আৰু বঢ়াইছে।মধ্যভোগী আৰু বিশেষকৈ ছিণ্ডিকেটক চৰকাৰে লেকাম নলগায়,কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰিগেডটোৱে ইয়াৰ নেতৃত্বত আছে।এই কথাবোৰৰ পৰা দৃষ্টি আঁতৰাবলৈয়ে ‘মিঞা’ৰ বাবে দামবৃদ্ধিৰ তত্ত্বৰ অৱতাৰণা।
নিৰ্বাচন আহিব আৰু যাব,কিন্তু অসমত এই বিষাক্ত বিভাজনৰ ৰাজনীতিৰ পৰিণতি কি হ’ব? মুখেৰে যিয়েই নকওক,সকলোৱে জানে ৰাজ্যখনত থকা লাখ লাখ পূৰ্ববংগীয় মুছলমান মানুহ ইয়াতে থাকিব,কলৈকো নাযায়।তেনেহ’লে ‘মূলসুঁতি’ৰ সমাজখনৰ সৈতে তেওঁলোকক সম্পৃক্ত কৰিলে অসমৰ ভৱিষ্যতৰ বাবে মংগল নে তেওঁলোকক একাষৰীয়া কৰি ৰখাটো।সকলোৱে ভাবিবৰ হ’ল অসম আৰু অসমীয়াৰ বাবে বিজেপিয়ে এই ৰাজনীতি কৰি আছে নে নিজৰ সংকীৰ্ণ ৰাজনৈতিক লাভৰ বাবে?”
লগতে পঢ়কঃ জৰুৰীকালীন অৱস্থা আৰু আৰ এছ এছ