ফুলগুড়ি বিদ্রোহ যাক ‘ফুলগুড়িৰ ধেৱা’ নামেৰে জনা যায়, ইয়াৰ আৰম্ভ হৈছিল ১৮৬১ চনত ব্রিটিছ চৰকাৰে আফিং খেতিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছত। এই নিষেধাজ্ঞাৰ পিছতেই জনজাতীয় প্ৰধান অঞ্চলটোৰ লোকসকল বিক্ষুব্ধ হৈ পৰে। একে সময়তে তামোল পাণৰ ওপৰত কৰ আৰোপ কৰিব বুলি বাতৰি প্ৰচাৰ হোৱাত হাজাৰ হাজাৰ লোকে সদৰ থানাৰ সমুখত বিক্ষোভ প্ৰদৰ্শন কৰি এই কৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। কিন্তু লেঃ হাৰবার্ট স্মনে কৃষকৰ অভিযোগ মানিবলৈ অস্বীকাৰ কৰে। অসন্তুষ্ট কৃষকসকলে ১৫ অক্টোবৰ পৰা সংগঠিত কৰা ৰাইজমেলত কৃষকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই অহাত প্ৰতিবাদী জনতাক ছত্ৰভংগ দিবলৈ পুলিচে প্ৰথমে লাঠী ছালনা কৰে পিছত গুলি ছালনা কৰাত ৩৯জন লোকৰ মৃত্যু হয়, বিক্ষুব্ধ ৰাইজে পুলিচ কমিছনাৰ ছিংগাৰক মৰিয়াই হত্যা কৰি কলং নৈত উটুৱাই দিয়ে। এই ঘটনাৰ বিচাৰৰ নামত কেইবাজনো লোকৰ যাবজ্জীবন কাৰদণ্ড আৰু কেইজনমানৰ ফাঁচী হয়। ফুলগুৰিৰ ধেৱাক অসমত কৃষক আন্দোলনৰ আৰম্ভণি বুলি কোৱা হয়।
ইয়াৰে পিছতে অসমৰ নানা ঠাইত প্ৰতিবাদ আৰম্ভ হয়। ৰাইজমেলৰ সংখ্যা দিনে দিনে বাঢ়ি আহিবলৈ ধৰে।
কিন্তু ১৮৮৬ চনত ব্ৰিটিছে ‘অসম ভূমি ৰাজ বিধি” (Assam Land Revenue Regulation) প্ৰয়োগ কৰি এফালে ৰায়তৰ ভূমিৰ ওপৰত থকা মালিকীস্বত্ব স্বীকাৰ কৰে, আৰু আনহাতে ভূমিক তিনিটা শ্ৰেণীত ভাগ কৰি প্ৰতি ১০ বছৰৰ মূৰে মূৰে খাজনা বৃদ্ধিৰ সিদ্ধান্ত লয়। এই ৰাজহ ১৮৯২ চনৰ পৰা খাটাং কৰে আৰু আগতকৈ ৭০-১০০% বৃদ্ধি কৰে।
ফলত বহু ঠাইত ৰাইজমেল অনুষ্ঠিত হয় আৰু ৰায়তসকল প্ৰতিবাদী হৈ উঠে। খাজনা কমাবৰ বাবে ১৬,৪৮৬ খন আবেদন প্ৰেৰণ কৰা হৈছিল কিন্তু ইংৰাজৰ গা নলৰে।
ৰাইজমেলৰ সংখ্যা বাঢ়ি যায় আৰু ৰাইজমেলৰ তৰফৰ পৰা ঘোষণা কৰা হয় যে নতুনকৈ নিৰ্ধাৰিত বেছি হাৰত খাজনা দিয়া নহব আৰু যিসকলে দিয়ে তেওঁলোকক সামাজিক ভাৱে সমাজচ্যুত কৰা হ’ব।
এনেদৰেই ৰাইজমেলৰ হোৱা আলোচনাৰে ঠিক কৰা হৈছিল প্ৰতিৰোধৰ ৰণনীতি। অসমৰ ইতিহাসত ফুলগুড়ি বিদ্রোহৰ কথা সোণালী আখৰেৰে লিখা থাকিব।