গুৱাহাটী, ২১ জুলাইঃ ২০ জুলাইৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। অধিৱেশনৰ মাজতে মণিপুৰৰ হিংসাক লৈ হুলস্থূলীয়া পৰিৱেশে বিৰাজ কৰিছে সংসদ। বিৰোধীৰ প্ৰতিবাদৰ বাবে ১২ বজালৈকে সংসদৰ কাম কাজ স্থগিত ৰাখে। সংসদৰ মজিয়াত মণিপুৰৰ বিষয়টো চৰকাৰী ফালৰ পৰা আলোচনা নকৰাত বিৰোধীয়ে প্ৰতিবাদ কৰাত অৱশেষত শাসকীয় পক্ষই বিষয়টো আলোচনাৰ বাবে সাজু হৈছে।
লোকসভাৰ অধ্যক্ষই বক্তব্য দিবলৈ আহ্বান জনোৱাৰ পাছতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাত কয় যে কেন্দ্ৰই উত্তৰ-পূবৰ ৰাজ্যখনৰ আইন-শৃংখলা সন্দৰ্ভত সকলো বিষয় আলোচনা কৰিবলৈ সাজু আৰু ইচ্ছুক । ৰাজনাথ সিঙে লগতে কয় যে মণিপুৰৰ ঘটনাটো নিশ্চিতভাৱে এক অতি গুৰুতৰ বিষয় আৰু পৰিস্থিতি অতি চিন্তনীয়। যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছে যে ৰাজ্যখনত যি ঘটিছে সমগ্ৰ দেশকে লজ্জানত কৰিছে।
আনহাতে মণিপুৰৰ পৰিস্থিতিকলৈ কৰা হুলস্থূল বাবে বিৰোধীক হে ওলোটাই সমালোচনা কৰে ৰাজনাথ সিঙে। বিৰোধীলৈ অভিযোগৰ আঙুলি টোৱাই কয় যে মণিপুৰক লৈ যাতে আলোচনা হ’ব নোৱাৰে তাৰ বাবে কিছুমান ৰাজনৈতিক দলে সংসদত এক অপ্ৰয়োজনীয় হুলস্থূলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে।
মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে ঘটনাটোৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিছে। এতিয়া প্ৰশ্ন হয় বিৰোধীৰ প্ৰতিবাদৰ পাছতে কিয় আলোচনা কৰিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ?