সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণ বন্ধ নকৰিলে পদত্যাগ কৰাৰ ঘোষণা
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি পলায়ন কৰাৰ পিছত বাংলাদেশত সৃষ্টি হোৱা বিদ্ৰোহাত্মক ব্যাপক অৰাজক পৰিস্থিতিৰ পিছত সকলো ধৰণৰ হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলাবলৈ আহ্বান জনাইছে নতুনকৈ শপত গ্ৰহণ কৰা বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছে । তেখেতে নিজৰ মন্তব্যত সংখ্যালঘুৰ ওপৰত চলা সাম্প্ৰদায়িক আক্ৰমণ তথা হিংসা বন্ধ নহ’লে পদত্যাগ কৰিব বুলিও সকীয়াই দিয়ে।
উল্লেখযোগ্য যে, ২০২৪ চনৰ ৬ আগষ্টত বাংলাদেশৰ সংসদ ভংগ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পিছত ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে ছাত্ৰসকলৰ দাবীত ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ মনোনীত কৰে। যোৱা ৮ আগষ্টত মহম্মদ ইউনুছে বাংলাদেশ গণৰাজ্যৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে এই পদ গ্ৰহণ কৰে।
পুৰ্বৰ এক বিবৃতিত ছাত্ৰ নেতা, সামৰিক বাহিনী আৰু ৰাষ্ট্ৰপতিৰ অনুৰোধত অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিয়াৰ ভূমিকা গ্ৰহণ কৰা ইউনুছে প্ৰতিবাদত নেতৃত্ব লোৱা সাহসী ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা কৰে আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগক তেওঁ ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতাৰ সৈতে তুলনা কৰি এয়া “আমাৰ দ্বিতীয় বিজয় দিৱস” বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।
গতিকে এনে সুযোগ অপচয় নকৰিবলৈ সকীয়াই দি ইউনুছে দেশৰ সমৃদ্ধিৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছাত্ৰ-ছাত্ৰী, ৰাজনৈতিক দল, আৰু সাধাৰণ জনতাক শান্তিপূৰ্ণ অৱস্থান গ্ৰহণ কৰিবলৈ আৰু সকলো ধৰণৰ হিংসাৰ পৰা আঁতৰি থাকিবলৈ বিনম্ৰতাৰে আহ্বান জনোৱাৰ লগতে কয় যে – “যদি আপুনি মোক আপোনাৰ দেশৰ নেতৃত্ব দিবলৈ বিশ্বাস কৰে, তেন্তে প্ৰথম পদক্ষেপ হ’ল মানুহৰ ওপৰত, বিশেষকৈ সংখ্যালঘুৰ ওপৰত কৰা সকলো আক্ৰমণ বন্ধ কৰা। ইয়াৰ অবিহনে মোৰ প্ৰচেষ্টা অসাৰ হ’ব।’
বিশেষকৈ সাম্প্ৰদায়িক বিষ বাস্প বিয়পাই নিজৰ ৰাজনৈতিক মুনাফা লুটিবলৈ সুৰুঙা বিচাৰি থকা দেশ সমূহৰ বাবে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰা শান্তিৰ ন’বেল বঁটা প্ৰাপক তথা প্ৰসিদ্ধ অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ এই বাৰ্তাই আগন্তুক সময়ৰ বাবে যথেষ্ট ইতিবাচক তাৎপৰ্য বহন কৰিছে।