তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নতুন খচৰা সম্প্ৰচাৰ সেৱা (নিয়ন্ত্ৰণ) বিধেয়ক, ২০২৪ প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইয়াকো জানিবলৈ দিয়ে যে “বিশদ আলোচনাৰ অন্তত নতুন খচৰা প্ৰকাশ কৰা হ’ব।”
খচৰা বিধেয়কখনৰ সন্দৰ্ভত বিভিন্ন সংস্থাকে ধৰি একাধিক পৰামৰ্শ/ মন্তব্য/ পৰামৰ্শ লাভ কৰা হৈছে আৰু মন্ত্ৰালয়ে খচৰাবিধেয়কখনৰ সন্দৰ্ভত বিষয়টোৰ সৈতে যুক্ত সকলোৰে সৈতে ধাৰাবাহিকভাৱে আলোচনা কৰি আছে। মন্ত্ৰালয়ে একবিবৃতিত কয় যে, “২০২৪ চনৰ ১৫ অক্টোবৰলৈকে মন্তব্য/ পৰামৰ্শ বিচাৰিবলৈ আৰু অতিৰিক্ত সময় প্ৰদান কৰা হৈছে।
মন কৰিবলগীয়া যে যোৱা বছৰৰ ১০ নৱেম্বৰত এই খচৰা বিধেয়কখন ৰাজহুৱা কৰা হৈছিল, লগতে বিষয়টোৰ সৈতে যুক্ত সকলোৰে আৰু সাধাৰণ জনতাৰ মন্তব্যৰ বাবে ব্যাখ্যামূলক টোকাও আগবঢ়োৱা হৈছিল।
কিন্তু এই খচৰাৰ বিভিন্নজনে উদ্বেগ প্ৰকাশ কৰিছিল আৰু লগতে পৰামৰ্শ প্ৰক্ৰিয়া কেনেকৈ চলি আছে , তাক লৈও প্ৰশ্ন উত্থাপন হৈছিল। এটা ডাঙৰ বিতৰ্ক আছিল এনে যে খচৰাখনে সামাজিক মাধ্যমত বিভিন্ন বিষয়ত ভিডিও প্ৰচাৰ কৰি থকাসকলক সম্প্ৰচাৰক হিচাপে গণ্য কৰিব পাৰে যদি তেওঁলোকৰ ভিডিওবোৰে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়সমূহ আলোচনা কৰে।
এই খচৰা বিধেয়কখন বিৰোধী দল-সংগঠন, বৌদ্ধিক মহল আৰু ডিজিপাব আৰু এডিটৰছ গিল্ড অৱ ইণ্ডিয়াৰ দৰে সংবাদ দাতাৰ প্ৰতিষ্ঠানসমূহৰ সমালোচনাৰ সন্মুখীন হৈছিল যিহেতু ডিজিটেল মিডিয়া সংগঠন আৰু নাগৰিক সমাজৰ পৰা চৰকাৰে কোনো পৰামৰ্শ লোৱা হোৱা নাছিল।
ডিজিটেল মিডিয়া নিয়ন্ত্ৰণ কৰাৰ বাবে কি হ’ব নতুন কৌশল সেয়া নতুন খচৰা ৰাজহুৱা কৰিলেহে জনা যাব।