যোৱা কেইদিনমানত ৰাজ্যখনত অদ্ভুত কিবাকিবি ঘটিব লাগিছে। ৰজা-প্রজা সকলোৱে এতিয়া আইন হাতত তুলি লোৱাৰ পক্ষপাতী। এজনৰ দোষৰ বাবে গোটেই সম্প্রদায়টোক ক্ষমা খুজিবলৈ বাধ্য কৰা, ধৰ্ষণৰ অভিযুক্তক আইনৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে কঠোৰ শাস্তি প্ৰদান নকৰি থাওকতে হত্যা কৰা, এনেদৰে হত্যা কৰিবলৈ দাবী কৰা, স্বয়ং মুখ্যমন্ত্ৰীজনে পৰোক্ষভাৱে এনেবোৰ আইন বহির্ভূত কাৰ্যক উদগনি যোগোৱা আদিবোৰ এখন শৃংখলাহীন সমাজৰ লক্ষণ। ‘আইনৰ শাসন’ ধাৰণাৰে পৰিচালিত এখন সমাজ এনেদৰে পৰিচালিত। এনেবোৰ ঘটনাই ‘আইনৰ শাসন’ বোলা কথাটিক আমাৰ ৰাজ্যত অর্থহীন শব্দত পৰিণত কৰিছে। এনে শাসন ধর্মীয় গ্রন্থক আইনৰ ৰূপ দি শাসন কৰা দেশত এনেবোৰ ঘটনা ঘটিব পাৰে। কিন্তু সংবিধানে বান্ধি দিয়া প্ৰক্ৰিয়াৰে চলা এখন দেশত এনে হোৱা উচিতনে? যোৱা কেইদিনমান অসমত ঘটি থকা ঘটনাবোৰে আমাক, আমাৰ সমাজক এক অনিশ্চিত অন্ধকূপৰ দিশে লৈ নাযাবনে?
যিবোৰ ঘটনা আমাৰ ৰাজ্যখনত সংঘটিত হ’ব ধৰিছে। এই সকলোবোৰেই কৰা হৈছে খিলঞ্জীয়াৰ সুৰক্ষাৰ নামত। অমুকক খেদা, তমুকক খেদো কৰি থাকিলেই খিলঞ্জীয়া সুৰক্ষিত হ’বনে? এই খেদাবুৰা কৰি খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষা কৰিব বিচৰাসকলে ছয় জনগোষ্ঠীৰ জনজাতীয়কৰণ, অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন সমিতিৰ পৰামৰ্শাৱলীৰ ৰূপায়ণৰ বাবে চৰকাৰক বাধ্য কৰাৰ বাবে পদক্ষেপ লোৱাটো বেছি জৰুৰী নহয়নে? খিলঞ্জীয়া খিলঞ্জীয়া বুলি ৰাজনীতি কৰি শাসনত বহি থকাসকলক এতিয়ালৈকে চিনাক্ত হোৱা প্রায় পঞ্চাশ হেজাৰ বিদেশীৰ কিমানজনক বহিষ্কাৰ কৰিলে সোধাটো জৰুৰী নহয়নে? অথবা এনে বিদেশীক বহিষ্কাৰ কৰিবলৈ কি পদক্ষেপ লৈছে তাক সোধাটোও জৰুৰী নহয়নে? সঁচাকৈয়ে যদি খিলঞ্জীয়াক ভাল পায় দিছপুৰৰ মচনদত বহি থকাসকলক সোধক যে কিমান খিলঞ্জীয়াই ভূমিৰ অধিকাৰ পালে আৰু আমচাং, শিলসাঁকোৰ দৰে অসমৰ বিভিন্ন ঠাইত কিমান খিলঞ্জীয়া নিজা ভূমিৰ পৰা উচ্ছেদিত হ’ল? জাতি- জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি কৰিব বিচৰাসকলক জবাবদিহি কৰক আৰু প্ৰশ্ন কৰক যে অৰুণোদয়ৰ দুহেজাৰটকীয়া অনুদানেই খিলঞ্জীয়াৰ সুৰক্ষাৰ যাদুৰ চাবি নেকি?
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গঢ়ি উঠা হেজাৰটা তথাকথিত ‘জাতীয়’ সংগঠনক মই প্রশ্ন কৰিছো- জাতি জাতি বুলি দেও পাৰি থাকিলেই জাতি বাচিবনে? খিলঞ্জীয়া খিলঞ্জীয়া বুলি গগন ফালিলেই খিলঞ্জীয়া সুৰক্ষিত হ’বনে? মিঞা, মাৰোৱাৰী খেদিলেই অর্থনীতি নিজৰ হাতলৈ আহিবনে? চান্দা তোলা এৰি অৰ্থকৰী কাম হাতত লওক। নিজেও আৰু ভবিষ্যৎ প্রজন্মকো ভাষা-সংস্কৃতিৰ প্রতি শ্রদ্ধাশীল কৰিবলৈ আৰু চৰ্চা কৰাবলৈ পদক্ষেপ লওক। দিছপুৰৰ আঙুলিৰ ঠাঁৰত সংস্কৃতি চৰ্চাৰ নামত চলা বাতুলামিবোৰ এৰাই চলক। গিনিজ বুকত নাম অন্তর্ভুক্ত কৰাৰ বাবে বিহু নাচ নচা একধৰণৰ বাতুলামি। ভাৰতবৰ্ষক গিনিজ বুকত দীঘল নখ, মোচ ৰাখিও মানুহে নাম সুমুৱাইছে। অসমীয়া কিতাপ, আলোচনী, বাতৰি কাকত পঢ়াৰ অভ্যাস গঢ়িবলৈও আন্দোলন এটা কৰো আহক। কথাই কথাই ভীমৰ বচন মাতি ‘তোকো কাটিম’, ‘তাকো কাটিম’ কৰি থকাতকৈ চুকাফা, শংকৰদেৱে দি যোৱা উদাৰতা আৰু সহিষ্ণুতাক হৃদয়ংগম কৰক। বুজক যে অসমৰ সমাজ, অসমীয়া জাতি আজি নাথাকিলহেঁতেন, যদিহে জাতি গঢ়োতাসকলে এই উদাৰতা আৰু সহিষ্ণুতাক মন্ত্র হিচাপে নল’লেহেঁতেন। আমাৰ সংকীর্ণতাই অসমীয়া জাতিৰো সৰ্বনাশ মাতি আনিছে, বাৰে বাৰে সেই কথা নাপাহৰিব।
জাতিক বচাবলৈ ৰাজপথৰ আন্দোলনো লাগিব। আপোচহীন আন্দোলন। কোনোবা দিছপুৰীয়া নেতাৰ পকেটত গৈ শেষ নোহোৱা আন্দোলন। কিন্তু যোৱা সময়ত আমাৰ অভিজ্ঞতা কি? গদা ঘূৰাই ৰাজপথত লম্ফ-জল্ফ কৰি থকা প্ৰায় সকলোৰে শেষ আশ্রয় দিছপুৰীয়া নেতাৰ পকেট। বাৰে বাৰে বিশ্বাস ভংগ। পাৰ হৈ যোৱা প্ৰায় চাৰি-পাঁচটা দশকত অসমত জাতি ৰক্ষাৰ নামত জাতি ধ্বংসৰ অভিযান চলিল আৰু এতিয়াও চলি আছে। জাতীয় জীৱনৰ প্ৰায় প্ৰতিখন ক্ষেত্ৰ, প্ৰতিটো প্ৰতিষ্ঠানৰ নেতৃত্ব চোৰ, দগাবাজ, ধুৰন্ধৰ কিছুমানৰ হাতলৈ গ’ল। আমি সাধাৰণ ৰাইজে চাই আছো- কেবল চায়েই আছো।
সেয়েহে এতিয়া প্রশ্ন কৰিছো। প্রশ্ন কৰিছো সেইসকলক, যিসকলে এতিয়া মুখ্যমন্ত্ৰীৰ উচটনিত খেদাখেদি আৰম্ভ কৰি ৰাজ্যখনক পুনৰ অস্থিৰতাৰ ফালে নিব খুজিছে। আপোনালোকে কৰিব লাগিছিল কি? সুধিব লাগিছিল কাক? ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰি হিন্দু-মুছলমান, মিঞা-খিলঞ্জীয়া কৰি থকা মুখ্যমন্ত্রীক কিয় নুসুধিব যে যোৱা ডেৰ মাহত যদি ২৩টাকৈ মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা ঘটিছে বিশাল আৰক্ষী, বিষয়া, কৰ্মচাৰী লৈ তেওঁ গৃহ মন্ত্ৰীজনে কি ঘোঁৰাৰ ঘাঁহ কাটিছে? খিলঞ্জীয়া জীয়ৰী-বোৱাৰীৰ নিৰাপত্তাৰ দায়িত্বও যদি ৰাইজেই ল’ব লাগে, তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহি থকাৰ সকাম কি? সেয়েহে এতিয়া প্রশ্ন কৰিছো। প্রশ্ন কৰিছো সেইসকলক, যিসকলে এতিয়া মুখ্যমন্ত্ৰীৰ উচটনিত খেদাখেদি আৰম্ভ কৰি ৰাজ্যখনক পুনৰ অস্থিৰতাৰ ফালে নিব খুজিছে। আপোনালোকে কৰিব লাগিছিল কি? সুধিব লাগিছিল কাক? ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰি হিন্দু-মুছলমান, মিঞা-খিলঞ্জীয়া কৰি থকা মুখ্যমন্ত্রীক কিয় নুসুধিব যে যোৱা ডেৰ মাহত যদি ২৩টাকৈ মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা ঘটিছে বিশাল আৰক্ষী, বিষয়া, কৰ্মচাৰী লৈ তেওঁ গৃহ মন্ত্রীজনে কি ঘোঁৰাৰ ঘাঁহ কাটিছে? খিলঞ্জীয়া জীয়ৰী-বোৱাৰীৰ নিৰাপত্তাৰ দায়িত্বও যদি ৰাইজেই ল’ব লাগে, তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহি থকাৰ সকাম কি?
যোৱা প্রায় দুটা দশক ক্ষমতাৰ কেন্দ্ৰত অৱস্থান তেওঁৰ। কংগ্ৰেছৰ দিনতো তেওঁ, বিজেপিৰ দিনতো তেওঁ। তেওঁৰ দৰে খিলঞ্জীয়াপ্রেমী এজন দুটা দশকজুৰি ক্ষমতাৰ কেন্দ্ৰত থকাৰ পিচতো মুখ্যমন্ত্রীয়েই কিয় খিলঞ্জীয়া সংকটত বুলি ক’ব লগা হৈছে। তেওঁ ইমানদিনে কি কৰিলে? মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছৰ দিনতেই সকলো খিলঞ্জীয়াবিৰোধী কাম হ’লে প্রশ্ন হ’ল প্রায় দুটা দশক কংগ্রেছত থকা মুখ্যমন্ত্রীয়ে তেতিয়া কি কৰিছিল। সেই সময়ত ৰাজহুৱাকৈ এইবোৰ বিষয়ত মাত কিয় মতা নহ’ল? কেবিনেটত তেওঁ কেতিয়াবা Disscenting টোকা দিছিলনে? এইবোৰ প্রশ্নও মুখ্যমন্ত্রীক সুধিব লাগিব। যিসকলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক স্বার্থত মেলি দিয়া জালত ভৰি দিছে সেইসকলেই এইবোৰ প্ৰশ্ন কৰা উচিত। অসম আৰু অসমৰ মানুহে বহু সহিলে। দশকৰ পিচত দশক এক আতংক আৰু সন্ত্ৰাসৰ মাজেৰে ৰাজ্যখন গৈ আছে। আমি পুনৰ এক অস্থিৰতা, অন্ধকাৰৰ মাজলৈ যাব নোখোজো। সেয়েহে কাবৌ কৰিছো আমাক আৰু অন্ধকূপৰ ফালে নিনিব।