ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা আজি সংবাদ মেল সম্বোধন কৰে কাৰ্যকৰী সভাপতি ভাস্ক’ডি শইকীয়া, সাধাৰণ সম্পাদক চিন্ময় বড়া আৰু ৰাছেল হুছেইনে।
সংবাদ মেল সম্বোধন কৰি কাৰ্যকৰী সভাপতি ভাস্ক ডি শইকীয়াই কয় যে, অসম বিধানসভাত গৃহীত হ’ল অসম ভূমি আৰু ৰাজহ অধিনিয়ম (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৪। যাৰ জৰিয়তে অসমৰ ঐতিহাসিক প্রত্নতাত্বিক স্থানসমূহৰ সমীপৱৰ্তী সংৰক্ষিত অঞ্চলত বাহিৰা লোকৰ বাবে ভূমি ক্রয় বিক্রয়ত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উল্লেখযোগ্য ঐতিহাসিক স্থানসমূহৰ ৫ কিলোমিটাৰ ব্যাসার্ধত সেই অঞ্চলত তিনিটা প্রজন্ম বাস কৰা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। কিন্তু মাজুলীৰ ক্ষেত্ৰত সমগ্র জিলাখনতে এই নিষেধাজ্ঞা বলবৎ হ’ব। কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছৰ আপত্তিৰ দোহাই দি মাজুলীক এই সংশোধনীৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ল। অহা নৱেম্বৰ পৰ্যন্ত মাজুলীত বলবৎ নহয় এই আইন। কিন্তু বিৰোধীৰ কোনো কথাকেই কেৰেপ নকৰা মুখ্যমন্ত্ৰীয়ে কিয় এবাৰতেই মানি ল’লে বিৰোধীৰ কথা! ইয়াতো জড়িত হৈ আছে ৰহস্যৰ।
সংবাদ মেলৰ জৰিয়তে ভাস্ক’ডি শইকীয়াই কয় যে, কেৱল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই বিধান সভাক ব্যৱহাৰ কৰিছে। যি সময়ত বাহিৰা মানুহৰ ভূমি ক্রয় নিষিদ্ধ হ’ব মাজুলীত সেই সময়তেই আগতীয়াকৈ মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰই ভূমি ক্রয় কৰাৰ তথ্য ফাদিল কৰি ভাস্ক ডি শইকীয়াই কয়, মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰৰ অংশীদাৰিত্ব থকা একা ইস্টেটাছ এল এল পিৰ নামত এই ভূমি ক্রয় কৰা হৈছে। অসম চৰকাৰৰ ভূমি অভিলেখাগাৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ২০২২ আৰু ২০২৩ চনত দুটা পর্যায়ত মুঠ ১৮ বিঘা কঠা ১৪ লেচা মাটি মাজুলীত ক্রয় কৰিছে। ইয়াৰে প্ৰথম পৰ্যায়ত ২০২২ চনৰ ১৮ মে’ত মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ক্রয় কৰিছে মুঠ ১৭ বিঘা ৩ কঠা ১৮ লেচা কৃষিভূমি। টটয়া গাঁৱৰে সুনীল নেওগ, ভবানন্দ নেওগ, ৰবীন নেওগ, মহেন্দ্র নেওগ, মিনাক্ষী নেওগ, প্রফুল্লী নেওগ, সৰোজ নেওগ, দিলীপ নেওগ আৰু সবিতা নেওগৰ পৰা এই ১৭ বিঘা ৩ কঠা ১৮ লেচা মাটি ৰিণিকি ভূঞা শর্মাই একা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে। এই মাটিখিনিৰ দাগ নং ১৪৯৭ আৰু পট্টা নং ১৪২২।
দ্বিতীয় পর্যায়ত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই একেখন গাঁৱৰে নাৰায়ণ পাচনীৰ পৰা ক্ৰয় কৰিছে ১ বিঘা ১৬ লেচা মাটি। মাটিখিনিৰ দাগ নং ১০২৫ আৰু পট্টা নং ২৯৪। ২০২৩ চনৰ ৯ জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে এক্কা ইষ্টেটছৰ নামত এই কৃষিভূমিখিনি ক্ৰয় কৰিছে। এনেকৈ মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভূঞা শৰ্মাই এক্কা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি। উল্লেখ্য যে মাজুলীত ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি ক্রয় কৰা একা ইস্টেটছ এল এল পি হ‘ল এটা ৰিয়েল ইষ্টেট কোম্পানী। যিটো গঠন হৈছিল ২৫ ডিচেম্বৰ, ২০২০৩। এই কোম্পানীত ৰিণিকি ভূঞা শৰ্মাৰ সৈতে অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ।
লগতে তেওঁ কয় যে, অসম ভূমি আৰু ৰাজহ অধিনিয়ম (দ্বিতীয় সংশোধনী) বিষেয়ক, ২০২৪ সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল যে ২৫০ বছৰ পুৰণি প্রত্নতাত্ত্বিক স্থানসমূহৰ ৫ কিলোমিটাৰ ব্যাসার্ধত বাহিৰা লোকৰ বাবে ভূমি ক্রয় বিক্রয় বন্ধ কৰা হৈছে। কিন্তু মাজুলীৰ ক্ষেত্ৰত সমগ্র জিলাখনৰ ক্ষেত্ৰতে এই নিষেধাজ্ঞা বলবৎ হ‘ব। তিনিটা প্রজন্ম ধৰি মাজুলীত বাস কৰা লোকেহে এতিয়াৰ পৰা মাজুলীত মাটি কিনা বেচা কৰিব পাৰিব। মাজুলীৰ দলংখন হোৱাৰ পাছত মাজুলীত বহু ব্যৱসায়িক ঔদ্যোগিক প্রতিষ্ঠান গৈ তাৰ আধ্যাত্মিক পৰিৱেশ বিনষ্ট কৰিব পাৰে। যাৰ বাবে মাজুলীৰ ক্ষেত্ৰত এই ব্যতিক্রম ব্যৱস্থাৰ সংযোজন কৰা হৈছে। কিন্তু শেষত দেখা গ‘ল যে মাজুলীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য কৰা নহ‘ল আৰু এইয়া কেৱল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক স্বার্থত।
উক্ত সংবাদ মেলতেই শইকীয়াই অভিযোগ কৰে যে, মাজুলীত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি ক্রয় অব্যাহত আছে। এই প্রক্রিয়া সম্পূর্ণ নোহোৱা বাবেই হয়তো সদ্যহতে মাজুলীক এই সংশোধনীৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। অহা নৱেম্বৰৰ পৰা মাজুলীৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্রযোজ্য হ‘ব। উপযুক্ত তথ্য প্রমাণ পালেই মাজুলীত মুখ্যমন্ত্রী পৰিয়ালে ক্ৰয় কৰা আৰু মাটিৰ তথ্য ৰাজহুৱা কৰা হ‘ব। এজন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শর্মাই তেওঁৰ ধনৰ উৎস ৰাজহুৱা কৰিব লাগে যাতে অসমৰ ৰাইজে প্রকৃত কথাবোৰ গম পাব পাৰে। লগতে অসমবাসী ৰাইজকো আহ্বান জনায় ২০২৬ত হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ। এনেকৈ আচলতে হিমন্ত বিশ্ব শর্মাই অসমক ভাৰতৰ পাঁচখন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য কৰিব নে নিজৰ পৰিয়ালৰ নাম দেশৰ ধনী মানুহৰ তালিকাত আনিব সেইয়াও সন্দেহ ব্যক্ত কৰে।