২ ছেপ্টেম্বৰ তাৰিখে গধূলি প্ৰায় ছয় বজাত সকলোকে আচম্বিত কৰি নিজৰ ATM কাৰ্ডৰ তথ্য ৰাজহুৱা কৰিলে যৌনস্বাস্থ্য সম্বন্ধীয় কোম্পানী বল্ড কেয়াৰৰ সহ স্বত্বাধিকাৰী ৰাহুল কৃষ্ণনে। প্ৰাপ্ত তথ্য অনুসৰি পুৰুষৰ যৌন স্বাস্থ্য আৰু সুস্থতাক কেন্দ্ৰ কৰি সজাগতা বৃদ্ধিৰ বাবে বল্ড কেয়াৰ কোম্পানীৰ নতুন প্ৰচাৰ পদক্ষেপ: ছেক্সটেম্বৰৰ প্ৰচাৰৰ বাবে উদ্যোগীগৰাকীয়ে সম্পূৰ্ণ অচিনাকি লোকৰ বাবে অনলাইনত বস্তু কিনিবলৈ লাখ লাখ টকা খৰচ কৰে।
কৃষ্ণনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নিজৰ এছ বি আই ডেবিট কাৰ্ড নম্বৰ, মেয়াদ উকলি যোৱাৰ তাৰিখ আৰু চিকিউৰিটি ক’ড শ্বেয়াৰ কৰে।তেওঁ তেওঁৰ tweet ত কয় যে তেওঁ অচিনাকি লোকৰ বাবে বিল পৰিশোধ কৰিব, ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লাভ কৰা OTP সমূহ শ্বেয়াৰ কৰিব।
my card number is 4216-8701-5010-2349
— Rahul Krishnan (@oneandonlyrk) September 2, 2024
the expiration date is 12/30
the security code is 207
happy sextember everyone! 🥳🥳
২৪ ঘণ্টাৰো নহওঁতেই কৃষ্ণনৰ পোষ্টটোৱে ৩০ লাখতকৈও অধিক ভিউ লাভ কৰে। ইয়াৰে পৰৱৰ্তী কেইঘণ্টামান তেওঁ সাধাৰণতে ৰাজহুৱা কৰিব নলগা, অ’টিপি X যোগে শ্বেয়াৰ কৰি কটায় যাতে ৰাইজে তেওঁৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰিব পাৰে। সমগ্ৰ প্ৰক্ৰিয়াৰ মাত্ৰ এটা চৰ্ত আছিল যে অৰ্ডাৰৰ পৰিমাণ ১ হাজাৰতকৈ বেছি হ’ব নালাগে।
024664 is OTP for online purchase of Rs. 899.00 at AMAZON PAY INDIA Pvt thru State Bank Debit Card 2349. Do not share this OTP with anyone. -SBI
— Rahul Krishnan (@oneandonlyrk) September 2, 2024
832542 is OTP for online purchase of Rs. 655.50 at AMAZON PAY INDIA Pvt thru State Bank Debit Card 2349. Do not share this OTP with anyone. -SBI
— Rahul Krishnan (@oneandonlyrk) September 2, 2024
139328 is OTP for online purchase of Rs. 1000.00 at DROGHERIA SELLERS PR thru State Bank Debit Card 2349. Do not share this OTP with anyone. -SBI
— Rahul Krishnan (@oneandonlyrk) September 2, 2024
এই tweet কৰাৰ ৪ ঘণ্টাৰ পিছত আন এক tweet ৰ দ্বাৰা
ৰাহুল কৃষ্ণনে জনাই যে কাৰ্ডখনত এতিয়াও ₹৩ লাখ টকা বাকী যিবোৰ ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। অৱশেষত, অতিমাত্ৰা OTP লাভ কৰা হেতুকে তেওঁৰ বেংকে ফোন নম্বৰটি ব্লক কৰি দিয়ে।
উল্লেখ্য যে পুৰুষৰ যৌন স্বাস্থ্যৰ সামগ্ৰী আৰু পৰামৰ্শ আগবঢ়োৱা বল্ড কেয়াৰৰ সহ-প্ৰতিষ্ঠাপক ৰাহুল কৃষ্ণনে ৰজত জাধৱ, হৰ্ষ সিং, আৰু মোহিত যাদৱৰ সৈতে ২০২০ চনত বল্ড কেয়াৰ আৰম্ভ কৰিছিল।