• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

১৬ ফেব্ৰুৱাৰী দেওবাৰে বিয়লি ৩ঃ৩০ বজাৰ পৰা চান্দমাৰী স্থিত পেঞ্চনাৰ ভৱনত “কমিউনিষ্ট ইষ্টাহাৰঃ এক নতুন পৃথিৱীৰ ৰূপৰেখা” শীৰ্ষক আলোচনা চক্ৰ

News Desk by News Desk
February 9, 2025
in অসম
Share on FacebookShare on Whatsapp

১৮৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত প্ৰকাশ পাইছিল বিশ্বত আলোড়ন সৃষ্টি কৰা যুগান্তকাৰী গ্ৰন্থ – কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডৰিক এংগেলছৰ কমিউনিষ্ট ইস্তাহাৰ। অন্যহাতে ২১ ফেব্ৰুৱাৰী দিনটো ইউনেস্কোই ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে ১৯৯৯ চনত ঘোষণা কৰিছে।এই দুয়োটা দিশ সামৰি ২০১৯ চনৰ ২১ ফেব্ৰুৱাৰীত, লেফ্ট ৱৰ্ডছ বুক্‌ছকে ধৰি ভাৰতৰ প্ৰগতিবাদী প্ৰকাশন গোষ্ঠী কেইটামানৰ গোট – ইণ্ডিয়ান ছ’চাইটি ফৰ লেফট পাব্লিছাৰ্ছে নিজ নিজ ভাষাত কমিউনিষ্ট ইস্তাহাৰ সমূহীয়াকৈ পঢ়িবলৈ আহ্বান জনাই ৰেড বুক্‌ছ ডে’ অনুষ্ঠানৰ সূচনা কৰে। ৰেড বুক্‌ছ ডে’ৰ আয়োজনে শীঘ্ৰেই বিশ্বজুৰি প্ৰকাশকসকলৰ দৃষ্টি আকৰ্ষণ কৰে আৰু ২০২০ চনত দক্ষিণ কোৰিয়াৰ পৰা কিউবালৈকে ৩০,০০০তকৈও অধিক লোকৰ অংশগ্ৰহণেৰে উদযাপন কৰা হয়।

২০২০ চনত ৰেড বুকছ ডেৰ প্ৰথম আন্তৰ্জাতিক উদযাপনৰ প্ৰস্তুতিৰ বাবে, ইণ্ডিয়ান ছ’চাইটি অফ লেফ্‌ট পাব্লিছাৰ্ছে বিশ্বজুৰি প্ৰকাশকসকলৰ সভা আহ্বান কৰে। এই সভাসমূহে ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ লেফ্‌ট পাব্লিছাৰ্ছ (আইইউএলপি)ৰ সৃষ্টি হয় য’ত এতিয়া পঞ্চল্লিশটা প্ৰকাশক অন্তৰ্ভুক্ত হৈছে। ২০২৪ চনলৈ ৰেড বুক্‌ছ ডে’ত অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আন্তৰ্জাতিকভাৱে ইণ্ডোনেছিয়াৰ পৰা চিলিলৈ, চীনৰ পৰা তুৰষ্কলৈ, মালয়েছিয়াৰ পৰা ব্ৰাজিললৈ, অষ্ট্ৰেলিয়াৰ পৰা আমেৰিকালৈ দহ লাখতকৈও অধিক লোকে অংশগ্ৰহণ কৰে। ভাৰতত কৃষক সংগঠন আৰু ট্ৰেড ইউনিয়নৰ সদস্যসকলে ‍বিভিন্ন গাঁৱত কমিউনিষ্ট মেনিফেষ্টো আলোচনা কৰাৰ বিপৰীতে মাজতে ব্ৰাজিলৰ লেণ্ডলেছ ৱৰ্কাৰ্ছ মুভমেণ্টৰ সদস্যসকলে একেলগে বহি কাৰ্নিভাল উৎসৱৰ সময়ত পৰ্যায়ক্ৰমে কমিউনিষ্ট মেনিফেষ্টখন সমূহীয়াকৈ পঢ়ে। নেপালত কৃষি কৰ্মী সংঘই বিভিন্ন প্ৰগতিশীল কিতাপৰ বিষয়ে আলোচনা কৰে। আনহাতে টানজানিয়াৰ ভূমিহীন কৃষকসকলে সাক্ষৰতাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। ২০২৩ চনত কিউবাৰ দহদিনীয়া হাভানা বুক ফেয়াৰত ২১ ফেব্ৰুৱাৰীত ৰেড বুক্‌ছ ডে’ৰ বিশেষ অনুষ্ঠানমালাৰ বাবে সংৰক্ষিত কৰা হয়।

আইইউএলপি গঠন কৰা হৈছিল কেৱল ৰেড বুক্‌ছ ডে’ প্ৰচাৰ কৰাৰ বাবেই নহয়, বৰঞ্চ এক বৃহত্তৰ প্লেটফৰ্ম প্ৰদান কৰাৰ বাবেও যাতে বাঁওপন্থী প্ৰকাশকসকলে সোঁপন্থীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে আৰু যুক্তিসংগত আৰু সমাজবাদী ধাৰণা আগবঢ়ায়। আইইউএলপিয়ে ৰোমানিয়ানৰ পৰা ইণ্ডোনেছিয়ালৈকে বিভিন্ন ভাষাত একেদিনেই কেইবাটাও যুটীয়া কিতাপ প্ৰস্তুত কৰিছে (চে গুৱেৰাৰ ৰচনা, পেৰিছ কমিউনৰ স্মৰণ আদি) আৰু এই সময়ত বিভিন্ন লেখক আৰু প্ৰকাশকসকলে আক্ৰমণৰ সন্মুখীন হ’লে তেওঁলোকক ৰক্ষা কৰিবলৈ বিবৃতিও জাৰি কৰিছে। গ্ৰন্থাগাৰ আন্দোলনক শক্তিশালী কৰাও হৈছে ৰেড বুকছ ডেৰ অন্যতম লক্ষ্য যাতে সমূহীয়া পঠন বৃদ্ধিৰে যুক্তি আৰু প্ৰগতিশীল চিন্তা চৰ্চা আগুৱাই যায়। ৰেড বুক্‌ছ ডে হৈছে প্ৰগতিশীল কিতাপ লিখা, প্ৰকাশ কৰা আৰু সকলোৰে পঢ়াৰ অধিকাৰ ৰক্ষা কৰা আৰু যুক্তিক নাশ কৰা সমকালীন অন্ধবিশ্বাসী ধাৰণাৰ বিৰুদ্ধে যুঁজ দিয়া এক বৃহত্তৰ সাংস্কৃতিক সংগ্ৰামৰ অংশ। আশা কৰা হৈছে যে এই দিনটো সকলো আইইউএলপি আৰু বাঁওপন্থী প্ৰবাহৰ বাহিৰত থকা ব্যক্তি আৰু সংগঠনসমূহে আঁকোৱালি ল’ব।

এইবেলি গুৱাহাটীত ডি ৱাই এফ আই আৰু নৱযুগ প্ৰকাশনে যৌথভাৱে ৰেড বুক্‌ছ ডে’ৰ সৈতে সংগতি ৰাখি ১৬ ফেব্ৰুৱাৰীত বিয়লি ৩ঃ৩০ বজাৰ পৰা চান্দমাৰী স্থিত পেঞ্চনাৰ ভৱনত “কমিউনিষ্ট ইষ্টাহাৰঃ এক নতুন পৃথিৱীৰ ৰূপৰেখা” শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন কৰিছে। বক্তা হিচাপে উপস্থিত থাকিব বাঁওপন্থী দল চি পি আই(এম)ৰ ৰাজ‍্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ। ৪৫ মিনিটৰ বক্তৃতাৰ পিছত উপস্থিত ব‍্যক্তিসকলে ৩০ মিনিটৰ বাবে নিজৰ নিজৰ মত ডাঙি ধৰিব।আশা কৰিছোঁ আপোনালোকেও অনুষ্ঠানটোত উপস্থিত থাকি আন্তৰ্জাতিক ৰেড বুক্‌ছ ডে’ পালন কৰাৰ এই প্ৰচেষ্টা সফল কৰিব।

Previous Post

বনতৰা : সংৰক্ষণ নে চখ পূৰণ?

Next Post

এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষাৰ দিৱস উদযাপন

Related Posts

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী
অসম

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

June 16, 2025
অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক
অসম

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

May 26, 2025
ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস
অসম

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

May 16, 2025
Next Post
এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষাৰ দিৱস উদযাপন

এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষাৰ দিৱস উদযাপন

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.