মণিকংকনা বৰবৰা : কলকাতাৰ আৰ জি কৰ হাস্পতালৰ মহিলা চিকিৎসক এগৰাকীৰ ওপৰত চলা অমানৱীয় ধৰ্ষণ-হত্যাৰ ঘটনা আৰু এই ঘটনাক লৈ দেশজুৰি চলি থকা প্ৰতিবাদৰ উত্তেজনাৰ মাজতে আমাৰ অসমৰে নগাঁও জিলাৰ ধিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত চলা দলবদ্ধ ধৰ্ষণ কাণ্ডই সমগ্ৰ ৰাজ্য খনকে জোকাৰি পেলাইছে। ইয়াৰ উপৰিও লখিমপুৰত দুগৰাকী কিশোৰী কথমপিহে ধৰ্ষণৰ পৰা ৰক্ষা পৰা ঘটনাও সহজভাৱে গ্ৰহণ কৰিব পৰা কথা নহয়।
যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ হাস্পতালত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। এতিয়ালৈকে লাভ কৰা প্ৰমাণে যিবোৰ দিশ আঙুলিয়াইছে তাৰ পৰা ই দলবদ্ধ ধৰ্ষণ বুলিয়েই ইংগিত বহন কৰিছে। এই ঘটনা কেৱল ধৰ্ষণৰেই নহয়, মহিলাগৰাকীক অতি নিৰ্দয়ভাৱে অত্যাচাৰ চলাই হত্যা কৰা হৈছিল।
এই গোচৰৰ তদন্ত কৰি থকা চিবিআইৰ মতে, যি নিশা যুৱতী গৰাকীক হত্যা কৰি ধৰ্ষণ কৰা হৈছিল, সেই নিশা তেওঁৰ লগত কৰ্তব্যৰত দুজন স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী (PGT) আছিল, যাক সংস্থাটোৱে প্ৰধান সন্দেহযুক্ত হিচাপে ৰাখিছিল আৰু আন ত্ৰিশজন লোকক বৰ্তমান জেৰা কৰিবলৈ আহ্বান কৰা হৈছে। পৰিয়ালটোৰ সৈতে অহৰহ যোগাযোগত থকা তদন্তকাৰী সংস্থাটোৱেও সন্দেহযুক্ত লোকৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ বক্তব্যৰ ভিত্তিত জেৰা অব্যাহত ৰাখিছে।
এই ঘটনাৰ পিছতে দোষীক শাস্তি প্ৰদানৰ বাবে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদৰ যোৱাৰ উঠিছে। দেশৰ বিভিন্ন বৃহৎ চহৰত চিকিৎসকে মমবাতিৰ সমদল উলিয়াইছে, য’ত অন্ধ্ৰ প্ৰদেশ, দিল্লী আদি ৰাজ্য সমূহৰ উপৰিও কলকাতাৰ চিকিৎসক আৰু সমাজকৰ্মীসকলে “ৰাতিটো পুনৰুদ্ধাৰ কৰক” শ্লোগানেৰে এক ব্যাপক বিক্ষোভ প্ৰদৰ্শন কৰে। দেশৰ বিভিন্ন গণতান্ত্ৰিক সংগঠন আৰু মহিলা সংগঠনেও এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰি ন্যায়ৰ দাবী জনাইছে। সমগ্ৰ দেশতে ২৪ ঘণ্টীয়া ধৰ্মঘটৰ কথা ঘোষণা কৰি ভাৰতীয় চিকিৎসা পৰিষদে চিকিৎসা কৰ্মীৰ সুৰক্ষাৰ বিষয়টোৰ ওপৰত আলোকপাত কৰিছে, যাৰ অনুপস্থিতিয়ে অপৰাধীয়ে এনে ঘটনা সংঘটিত কৰিবলৈ সক্ষম হয়।
ধৰ্ষণ-হত্যাকাণ্ডক জাতি, দলীয় ৰাজনীতি আৰু ধৰ্মীয় দৃষ্টিভঙ্গীৰে গ্ৰহণ কৰা উচিতনে?
এই গোটেই বিষয়টোক লৈ ৰাজনৈতিক কৌশলো আৰম্ভ হৈছে। প্ৰেছ বিবৃতিত মূখ্যমন্ত্ৰী বেনাৰ্জীয়ে মূল অভিযুক্তক মৃত্যুদণ্ডৰ দাবী জনাইছে। আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ ভাটিয়াই ইণ্ডিয়া এলায়েন্সক “ৰাজনৈতিক শগুন” বুলি অভিহিত কৰি কয় যে- “কলকাতা ধৰ্ষণৰ গোচৰত সমগ্ৰ ভাৰত মিত্ৰজোঁট নিমাত।” আনহাতে, মমতা বেনাৰ্জীয়ে আৰ জি কৰ হাস্পতালত সংঘটিত হোৱা কাণ্ডৰ বাবে বাম (বাওঁ সংগঠন) আৰু ৰাম (বিজেপি)কো জগৰীয়া কৰে।
অসমতোএকেৰাহে সংঘটিত ঘটনা কেইটামানৰ অপৰাধী বুলি এটা বিশেষগোষ্ঠীক মুকলিকৈ দোষী সজাই থকা দেখা গৈছে। কথা হ’ল, ধৰ্ষণৰ ক্ষেত্ৰত জাতি আৰু শ্ৰেণীৰ ভিত্তিত দৃষ্টি নিক্ষেপ কৰা উচিতনে?”
ধৰ্ষণকাৰীৰ ফাঁচীতে সমস্যাৰ সমাধান আছেনে?
ধৰ্ষণৰ অপৰাধ পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে একেসময়তে “ধৰ্ষণকাৰীক ফাঁচী দিয়ক” বুলি দাবী উঠিছে। আৰ জি কৰ হাস্পতালৰ কাণ্ড, অসমৰ ধিং অঞ্চলৰ কাণ্ডৰ লগতে আগত বা পিছতেই হওক এনেধৰণৰ আন ঘটনাবোৰতো উত্থাপন হৈ আহিছে একেই শ্লোগান।দোষীক মৃত্যুদণ্ড দিয়াৰ বিষয়টো উল্লেখ কৰিয়েই বেনাৰ আৰু পোষ্টাৰ ছপা কৰা হৈছে।
আচলতে, সামন্তীয় সমাজত নাৰী হত্যা আৰু ভ্ৰুণহত্যাৰ দৰে প্ৰশ্নটো “সন্মান লুটি লোৱা”ৰ প্ৰশ্নৰ দৰে ডাঙৰ প্ৰশ্ন নহয়। সামন্তীয় সমাজত এনে মহিলাৰ সন্মান আৰু কৰ্তৃত্ব জাতি আৰু পৰিয়ালৰ লগতে স্বামী বা পিতৃৰহে থাকে। সমাজৰ পৰিৱৰ্তনৰ লগে লগে আমি এনে এখন সমাজলৈ আগবাঢ়িছো যিয়ে সামন্তীয় মূল্যবোধক এৰি দিব পাৰিছে নাই বা ব্যক্তিকেন্দ্ৰিক পুঁজিবাদী নৈতিকতা গ্ৰহণ কৰিব পাৰিছে! ফলত এতিয়া নাৰীৰ বাবে যুঁজখন হৈ পৰিছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰৰ লগতে সন্মান আৰু অধিকাৰৰ যুঁজ। কিন্তু ইয়াত এটা মৌলিক পাৰ্থক্য আছে যিটো বুজিব লাগিব যে নাৰীয়ে পূৰ্বৰ সমাজখনৰ সন্মান বুজি এই সমাজৰ ভৱিষ্যতৰ যুদ্ধখন যুঁজিবলৈ আগবাঢ়িব নোৱাৰে। অৰ্থাৎ নতুন গণতান্ত্ৰিক সমাজৰ বাবে এই সন্মানৰ যুঁজখন নাৰীয়ে এক স্বতন্ত্ৰ পৰিচয়েৰে সামাজিক একক হিচাপে থিয় দিয়াৰ যুঁজ, য’ত নিজৰ সন্মান ৰক্ষাৰ প্ৰশ্নটো যেন সমগ্ৰ পৰিয়ালটোৰ সন্মানৰ প্ৰশ্নতকৈ আগবাঢ়ি যায়।
একে সময়তে বৰ্তমানৰ সমাজত ন্যায়ৰ ব্যৱস্থা অটুট ৰাখিবলৈ শাসক শ্ৰেণীয়ে আজি আমাক যি সংহিতা দিছে, সেই অনুসৰি অপৰাধৰ কথা ক’লে সমগ্ৰ সমাজৰ বিৰুদ্ধে গণ্য কৰা হয়, আৰু এই অপৰাধেই হৈছে আইন দৰ্শনৰ মূল। এনে পৰিস্থিতিত এগৰাকী মহিলাক ধৰ্ষণ কৰাটো নিজৰ মাজতে ব্যক্তিগতৰ লগতে সামাজিক বিষয়। ২০১৭ চনত ন্যায়াধীশ বানুমাথিয়ে তেওঁৰ এটা গোচৰত এক সুকীয়া বিবৃতিত কৈছিল যে “কেৱল শাস্তি বৃদ্ধি কৰা বা মৃত্যুদণ্ডলৈ বৃদ্ধি কৰাটোৱেই যথেষ্ট নহয়। ইয়াৰ বাহিৰেও আমি সমাজত লিংগ সংবেদনশীলতা আৰু মহিলাৰ প্ৰতি সন্মানৰ বীজ সিঁচিব লাগিব।”
ন্যায়াধীশ বানুমাথিৰ “গণতন্ত্ৰীকৰণৰ ওপৰত ওপৰৰ পৰা তললৈ পন্থা”ৰ পৰামৰ্শ বৰ্তমানৰ সমাজখনৰ নিজৰ সীমাবদ্ধতাৰ বাবে সীমিত। য’ত ইয়াৰ বস্তুনিষ্ঠ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ আচৰণ বুজি মানুহৰ চেতনা বিকাশ কৰাৰ পৰিৱৰ্তে কিছু তলৰ পৰা ওলোৱা তথ্যৰ পৰাই তেওঁলোকে নিজৰ চেতনা বিকাশ কৰিব বিচাৰে। যেতিয়ালৈকে কোনো ব্যক্তিয়ে পিতৃতন্ত্ৰৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক কু-প্ৰভাৱ বুজি নাপায় আৰু ইয়াৰ ভিত্তি সলনি কৰাৰ প্ৰক্ৰিয়াত লিপ্ত নহয়, তেতিয়ালৈকে এই নৈতিক শাস্ত্ৰসমূহ কেৱল ধাৰণাসমূহৰ পৰাই ধাৰণা গঢ়ি তোলাৰ এক অসাৰ প্ৰচেষ্টা হৈয়ে থাকিব। অৰ্থাৎ আচৰণৰ পৰাই মতাদৰ্শ আৰু চেতনাৰ বিকাশৰ যাত্ৰা আৰম্ভ নহ’ব।
২০২৪ চনৰ এন চি আৰ বি (নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো)ৰ তথ্য অনুসৰি নাৰীৰ ওপৰত যৌন নিৰ্যাতন আৰু হিংসাৰ অভিযোগ বৃদ্ধি পাইছে, যিটো বছৰৰ পিছত বছৰ ধৰি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০২৩ চনৰ তুলনাত ২০২৪ চনত ১.২৫ শতাংশ বৃদ্ধি পাইছে। নিৰ্ভয়া গোচৰৰ পিছত ধৰ্ষণ আইনত এক ব্যাপক পৰিৱৰ্তন কৰা হ’ল, য’ত মৃত্যুদণ্ড পৰ্যন্ত ব্যৱস্থাৰ কথা কোৱা হৈছে। কিন্তু পৰিস্থিতিৰ উন্নতিৰ পৰিৱৰ্তে ইয়াৰ অৱস্থা আৰু বেয়া হৈ পৰিছে। দেশত প্ৰতি ঘণ্টাত ৫১টা ধৰ্ষণ সংঘটিত হৈছে। এই পৰিসংখ্যা কিমান কম হ’ব পাৰে তাৰ পৰা আমি অনুমান কৰিব পাৰো যে দেশৰ ৯৯ শতাংশ যৌন নিৰ্যাতনৰ গোচৰ পঞ্জীয়নো নহয় ।
ন্যায়হীনতাত ৰৈ যোৱা ধৰ্ষণ-হত্যাকাণ্ডঃ
আৰ জি কৰ হাস্পতালত সংঘটিত ঘটনাৰ সমান্তৰালকৈ উত্তৰাখণ্ডত এগৰাকী মহিলা নাৰ্ছক নৃশংসভাৱে ধৰ্ষণ কৰা হয়। আনহাতে বিহাৰৰ মুজাফ্ফৰপুৰত এগৰাকী ১৪ বছৰীয়া দলিত মহিলাক আমি আপোনাৰ ছোৱালীক দলবদ্ধ ধৰ্ষণ কৰিম বুলি কৈ পৰিয়ালৰ সন্মুখত অপহৰণ কৰা হয়। ইয়াৰ বাহিৰেও উন্নাও, হাথৰাছ দলবদ্ধ ধৰ্ষণ গোচৰ আদিৰ দৰে বহু গোচৰৰ এখন দীঘলীয়া তালিকা আছে। ন্যায়ৰ নামত যিবোৰ ঘটনাৰ এতিয়ালৈকে কোনো শুংসূত্ৰ পাবলৈ নাই।
১)শিৱসাগৰৰ চাংনাই অষ্টম শ্ৰেণীৰ ছাত্ৰী ১৩ বছৰীয়া ৰুমী কোঁৱৰক ১৯৯১ চনৰ ৩০ জানুৱাৰীত পিতৃ প্ৰফুল্ল কোঁৱৰ আৰু মাতৃৰ সন্মুখত (দুয়োজনকে চকু পৰ্যন্ত বান্ধি) ধৰ্ষণ কৰা হৈছিল। ৰুমীয়ে ন্যায় নাপালে।
২) ডিগবৈৰ ১৩ বছৰীয়া পুতলা বৰাক পঞ্জাৱ ৰেজিমেণ্টৰ দুজন আৰ্মীমেনে তেওঁৰ ঘৰতে ধৰ্ষণ কৰে। কোনোবাই কল্পনা কৰিব পাৰেনে যে ভুক্তভোগীৰ পৰিয়ালৰ কি হ’ল?
৩)তিনিচুকীয়া লখিমপথাৰৰ ১৬ বছৰীয়া লক্ষী গগৈ, ২০ বছৰীয়া নিৰু গগৈ, ১৫ বছৰীয়া মীনা গগৈ, ১৬ বছৰীয়া যমুনা গগৈ আৰু ১৪ বছৰীয়া পুণ্য গগৈক ৰাজহুৱা স্থানত দলবদ্ধ ধৰ্ষণ, কাপোৰ খুলি পেৰেড কৰা হয়। পিছত গম পোৱা গ’ল যে গাঁৱৰ আৰু দহগৰাকী ছোৱালীক সেনাবাহিনীৰ লোকে ধৰ্ষণ কৰিছিল। পিছলৈ দুগৰাকী ছোৱালী গৰ্ভৱতীও হৈছিল।
৪) দৰং জিলাৰ টংলা থানাৰ অন্তৰ্গত খৈৰাহাৰী গাঁৱৰ সাতগিৰিত ১৯৯২ চনৰ ১৮ মে’ত সেনাই ধৰ্ষণ কৰা ১৬ বছৰীয়া নিলিমা বড়ো আৰু ১৪ বছৰীয়া ফৌদুৰো বড়ো?
৫) বঙাইগাঁৱৰ বিজনীৰ লুবডুংগুৰিৰ ২৮ বছৰীয়া গৃহিণী উণ্ডিবালা ৰায়ক ১৯৯১ চনৰ ২২ অক্টোবৰত সেনাবাহিনীৰ লোকে ধৰ্ষণ কৰিছিল।
৬) ২০১৯ চনত বোকাখাতত শৰীৰৰ গোপনীয় অংগ চুৰিৰে হানি-খুচি,স্তন পৰ্যন্ত কাটিলৈ ধৰ্ষণ কৰি হত্যা কৰা জনজাতীয় মহিলা মাইতী পেগু, ধৰ্ষণ কৰি চিলিঙত ওলোমাই দিয়া মমীতা দলেৰ হত্যাকাৰীও আজি পৰ্যন্ত চিহ্নিত নহ’ল।
৭) ধৰ্ষণ কৰি চকীত বান্ধি জীৱন্তে জ্বলাই মৰা চুমিলা ৰংহাপি নামৰ কিশোৰী জনীৰ পৰিয়ালে ন্যায় পালেনে?
এইকেইটা মাথোঁ উদাহৰণহে। আমাৰ অলক্ষিতে আৰু কিমান ঘটনা ঘটি গৈছে বা ঘটি আছে সেয়া কল্পনা কৰি চাওকচোন!
ইয়াৰ মাজতে এটা ডাঙৰ প্ৰশ্নৰ উন্মেষ ঘটিছে যে উচ্চ জাতি আৰু উচ্চ শ্ৰেণীৰ মহিলা এগৰাকীক ধৰ্ষণ কৰিলেহে দেশত ধৰ্ষণ কিয় এটা ডাঙৰ বিষয় হৈ পৰে? এই দেশ কিয় কোনো জনজাতীয়, দলিত, মুছলমান মহিলাৰ বিৰুদ্ধে কিয় থিয় নহয়?
এইটো এটা ঐতিহাসিক বিতৰ্কৰ বিষয় যাৰ শিপা ভাৰতৰে উৎপত্তি অৰ্থাৎ ইয়াৰ উৎপাদন সম্পৰ্কত নিহিত হৈ আছে। এইটো ভাৰতৰ স্বাধীনোত্তৰ ইতিহাসক বুজি উঠাৰ বিষয়, য’ত ভাৰতৰ শাসক শ্ৰেণীৰ স্বাৰ্থ জড়িত নোহোৱা কোনো বিষয়েই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় বা আন্দোলন হৈ নুঠেগৈ। ২০১৩ চনত জেনী ৰ’ৱানে “দিল্লীৰ প্ৰতিবাদ আৰু জাতীয়তাবাদী আৰ্হি” শীৰ্ষক এটা প্ৰবন্ধ লিখিছিল। লেখাটোত জেনীয়ে এনে উচ্চ বৰ্ণৰ বিষয়বোৰ কেনেকৈ জাতীয় গুৰুত্বৰ বিষয় হৈ পৰে আৰু কেনেকৈ জাতীয় সংস্থাৰ দৰে জনসাধাৰণৰ সন্মুখত উপস্থাপন কৰা হয় তাৰ ওপৰত আলোকপাত কৰিছে। ফ্লেভিয়া এগনেছে এই কথাটো আৰু আগুৱাই লৈ গৈছে তেওঁৰ “নাৰীবাদী আন্দোলনৰ সমালোচনা” প্ৰবন্ধটোত আৰু স্বতন্ত্ৰ আন্দোলনত নেতৃত্ব কেনেকৈ সদায় নগৰীয়া উচ্চবৰ্ণৰ মহিলাৰ হাতত আছিল সেই বিষয়ে ব্যাখ্যা কৰিছে।
আনহাতে, আন্দোলনৰ সবল আৰু দৃঢ় স্বভাৱ দেখুৱাবলৈ কেনেকৈ দেৱীসকলক উপমা হিচাপে (দুৰ্গা, কালি) ব্যৱহাৰ কৰা হৈছে,যৌন শোষণ বা হিংসাৰ বিৰুদ্ধে এই সমগ্ৰ বিতৰ্ক সদায় এটা “নামহীন অস্থানীয় পিতৃতন্ত্ৰ”ৰ আশে-পাশে ঘূৰি থাকে যিটোক সমালোচনাত্মক বিশ্লেষণৰ প্ৰয়োজন আছে। পিতৃতন্ত্ৰ বুলি কোৱাটো নিজৰ মাজতে সমগ্ৰ সত্য নহয়। বৰ্তমান সমাজত পিতৃতন্ত্ৰৰ শিপা সঁচা অৰ্থত বুজি নোপোৱালৈকে আৰু ইয়াৰ আঁৰৰ কাৰকসমূহ নজনালৈকে ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ পদ্ধতিসমূহো দুৰ্বল হৈ থাকিব আৰু আমাৰ পৰিকল্পনাও “দোষী কেন্দ্ৰিক” হ’ব। আৰু ইয়াৰ বাহিৰেও ন্যায়ৰ এক অতি অকাৰ্যকৰী ৰূপ বাৰে বাৰে আবিৰ্ভাৱ হৈ থাকিব।
ভাৰতৰ ভিতৰৰ ক্ষোভ এতিয়াও কেৱল শাসক শ্ৰেণীৰ দ্বাৰা পুষ্ট ক্ষোভ। গতিকে এই প্ৰশ্নটো সমগ্ৰ দেশতে চৰ্চা হোৱাটো প্ৰয়োজন যে দেশখনে সোণী ছ’ৰীক ধৰ্ষণৰ বিৰুদ্ধে থিয় দিয়াৰ আগতে তেওঁক নক্সালবাদী বুলি গণ্য কৰা হয় আৰু কুনান পোছপোৰাৰ মহিলাসকলক তেওঁলোকৰ যন্ত্ৰণা বুজাই দিয়াৰ আগতেই সন্ত্ৰাসবাদীৰ সহযোগী হিচাপে ঘোষণা কৰা হয়। গতিকে যেতিয়ালৈকে মহিলাৰ ওপৰত ধৰ্ষণ – হত্যাকাণ্ডৰ বিৰোধিতাৰে চলা যুঁজখন “পীড়িতাক ন্যায় দিয়ক” দাবীৰ পৰা এখোজ আগলৈ গৈ “পীড়িত হোৱাৰ কাৰকবোৰক নিৰ্মূল কৰক” নকৰে তেতিয়ালৈকে এই বিতৰ্কটো প্ৰাসংগিক বিতৰ্ক হিচাপে থাকিব।
সহায়ক প্ৰৱন্ধঃ
‘আৰ জি কৰ হাস্পতালৰ হত্যাকাণ্ড, প্ৰতিৰোধ, বিবাদ আৰু পূৰ্ণ বিচাৰ’ – নিশান্ত আনন্দ ।
‘ভাৰতীয় সেনা – আপুনিও আলফাৰ দৰে কৰিবলৈ সাহস কৰে নেকি – প্ৰিয়ানুজ গোহাঁই।