১০০ ৰ ভিতৰত মাত্ৰ ৪৫.৫ নম্বৰ লাভ কৰি বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত ভাৰতবৰ্ষই ১৭৬ সংখ্যক স্থান লাভ কৰিছে। কিৰিবাতি (১৮০), তুৰ্কী(১৭৯), ইৰাক(১৭৮) আৰু মাইক্ৰনেচিয়া(১৭৭) ৰ সৈতে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত প্ৰকৃতিক পৰিৱেশ সংৰক্ষণৰ দিশত ৫ খন আটাইতকৈ নিম্ন প্ৰদৰ্শনকাৰী দেশৰ ভিতৰত আছে। এই ভয়ংকৰ তথ্য উন্মোচিত হৈছে ইজৰাইলৰ ডেভিদ বেন গুৰিঅন (David Ben-Gurion) বিশ্ববিদ্যালয় আৰু জৈৱ বৈচিত্ৰৰ তথ্য সংৰক্ষণ কৰা BioDB.comনামৰ এটা স্বেচ্ছাসেৱী ৱেবচাইটৰ যুটীয়া অধ্যয়নত। পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা এই পৰিৱেশ সংৰক্ষণ সূচাংকই চাৰিটা দিশ সাঙুৰি লৈছিল। সেইকেইটা হৈছে ভুমি ব্যৱস্থাপনা, জৈৱ বৈচিত্ৰৰ প্ৰতি অহা ভাবুকি, ক্ষমতা বিকাশ তথা পৰিৱেশ শাসন ব্যৱস্থা আৰু ভৱিষ্যমুখী পৰিকল্পনা।
এই অধ্যয়ন সম্পূৰ্ণ তথ্যনিৰ্ভৰ আৰু তথ্যচালিত আছিল। উন্নয়নৰ লগত প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ সমতা বজাই ৰখা আৰু ইয়াৰ দ্বাৰা বিভিন্ন দেশৰ চৰকাৰ, বিভিন্ন সংস্থা, গৱেষক, বিজ্ঞানী আদিক সহায় কৰাৰ মাজেৰে জৈৱ-বৈচিত্ৰ ৰক্ষা কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা কৰাটোৱেই এই অধ্যয়নৰ মূল উদ্দেশ্য আছিল। অধ্যয়নকাৰীসকলে দাবী কৰা অনুসৰি জোখ বা পৰিমাণ নজনাকৈ কোনো বস্তুৰ ব্যৱস্থাপনা কৰাটো সম্ভৱ নহয়। সেয়ে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ সূচাংক(NCI) হৈছে এটা পক্ষপাতৰহিত, পোনপটীয়া আৰু স্বচ্ছ সঁজুলি যাৰ দ্বাৰা সমগ্ৰ পৃথিৱীৰ দেশসমুহে প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি আহি পৰা ভাবুকি সমূহ কেনেদৰে মোকাবিলা কৰিছে তাৰ উমান পোৱা যাব।
ভাৰতবৰ্ষৰ স্থান একেবাৰে তলৰ ফালে থকাৰ মুল কাৰণ হৈছে অপৰিকল্পিত আৰু পৰিপক্কহীন ভূমি ব্যৱস্থাপনা আৰু জৈৱ-বৈচিত্ৰৰ প্ৰতি দিনে দিনে বাঢ়ি অহা ভাবুকিসমুহ। আমাৰ দেশত বহনক্ষম ভাৱে ভূমি ব্যৱহাৰ নোহোৱাৰ কথা এই অধ্যয়নে উদঙাই দিছে। লগতে অত্যাধিক পৰিমাণৰ কীটনাশকৰ ব্যৱহাৰ আৰু ইয়াৰ ফলত হোৱা ভূমি প্ৰদুষণৰ ভয়াভহতাৰ কথাও প্ৰকাশ পাইছে। সেইদৰে ভাৰতৰ সাগৰীয় উপকুল অঞ্চলত কোনো একচেতিয়া অৰ্থনৈতিক অঞ্চল(Exclusive Economic Zone, EEZ) নাথাকিলেও সাগৰীয় জৈৱ-বৈচিত্ৰ ৰক্ষাৰ ক্ষেত্ৰত বহুত কৰিবলগীয়া কাম আছে বুলি প্ৰকাশ পাইছে।
কৃষি, নগৰীকৰণ আৰু উন্নয়নৰ ধামখুমীয়াত ভাৰতৰ জৈৱ-বৈচিত্ৰ বিপন্ন হৈছে আৰু জীৱ জন্তুৰ চলন ফুৰনৰ বাবেই ঠাইৰ নাটনি হৈছে। জলবায়ু পৰিৱৰ্তনে ইয়াক আৰু অধিক তৰান্বিত কৰিছে। ২০০১ চনৰ পৰা ২০১৯ চনলৈ অৰণ্য বিনাশৰ ফলত ভাৰতবৰ্ষৰ মুঠ ২৩,৩০০ বৰ্গ কিঃ মিঃ অঞ্চলৰ গছ কটা গৈছে। জলবায়ু পৰিৱৰ্তনে সংবেদনশী পৰিৱেশ তন্ত্ৰ যেনে আলপাইন অঞ্চল আৰু সাগৰীয় অঞ্চলৰ কৰেল ৰীফ আদিৰ বিস্তৰ ক্ষতি হৈছে। সেইদৰে এই ৰিপোৰ্টত প্ৰকাশ পাইছে যে ভাৰতত পোৱা ৬৭.৫% জলচৰ জীৱ আৰু ৪৬.৯% স্থলচৰ জীৱৰ সংখ্যা দিনক দিনে কমি আহিছে।
ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ প্ৰকাশ কৰা বহনক্ষম বিকাশ ৰিপোৰ্ট(Global Progress Report on Sustainable Development) অনুযায়ী ভাৰতে বহনক্ষম বিকাশ লক্ষ্য নং ১৪ (SDG 14) অৰ্থাৎ পানীত থকা জীৱকুল ৰক্ষা আৰু বিকাশ লক্ষ্য নং ১৫ (SDG 15) অৰ্থাৎ মাটিত থকা জীৱকুল ৰক্ষাৰ ক্ষেত্ৰত উদ্বেগজনক ভাৱে পিছ পৰি আছে। এই অধ্যয়নে সেয়ে পুনৰ ৰাষ্ট্ৰসংঘৰ ৰিপোৰ্টক নায্যতা প্ৰদান কৰিছে। ইয়াৰোপৰি বছৰি ১৫ বিলিয়ন ইউৰো মূল্যৰ বন্য প্ৰাণীৰ চোৰাং বেহাৰ সৈতে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত বন্য প্ৰাণীৰ চোৰাং বেহাৰ ক্ষেত্ৰত চতুৰ্থ স্থান লাভ কৰিছে। এই তথ্যই নিশ্চিতভাৱে ভাৰতৰ পৰিৱেশ আইন বলবৎকাৰী অনুষ্ঠানসমুহৰ দুৰ্বলতা বাৰুকৈয়ে উদঙাই দিছে। বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যাৰ দেশ ভাৰতবৰ্ষত প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ সংৰক্ষণৰ বাবে এক সামগ্ৰিক আৰু ভৱিষ্যমুখী পৰিকল্পনাৰ প্ৰয়োজন বুলি এই অধ্যয়নে দোহাৰিছে।
সৰ্বশেষত ক’ব পাৰি যে প্ৰকৃতিক পৰিৱেশ সংৰক্ষণৰ বাবে নাগৰিক সচেতনাৰো প্ৰয়োজন। কিন্তু এইক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ৰাজনৈতিক সদিচ্ছা। বাস্তৱত দেখা গৈছে যে দেশৰ শাসনৰ গাদীত থকা বিজেপি চৰকাৰে প্ৰকৃতিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সম্পূৰ্ণ আওকণীয়া মনোভাৱ প্ৰদৰ্শন কৰি আহিছে। এইখন চৰকাৰেই পৰিৱেশ প্ৰভাৱ নিৰূপন (Environment Impact Assessment) আইনৰ দফাসমুহ আগতকৈ ঢিলা কৰিছে। এইখন চৰকাৰেই লাদাখৰ দৰে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ স্বৰ্গহেন ঠাইত বিয়াগোম উদ্যোগ স্থাপন কৰিবলৈ লৈছে। ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাবস্ত্য কৰা লাদাখৰ জনতা আৰু তেওঁলোকৰ নেতা চ’নম ৱাংচুকক গ্ৰেপ্তাৰ কৰিবলৈ কিন্তু এইখন চৰকাৰে পাহৰা নায়। সেইদৰে অসমৰ পৰিস্থিতিটো যদি চোৱা হয়, তেন্তে ক’ব পাৰি আমাৰ ৰাজ্যটো বিজেপি নেতৃতাধীন চৰকাৰে উন্নয়নৰ নামত হকে বিহকে গছ কটাৰ পাং পাতিছে, অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ দীপৰ বিলৰ নিচেই কাষতে হোটেল খুলিবলৈ অনুমতি দিছে, দক্ষিণ এচিয়াৰ বনমানুহ পোৱা একমাত্ৰ স্থান অসমৰ গিবন অভয়াৰণ্যত তৈল খননৰ অনুমতি দিছে। প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ সলনি এইদৰে পৰিৱেশৰ ধ্বংসযজ্ঞ কৰাৰ ব্যৱস্থা কৰিলে অদুৰ ভৱিষ্যতে কেৱল আমাৰ দেশেই নহয়, সমগ্ৰ পৃথিৱীয়েই গভীৰ সংকটৰ সন্মুখীন হ’ব সেয়া ধুৰূপ।