আলফাৰ ধনদাবীৰ পাছতেই উজনিত তৎপৰতা বৃদ্ধি কৰিছে অসম আৰক্ষীয়ে।
আগন্তক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি উজনিত বাহৰ পাতিছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া প্ৰশান্ত কুমাৰ ভূঞাই।
উজনিৰ চাৰি আৰক্ষী জিলা অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰি পূৰ্ণ নজৰত ৰাখিছে অসম আৰক্ষীয়ে।
যিকোনো মূহুৰ্ততে হ’ব পৰা আইন শৃংখলা জনিত পৰিস্থিতি মোকাবিলা কৰিবলৈ সাঁজো হৈ আছে অসম আৰক্ষী।
উজনিৰ স্পৰ্শকাতৰ চাৰি আৰক্ষী জিলা কেইখন হৈছে ক্ৰমে- শদিয়া, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ।