গুৱাহাটী, ২১ জুলাইঃ মণিপুৰত সংঘটিত হোৱা ঘটনাৰ অন্ত পেলাবলৈ কেন্দ্ৰীয় চৰকাৰে কোনো ধৰমৰ ব্যৱস্থা লোৱা নাই। যাৰ ফলত পৰিস্থিতি দিনক দিনে অধিক বেয়ালৈ গতি কৰিছে। এই সন্দৰ্ভত দেশৰ চকিদাৰ নৰেন্দ্ৰ মোদীয়েও ৭৯ দিনৰ পাছত হে সাৰ পাই সংবাদ মাধ্যমৰ আগত কেইটা মান কথা কলে। যেতিয়ালৈ ৩ গৰাকীকৈ মহিলাক গণধৰ্ষণ কৰাৰ সেই খবৰটো ভাইলেৰ হোৱা নাছিল তেতিয়ালৈ শুইয়ে আছিল প্ৰধানমন্ত্ৰী জন। ২০ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনটো প্ৰধানমন্ত্ৰী দুমাহ হৈ থকা এই কাণ্ড বিষয়ে মাত্ৰ ৩৬ চেকেণ্ডতে সামৰণি মাৰিলে।
আনহাতে মণিপুৰৰ ভাইৰেল ভিডিঅ’ৰ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সংসদত প্ৰশ্নটো উত্থাপন কৰিব লৈছিল যদিও যদিও। এই সন্দৰ্বত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে- ‘চৰকাৰে এই বিষয়ত আলোচনা কৰা উচিত আৰু আমি প্ৰধানমন্ত্ৰী মোডীক এটা বিবৃতি প্ৰকাশ কৰিবলৈ দাবী জনাইছো। মোদীয়ে সদনৰ বাহিৰত এক বিবৃতি দিছিল, তেওঁ সদনৰ ভিতৰতে সেইয়া আলোচনা কৰিব লাগিছিল।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কিয় মণিপুৰৰ বিষয়টোৰ প্ৰতি পিঠিপাছ দিছে কেন্দ্ৰীয় চৰকাৰে?