• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

News Desk by News Desk
June 16, 2025
in অসম
Share on FacebookShare on Whatsapp

কোনো বিকল্প ব্যৱস্থা নকৰাকৈ গোৱালপাৰা জিলাৰ হাছিলা বিলত অসম চৰকাৰৰ নিৰ্দেশত জিলা প্ৰশাসনে আজি পুৱাৰে পৰা ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰিছে। কোনো বিকল্প ব্যৱস্থা নকৰাকৈ এনেদৰে উচ্ছেদ চলোৱা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অমানৱীয় আখ্যা দি ইয়াক বন্ধ ৰখাৰ দাবী জনাইছে।

আদানি-আম্বানিৰ দৰে পুঁ‌জিপতি আৰু ৰামদেৱৰ দৰে ব্যৱসায়ীক হাজাৰ হাজাৰ বিঘা মাটি আৱণ্টন দিব ওলোৱা বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। প্ৰায় ৯০ শতাংশ ধৰ্মীয় সংখ্যালঘুই বসবাস কৰা উক্ত অঞ্চলৰ লোকসকলে আজিৰ পৰা ৪০/৫০ বছৰ আগতে গৰাখহনীয়াত উচন হৈ নিজে নিজে তাত সংস্থাপিত হৈছিল। উচ্ছেদিত হোৱা বহু মানুহৰ ১৯৪৭ চনৰো আগৰ বৈধ নথি-পত্ৰ আছে। চৰকাৰী নিয়ম অনুসাৰে বহু মানুহে চৰকাৰী ঘৰ, জলজীৱন আঁচনিৰ সুবিধা, বিদ্যুতৰ সুবিধা লাভ কৰিছে। অঞ্চলটোত পাঁচখনৰো অধিক চৰকাৰী বিদ্যালয় আছে, MGNREGA আঁচনিৰ অধীনত অঞ্চলটোত ৰাস্তা-ঘাট নিৰ্মাণ কৰা হৈছে।

ইমানৰ পাছতো হঠাৎ, মাত্র তিনি দিনৰ ৰাজহুৱা জাননী দি প্রশাসনে আজি ৰাতিপুৱা ৫ বজাৰ পৰা এফালৰ পৰা ঘৰ-বাৰীবোৰ ভাঙি উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰে এক যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰি মানুহক আতংকিত কৰিছে আৰু ঘৰ-বাৰী ভাঙি তহিলং কৰিছে। অসহায় মানুহবোৰে ঘৰ-বাৰী, সা-সম্পত্তি হেৰুৱাই শিশু, মহিলা আৰু বৃদ্ধসহ মুকলি আকাশৰ তলত থিয় হৈ থাকিবলগীয়া হৈছে। ভোকে-পিয়াহে অনাগত ভয়াবহ ভৱিষ্যতৰ আশংকাত মানুহখিনিয়ে ত্ৰস্তমান হৈ পৰিছে। অঞ্চলটোত ৬০০ পৰিয়ালৰ ৫ সহস্ৰাধিক লোক উচ্ছেদৰ বলি হৈছে।ডি ৱাই এফ আইয়ে দাবী কৰিছে বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰা কাৰ্য বন্ধ ৰাখক। যিসকল লোকক ইতিমধ্যে উচ্ছেদ কৰিছে তেওঁলোকৰ বাবে খাদ্য-পানীৰ লগতে থকাৰ সু-ব্যৱস্থা কৰক।

Previous Post

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

Related Posts

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক
অসম

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

May 26, 2025
ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস
অসম

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

May 16, 2025
ময়ো আমূল তাজা খাই ডাঙৰ-দীঘল হোৱা নাই : মুখ্যমন্ত্ৰীক উভটি ধৰিলে ভূপেন বৰাই
অসম

ময়ো আমূল তাজা খাই ডাঙৰ-দীঘল হোৱা নাই : মুখ্যমন্ত্ৰীক উভটি ধৰিলে ভূপেন বৰাই

April 30, 2025
Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.