চলিত মাহৰ আঠ তাৰিখে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙে লোকসভাত উত্থাপন কৰে বিদ্যুৎ সংশোধনী বিধেয়ক-২০২২। সদনত এই বিধেয়ক উত্থাপন হোৱাৰ লগে লগেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। জাঙুৰ খাই উঠিছিল বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতি। সদনত উত্থাপন হোৱাৰ লগে লগে সকলোৱে বিৰোধিতা কৰা এই বিদ্যুৎ সংশোধনী বিধেয়ক-২০২২ত আচলতে আছে কি? আজিৰ প্ৰতিবেদনৰ যোগেদি এই বিষয়ে আলোচনা কৰিম।
বিদ্যুৎ সংশোধনী বিধেয়ক-২০২২ গৃহীত কৰি দৰাচলতে কেন্দ্ৰীয় চৰকাৰে ধনী শ্ৰেণীৰ স্বাৰ্থত দেশৰ শক্তি খণ্ড সম্পূৰ্ণ ব্যক্তিগত কৰণৰ বাবে চেষ্টা চলাইছে। বিদ্যুৎ সংশোধনী বিধেয়ক জনস্বাৰ্থ বিৰোধী আৰু সাংবিধান বিৰোধী । বিদ্যুৎৰ সম্পর্কে সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ ক্ষমতা আৰু দায়িত্ব স্পষ্টভাৱে উল্লেখ কৰা আছে, কিন্ত এই বিধেয়কৰ জড়িয়তে কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰৰ ক্ষমতা কাঢ়ি লব বিছাৰিছে। লগতে ৰাজ্য চৰকাৰে শক্তি খণ্ডৰ ৰাজহুৱা সম্পত্তি কৰ্প’ৰেট গোষ্ঠীৰ হাতত গতাই দিব বিচাৰিছে । বিধেয়ক খনৰ মতে সকলোৰে বাবে বিদ্যুতৰ মাছুল সমান হ’ব। অৰ্থাত ধনীপৰিয়াল আৰু বিপিএল পৰিয়ালৰ মাজত বিদ্যুৎ বিলৰ পাৰ্থক্য নাথাকিব। বৰ্তমানৰ ব্যৱস্থা নাইকিয়া কৰিলে কৃষক, দৰিদ্ৰ সাধাৰণ গ্ৰাহকৰ বিদ্যুৎৰ মাছুল বৃদ্ধি পাব । প্ৰস্তাৱ অনুসৰি ইন্ধন গেছৰ দৰে প্ৰতিমাহে বিদ্যুতৰ মাছুল বৃদ্ধি পাব। মুনাফা অৰ্জন কৰিব ব্যক্তিগত কোম্পানীয়ে, লোকচান ভৰিব ৰাজহুৱা কোম্পানীয়ে। সেয়ে জনস্বাৰ্থ বিৰোধী আৰু সংবিধান বিৰোধী এই বিধেয়ক কেৱলমাত্ৰ ধনীশ্ৰেণীৰ লাভৰ বাবেহে।
আঠ আগষ্টত সংসদত বিধেয়ক খন উত্থাপন হোৱাৰ লগে লগে বিৰোধী সাংসদ মণীশ তেৱাৰী আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে তীব্ৰ বিৰোধিতা কৰে, ফলত সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু শক্তি মন্ত্ৰীয়ে পৰিস্থিতিৰ সম্মুখীন হব নোৱাৰি বিধেয়কখন স্থায়ী সদন সমিতি লৈ প্ৰেৰণ কৰিবলৈ আবেদন জনাই। অধ্যক্ষ ওম বিৰলাই বিধেয়কখনৰ ওপৰত সাংসদ সকলক পৰ্যালোচনা কৰিবলৈ সুবিধা প্ৰদান নকৰি সংসদৰ পৰম্পৰাগত বিধি ভংগ কৰি জনতাৰ স্বাৰ্থবিৰোধী আৰু সংবিধান বিৰোধী বিধেয়ক খন সংসদৰ স্থায়ী সদন কমিটি লৈ প্ৰেৰণ কৰে।
অন্যহাতেদি বৰ্ষাকালীন সংসদ অধিৱেশনত উত্থাপন কৰিবলৈ আগতিয়াকৈ প্ৰস্তুত কৰা ২০খন বিধেয়কৰ তালিকাত বিদ্যুৎ সংশোধনী বিধেয়ক-২০২২ অন্তৰ্ভুক্ত নাছিল। ২ আগষ্টত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে ফোন যোগে বিৰোধী সাংসদ সকলক জানিব দিয়ে যে কেন্দ্ৰীয় চৰকাৰে চলিত অধিবেশনত বিধেয়কখন উত্থাপন কৰিবলৈ অনুমতি দিছে। শক্তি মন্ত্ৰীয়ে ৫ আগষ্টত কেবিনেট মন্ত্রীসভাত বিধেয়ক খন প্ৰেৰণ কৰে লগতে ৬ আগষ্টত তালিকাত অন্তৰ্ভূক্ত কৰে, ৮ আগষ্টত অতি কৌশলেৰে পৰিপূৰক বিধেয়ক হিচাপে অন্তৰ্ভুক্ত কৰি বিধেয়ক খন সংসদৰ সকলো পৰম্পৰা ভংগ কৰি শক্তি মন্ত্ৰীয়ে উত্থাপন কৰে।
ইয়াৰ পাছতে জাঙুৰ খাই উঠে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতি, বিধেয়ক খন উত্থাপন হোৱাৰ লগে লগে আঠ আগষ্টত দেশজুৰি বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সকলে কৰ্মবিৰতি পালন কৰে লগতে কৰ্মস্থলীত দিনজোৰা প্ৰতিবাদী বিক্ষোভ প্ৰদৰ্শন কৰে। দেশৰ প্ৰায় ২৭ লাখ বিদ্যুৎ কৰ্মচাৰী, বিষয়া আৰু অভিযন্তাই স্বতস্ফুৰ্তভাৱে কৰ্মবিৰতি আৰু প্ৰতিবাদী বিক্ষোভ পালন কৰে।
সকলোৰে বিৰোধিতাৰ বাবে শক্তি মন্ত্ৰালয়ে ১২ আগষ্টত বিদ্যুৎ সংশোধনী বিধেয়কৰ সলনি বিদ্যুৎ সংশোধনী বিধি-২০২২ৰ বিজ্ঞপ্তি জাৰি কৰে আৰু সকলো সংশ্লিষ্ট অংশীদাৰ সংগঠন, প্ৰতিষ্ঠানক ৩০ দিনৰ ভিতৰত অৰ্থাৎ ১১ ছেপ্টেম্বৰৰ ভিতৰত মন্তব্য দাখিল কৰিবলৈ জাননী দিয়ে। নিয়ম অনুসৰি বিভিন্ন দল সংগঠনে মন্তব্য দাখিল কৰাৰ পাছত শক্তি মন্ত্ৰালয়ে ইয়াৰ পৰ্যালোচনা কৰি গণতান্ত্ৰিক ভাবে সিদ্ধান্ত গ্ৰহণ কৰা উচিত । শেহতীয়াকৈ শীতকালীন সংসদৰ অধিবেশনত কৃষি আইন বাতিল কৰাৰ সময়ত বিদ্যুৎ সংশোধনী বিধেয়কৰ ওপৰত কৃষকৰ লগতে সংশ্লিষ্ট অংশীদাৰ সকলৰ সৈতে আলোচনা নকৰাকৈ বিধেয়ক উত্থাপন নকৰে বুলি লিখিত প্ৰতিশ্ৰুতি দিও উলংঘা কৰিছে । সেয়ে সংযুক্ত কিষাণ মৰ্চাই ২৩ আগষ্টত দিল্লীত কেইবা হাজাৰ কৃষকৰ উপস্থিতিত মহাপঞ্চায়ত সংগঠিত কৰি দেশজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়নি প্ৰদান কৰে ।
বিদ্যুৎ সংশোধনী বিধেয়ক-২০২২ প্ৰতিহত কৰিবলৈ সকলো বিদ্যুৎ কৰ্মচাৰী, বিদ্যুৎ গ্ৰাহক, কৃষকৰ লগতে সকলোৱে ঐক্যবদ্ধ হৈ সাংবিধানিক অধিকাৰ আৰু ৰাজ্যৰ বিশাল সম্পত্তিৰ সুৰক্ষাৰ লগতে বিদ্যুতৰ মৌলিক অধিকাৰ ৰক্ষা আৰু প্ৰতিৰোধৰ আন্দোলন কেনেদৰে আগবাঢ়ে আৰু কিমানদুৰ সফল হয় সেয়াই হব লক্ষনীয় বিষয়।
লেখক
দীপক কুমাৰ সাহা