ড্ৰাগছৰ মাফিয়ালৈ পুনৰ গুলি চলালে অসম আৰক্ষীয়ে। বিশাল পৰিমাণৰ ড্ৰাগছৰ সৈতে তিনি ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল শিলচৰ আৰক্ষীয়ে। মঙলবাৰে আৰক্ষীৰ কবলৰ পৰা পলাবলৈ চেষ্টা কৰোতে অসম আৰক্ষীয়ে এজন ড্ৰাগছ মাফিয়ালৈ লক্ষ কৰি গুলীচালনা কৰে। আৰক্ষীৰ গুলীত আহত হোৱা ড্ৰাগছ মাফিয়াটো মনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা ড্ৰাগছ মাফিয়া জনৰ লগে লগে চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালৰ হস্পিতালত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।
এই সন্দৰ্ভত শিলচৰ আৰক্ষীয়ে জানিব দিয়া অনুসৰি- “আমি তেওঁলোকক এনে এটা স্থানলৈ লৈ গৈছিলো যাতে অধিক গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰো। স্থানত উপস্থিত হোৱাৰ পিছতে মাফিয়া জনে আমাৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰিছিল, যাৰ বাবে তেওঁক ভৰিত গুলীচালনা কৰিবলৈ বাধ্য হলো”।
উল্লেখযোগ্য যে মাজনিশা শিলচৰত কাছাৰ আৰক্ষী আৰু বিশেষ টাস্ক ফ’ৰ্চৰ যৌথ অভিযানত আহত ড্ৰাগছ বেপাৰীজনৰ লগত গ্ৰেপ্তাৰ কৰা আন দুজন লোক হৈছে সদৰ উদ্দিন আৰু আফছাৰ আলম।
এছটিএফৰ উপ-মহাপৰিদৰ্শক (ডিআইজি) পাৰ্থ সাৰথি মহন্তৰ তত্বাৱধানত চলিছিল এই যৌথ অভিযান। অভিযানৰ সময়তে মিজোৰামৰ পৰা শিলচৰ অভিমুখী আহি থকা এখন বাহনৰ পৰা ২.৫ কেজি হেৰ’ইন আৰু এক লাখ টেবলেট জব্দ কৰে।