১৫ জুলাই, ২০২৩, গুৱাহাটীঃ চি পি আই (এম), চি পি আই, চি পি আই (এম-এল), আৰ চি পি আই আৰু ফৰৱাৰ্ড ব্লকে আজি ৰাজ্যজুৰি অত্যাৱশ্যকীয় বয়-বস্তুৰ অস্বাভাৱিক দাম বৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে।
তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট নগাঁও, ৰঙিয়া, বৰপেটা, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, তেজপুৰ,লখিমপুৰ, ধেমাজি, কৰিমগঞ্জ, শিলচৰকে ধৰি সমগ্ৰ অসমত খাদ্যবস্তু, ঔষধ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰা, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ দাম হ্ৰাস কৰা, বিদ্যুৎ মাছুল আৰু পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, প্ৰি-পেইড স্মাৰ্ট মিটাৰৰ যোগেদি লুণ্ঠন বন্ধ কৰা আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা সাৰ্বজনীন আৰু শক্তিশালী কৰি চাউলৰ উপৰি দাইল, আটা, মিঠাতেল, চেনি, নিমখ আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত যোগান ধৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৫ বাওঁপন্থী দলে।

সমগ্র অসমৰ লগতে গুৱাহাটীতো কামৰূপ মহানগৰ জিলাৰ পাঁচ বাওঁ দলৰ যৌথ উদ্যোগত নিত্যপ্ৰয়োজনীয় সামগ্ৰীকে ধৰি অন্যান্য সকলো বয়-বস্তুৰ দাম বৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হয়। মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত প্ৰায় ২০০ ৰো অধিক লোক সমৱেত হৈ দাম বৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানৰে অঞ্চলটো উত্তাল কৰি তোলে।
বিক্ষোভস্থলীত অনুষ্ঠিত প্ৰতিবাদী সভাত বক্তব্য ৰাখে চি পি আই (এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমান, চি পি আই দলৰ ৰাজ্যিক নেত্ৰী অসমী গগৈ, চি পি আই (এম-এল) দলৰ ৰাজ্যিক নেতা ধীৰাজ দাস, আৰ চি পি আই দলৰ ৰাজ্যিক নেতা ফুলেশ্বৰ বসুমতাৰী আৰু ফৰৱাৰ্ড ব্লক দলৰ ৰাজ্যিক নেতা তপন দেৱনাথে।
প্ৰতিবাদকাৰী সকলে কয় যে- “সম্প্ৰতি শাক-পাচলি, ঔষধ, খাদ্য সামগ্ৰীকে ধৰি সৰ্ববিধ নিত্যপ্ৰয়োজনীয় বস্তুৰ অবিৰাম আৰু অস্বাভাৱিক দাম বৃদ্ধিয়ে জনসাধাৰণক মাৰাত্মকভাৱে জুৰুলা কৰিছে। আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে গৰিৱ আৰু নিম্নবিত্ত অংশৰ ৰাইজ। চহৰৰ বজাৰত শাক-পাচলিৰ দাম নজিৰবিহীনভাৱে বৃদ্ধি পাইছে। অথচ গাঁও অঞ্চলত খেতিয়ক ৰাইজে উৎপাদন ব্যয়তকৈও কম মূল্যত উৎপাদিত কৃষিজাত সামগ্ৰী বিক্ৰী কৰিবলৈ বাধ্য হৈছে। মাজত মধ্যস্বত্বভোগী আৰু বৃহৎ ব্যৱসায়ীয়ে মুনাফা লুটিছে। ৰাজ্য চৰকাৰৰ যোগান বিভাগ সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় । মূল্য নিয়ন্ত্ৰণৰ বাবে বিন্দুমাত্ৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।”
লগতে বিক্ষোভ কাৰ্যসূচীতে দলকেইটাই মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ ৰাজ্য চৰকাৰে জনসাধাৰণৰ দৃষ্টি অন্যফালে নিবলৈ মিঞা চাফাইৰ নিচিনা সাম্প্ৰদায়িক বক্তব্য দিয়াৰ নিন্দা কৰে। আনহাতে বিদ্যুৎ মাছুল বৃদ্ধি, প্ৰি-পেইড স্মাৰ্ট মিটাৰৰ যোগেদি লুণ্ঠন, পৌৰ কৰ ইত্যাদি বিপুল পৰিমাণে বৃদ্ধি কৰি ৰাজ্যৰ বি জে পি নেতৃত্বাধীন চৰকাৰখনে জনগণক মাধমাৰ শোধাইছে বুলিও মন্তব্য কৰে।
লগতে অভিযোগ কৰি কয় যে মোডী চৰকাৰে দেশী-বিদেশী বৃহৎ পুঁজিপতি গোষ্ঠী আৰু বৃহৎ বণিয়াবোৰক বিপুল পৰিমাণে কৰ ৰেহাই তথা অন্যান্য সা-সুবিধা আগবঢ়োৱাৰ বিপৰীতে সাধাৰণ ৰাইজৰ কান্ধত জি এছ টি, আৱগাৰী কৰ ইত্যাদিৰ দৰে পৰোক্ষ কৰৰ মেটমৰা বোজা জাপি দিছে। পৰোক্ষ কৰ বৃদ্ধিয়ে পেট্ৰ’ল, ডিজেল, ঔষধ, চাউল, দাইল, চেনি, আটাকে ধৰি সকলো ধৰণৰ পণ্য আৰু পৰিসেৱাৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি কৰিছে। ইয়াৰ লগত যুক্ত হৈছে বৃহৎ পুঁজিপতি আৰু ব্যৱসায়ী গোষ্ঠীবিলাকৰ অবাধ লুণ্ঠন। চৰকাৰৰ নীতিয়ে এই লুণ্ঠনক সহায় কৰিছে। বজাৰৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ আৰোপ কৰিবলৈ বৰ্তমান কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অস্বীকাৰ কৰিছে। ৰাইজক এৰি দিছে তথাকথিত মুক্ত বজাৰৰ বাধাহীন লুটপাতৰ চিকাৰ হ’বলৈ। সাধাৰণ ৰাইজক সকাহ দিবলৈ যিবোৰ ৰাজসাহাৰ্য ব্যৱস্থা আছিল তাক মোডী চৰকাৰে ব্যাপক হাৰত কৰ্তন কৰিছে। ইয়াৰ ফলতো ৰন্ধন গেছৰ চিলিণ্ডাৰ, সাৰ, খাদ্য সামগ্ৰী ইত্যাদিৰ দাম অভূতপূৰ্বভাৱে বাঢ়িছে।
দলকেইটাই দাম বৃদ্ধিৰ বাবে মূলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিক দায়ী কৰি এনে পৰিস্থিতিত আজি মূল্যবৃদ্ধিৰ বিৰুদ্ধে জনগণে এক শক্তিশালী আৰু ঐক্যৱদ্ধ আন্দোলন গঢ়ি তোলাৰ আহবান জনায়। লগতে বিক্ষোভস্থলীৰ পৰা নিত্যপ্ৰয়োজনীয় সামগ্ৰীকে ধৰি অন্যান্য সকলো বয়-বস্তুৰ দাম বৃদ্ধি হ্ৰাস কৰাকে ধৰি চৰকাৰৰ জনবিৰোধী কাম-কাজ বন্ধ কৰাৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
