বিপন্ন জীৱ-জন্তুৰ সুৰক্ষাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি ‘অনিল আগৰৱাল ফাউণ্ডেশ্যন’ৰ (AAF) নিজৰ প্ৰমুখ্য পশু কল্যাণমূলক প্ৰকল্প ‘দ্য এনিমেল কেয়াৰ অৰ্গেনাইজেশ্যনে’ (TACO), কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ সৈতে এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ (MOU) চুক্তিত স্বাক্ষৰ কৰিছে। লগতে এই চুক্তিৰ জৰিয়তে উদ্যানৰ অগ্ৰণী কৰ্মীসকলৰ বাবে চোৱাচিতা কেন্দ্ৰ আৰু উপযুক্ত বাসস্থানৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰিছে।
TACOৰ বন্যপ্ৰাণী সংৰক্ষণ প্ৰকল্প ‘মিছন বনৰক্ষা’ৰ অংশ হিচাপে এই সহযোগিতাই উদ্যানখনৰ বন্যপ্ৰাণী বিশেষকৈ বিপন্ন প্ৰজাতি সমূহৰ সুৰক্ষা শক্তিশালী কৰিব বুলি আশা কৰিব পৰা গৈছে। বুজাবুজি চুক্তিৰ এই সহযোগিতাত তিনি বছৰৰ ভিতৰত ব্যৱহাৰ হ’বলগীয়া ৬ কোটি টকাৰ অনুদানৰ ৰূপৰেখা প্ৰতিফলিত হৈছে।
বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ পৰিবেশ আৰু বন, এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ আৰু সংখ্যালঘু কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৰাজ্যখনৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
অনিল আগৰৱাল ফাউণ্ডেশ্যনৰ সভাপতি ঋতু ঝিংগন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক ড০ সোণালী ঘোষৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত উপস্থিত থাকে হিন্দুস্তান জিংক লিমিটেডৰ অধ্যক্ষ আৰু বেদান্ত লিমিটেডৰ অকাৰ্যবাহী সঞ্চালক প্ৰিয়া আগৰৱাল হেব্বৰ।
স্বাক্ষৰিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মাননীয় পৰিৱেশ আৰু বন মন্ত্ৰী ড° চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই পদক্ষেপৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি কয়, “কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেৱল অসমৰ নহয়, সমগ্ৰ বিশ্বৰ সম্পদ। আমি TACOৰ পদক্ষেপ ‘মিছন বনৰক্ষা’ক সমৰ্থন কৰি প্ৰতিশ্ৰুতিবদ্ধ হৈছো য’ত তেওঁলোকে শূন্য চোৰাং চিকাৰ অঞ্চল বজাই ৰাখিবলৈ আৰু আমাৰ ৰাজ্যত সংৰক্ষণ আৰু বহনক্ষমতাক প্ৰসাৰিত কৰিবলৈ চোৰাংচোৱাগিৰি কেন্দ্ৰ প্ৰদান কৰিব। বন ফ্ৰণ্টলাইন শ্ৰমিকৰ বাবে বাসস্থান স্থাপনো এই চুক্তিৰ এক উল্লেখযোগ্য পদক্ষেপ। আমাৰ ঐতিহ্য ৰক্ষা কৰাসকল, আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ কল্যাণে কাজিৰঙাৰ অতুলনীয় সৌন্দৰ্য্য আৰু জৈৱ বৈচিত্ৰ্য
বজাই ৰখাত সহায় কৰিব।”
হিন্দুস্তান জিংক লিমিটেডৰ অধ্যক্ষ আৰু বেদান্ত লিমিটেডৰ অকাৰ্যবাহী সঞ্চালক প্ৰিয়া আগৰৱাল হেব্বৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক ড° সোণালী ঘোষেও এই অংশীদাৰিত্বৰ ওপৰত সমৰ্থন প্ৰদান কৰি নিজৰ বক্তব্য আগবঢ়ায়।
১৩০২ বৰ্গ কিলোমিটাৰত বিস্তৃত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আৰু বাঘ সংৰক্ষিত বনাঞ্চল এক শিংযুক্ত গঁড়ৰ লগতে ২৬১৩ টাতকৈও অধিক বিৰল প্ৰজাতিৰ বাসস্থান। ইয়াৰ উপৰিও এই উদ্যানখনতে সৰ্বাধিক সংখ্যাত আছে বিশ্বৰ ভিতৰতে এছিয়াটিক জলম’হ । এই উদ্যান বিশ্বজুৰি বিপন্ন কেইবাটাও প্ৰজাতিৰ বাসস্থান বুলিও খ্যাত।
উল্লেখযোগ্য যে,TACO ৰ এই সংৰক্ষণৰ প্ৰচেষ্টা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে আৰু ই উদ্যানখনৰ বিলুপ্তপ্ৰায় বন্যপ্ৰাণীৰ সংখ্যাৰ বৃদ্ধি, চোৱাচিতা আৰু সুৰক্ষাৰ বিষয়টোয়ে এক ইতিবাচক ইংগিত বহন কৰিছে।