বিগত এবছৰে গৃহযুদ্ধত জ্বলি আছে মণিপুৰ। আজি পৰ্যন্ত কোনো সমাধান উলিয়াব পৰা নাই কেন্দ্ৰ তথা মণিপুৰৰ ৰাজ্য চৰকাৰে। কুকি আৰু মেইটেই, এই দুয়োটা ফৈদৰ মাজত আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষৰ ফলত ২০২৪ চনৰ মে মাহলৈ মৃত্যু হৈছে ২২৬ জন লোকৰ , নিৰুদ্দেশ হৈছে ৩৯ জন লোক , আনহাতে প্ৰায় ৬০ হাজাৰৰো অধিক লোক স্থানাস্যুত হৈছে, আজি পৰ্যন্ত আশ্ৰয় শিবিৰত দিব কটাবলৈ বাধ্য হৈছে জনসাধাৰণ।
কিন্তু দেশ-বিদেশ ভ্ৰমি ফুৰা বিশ্বগুৰুৰ এবাৰো আহৰি নহল মণিপুৰত উপস্থিত হবলৈ। দিল্লীত বহিয়েই হিংসা শেষ হোৱাৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সকলোবোৰৰ মাজতে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান The Wire ৰ এক প্ৰতিবেদনে খলকনিৰ সৃষ্টি কৰিছে সমগ্ৰ ভাৰতবৰ্ষতেই।
The wireৰ ৰাষ্ট্ৰীয় পৰিক্ৰমা সম্পাদক সংগীতা বৰুৱা পিছাৰতিযে শেহতীয়াকৈ মণিপুৰ হিংসা সন্দৰ্ভত এক তদন্তমূলক প্ৰতিবেদন প্ৰকাশ কৰিছে।
প্ৰতিবেদনত এটা ৪৮ মিনিটৰ দীঘলীয়া অডিঅ’ ক্লিপৰ কথা উল্লেখ কৰা হৈছে। যি অডিঅ’ ক্লিপত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ কথোপকথন শুনা গৈছে।
ক্লিপটোত উদ্ধাৰ হোৱা কথাখিনিৰ পৰা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ওপৰত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। কিয়নো উদ্ধাৰ কৰা ক্লিপটোত এন বীৰেণ সিঙে কথিত ৰূপে মণিপুৰ হিংসাৰ সূত্ৰপাত কৰোৱাৰ স্বীকাৰক্তি কৰা শুনা গৈছে।
আনহাতে নিজ ৰাজ্যত বোমা বিস্ফোৰণ কাৰোৱাৰো সন্দেহ প্ৰকাশ কৰা হৈছে এন বীৰেণ সিংৰ বিৰুদ্ধে। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা এক কথোপকথনক কেন্দ্ৰ কৰি এই সন্দেহ ব্যক্ত কৰা হৈছে। কিয়নো এই কথোপকথনত অমিত শ্বাহে এন বীৰেণ সিঙক বোমা ব্যবহাৰ নকৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু আৰক্ষী সঞ্চালক সম্ভৱত পি ডৌংগালৰ সৈতে হোৱা বাৰ্তালাপত এন বীৰেণ সিঙে মণিপুৰত বোমা ব্যৱহাৰ অব্যাহত ৰখাৰ কথা উল্লেখ কৰিছিল।
আনহাতে, হয়তো সকলোৰে মনত আছে – কেনেদৰে দুগৰাকী কুকি মহিলাক মণিপুৰৰ ৰাজপথত নিবস্ত্ৰ কৰি অত্যাচাৰ কৰা হৈছিল।
এই দুয়োগৰাকী মহিলাক ন্যায় দিয়াৰ বাবে সজোৰে প্ৰতিবাদ কৰিছিল মেইতেই সমাজে। কিন্তু এই ক্ষেত্ৰতো মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে বিশেষ ভূমিকা নোলোৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা নিজে উল্লেখ কৰিছে তেওঁ।
তদুপৰি উক্ত অডিঅ’ ক্লিপটোত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে মেইটেই গাঁও ৰক্ষক সকলক গ্ৰেপ্তাৰৰ পৰা ৰক্ষা কৰাৰ কথাও উল্লেখ কৰা শুনা গৈছে। যিসকল লোকে ৰাজ্যৰ আৰক্ষীৰ পৰা হাজাৰ হাজাৰ অস্ত্ৰ লুটি লৈছিল। আনকি তেওঁ এইটোও উল্লেখ কৰে যে যদি তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নহলহেঁতেন, তেওঁ নিজেই হাতত অস্ত্ৰ উঠাই ললেহেঁতেন।
আটাইতকৈ ভয়াবহ কথাটো হল এই সকলোবোৰ মাজত এন বীৰেণ সিঙে আওপকীয়াকৈ স্বীকাৰ কৰিছে মণিপুৰ হিংসাৰ সূত্ৰপাত কৰাৰ কথা। Audio ক্লিপটোত এন বীৰেণ সিঙৰ মন্তব্যত কুকি সম্প্ৰদায়ৰ প্ৰতি অধিক হিংসাত্মক ভাৱ ফুটি উঠা শুনা গৈছে। যত তেওঁ মণিপুৰত কুকি সম্প্ৰদায় বৃদ্ধি হোৱাকলৈ আপত্তি দৰ্শোৱা দেখা গৈছে। যিবোৰ দেখি, অধ্যয়ন কৰি তেওঁ নিজে এক অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছে।
এই সমগ্র কথোপকথন ৪৮ মিনিটৰ অডিঅ’ ক্লিপটোৰেই অন্তৰ্গত। যত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং, অমিত শ্বাহৰ লগতে কেইবাগৰাকীও ব্যক্তিৰ অস্পষ্ট মাত শুনা গৈছে। ইতিমধ্যে এই অডিঅ’ ক্লিপটো গুৱাহাটী উচ্চ ন্যায়াল়য়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বাৰ নেতৃত্বত গঠন কৰা তদন্ত আয়োগক প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে উক্ত অডিঅ’ ক্লিপটোৰ এটা অংশ বিগত ৭ আগষ্টত কুকি ছাত্ৰ সংগঠনে এক প্ৰেছ বিজ্ঞাপতিযোগে প্ৰচাৰ কৰিছিল। কিন্তু সেই নিশাই মণিপুৰ চৰকাৰে উক্ত ক্লিপটো মিছা বুলি উল্লেখ কৰিছিল।
কিন্তু এতিয়া সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ৪৮ মিনিটৰ সমগ্র ক্লিপটোৰ পুংখানুপুংখ তদন্ত হোৱা উচিত। বিগত এটা বছৰে মণিপুৰক অশান্ত কৰি ৰখাৰ আৰত আচলতে কোন আছিল ? সেই কথা অতি সোনকালেই পোহৰলৈ অহা উচিত।