২৮ আগষ্টত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ভাঙি পেলোৱা হ’ব দেশৰ সৰ্বোচ্চ অট্টালিকা নয়ডাৰ টুইন টাৱাৰ। দেওবাৰে ৩৭০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্রী ব্যৱহাৰ কৰি ধ্বংস কৰা হ’ব টুইন টাৱাৰটো।
কিয় ভাঙি পেলোৱাৰ নিৰ্দেশ দিলে নয়ডাৰ টুইন টাৱাৰ?
Livemintত প্ৰকাশিত এটি নিউজ অনুসৰি বিল্ডিং ক’ড উলংঘা কৰাৰ বাবেই ভাঙি পেলোৱাৰ নিৰ্দেশ দিছে নয়ডাৰ টুইন টাৱাৰটি। ২০০৪ চনত নয়ডাৰ ছেক্টৰ 93A ত ‘ছুপাৰটেক এমাৰ্লড ক’ৰ্ট’ হাউছিং ছ’চাইটিয়ে টুইন টাৱাৰটি নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। পাছৰ বছৰে নয়ডা কৰ্তৃপক্ষই ১৪টা টাৱাৰ আৰু ৯ মহলাৰ বিল্ডিঙৰ প্ৰকল্পটো অনুমোদন জনায়। কিন্তু পৰৱৰ্তী সময়ত এই পৰিকল্পনা সংশোধন কৰি ২০১২ চনত নয়ডা কৰ্তৃপক্ষই নতুন পৰিকল্পনা পৰ্যালোচনা কৰি টুইন টাৱাৰৰ উচ্চতা ৪০ মহলা নিৰ্ধাৰণ কৰিছিল।
ইয়াৰ পিছতে Residents’ Welfare Association (RWA)য়ে নিৰ্মাণ অবৈধ বুলি অভিযোগ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষলৈ যায়। সেই আবেদনৰ ভিত্তিত ২০১৪ চনত আদালতে নিৰ্দেশ দিয়া তাৰিখৰ পৰা চাৰি মাহৰ ভিতৰত টুইন টাৱাৰটো ভাঙি পেলাবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিছিল। ইয়াৰ উপৰিও বিল্ডাৰক ১৪% সুদৰ হাৰত ফ্লেট ক্ৰেতাৰ ধন ঘূৰাই দিবলৈও নিৰ্দেশ দিছিল।
পিছলৈ ২০২১ চনৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়েও এলাহাবাদ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক সমৰ্থন কৰি ভাঙি পেলোৱাৰ নিৰ্দেশ দিয়ে।
কেৱল মাত্ৰ ৯ চেকেণ্ডৰ ভিতৰত এই টাৱাৰ দেওবাৰে ভাঙি পেলোৱা হ’ব।