প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি চমুকৈ পি এম কিষাণ আঁচনিৰ কেলেংকাৰি এক সংঘবদ্ধ লুট আছিল বুলি অভিহিত কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে। কেৱল ৯৮ জন কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰি বিশাল কেলেংকাৰিটোৰে জড়িত শাসক দলৰ আশীৰ্বাদপুষ্ট একাংশক ৰক্ষণাবেক্ষণ দিব ওলাইছে বুলি ডি ৱাই এফ আইয়ে অভিযোগ কৰিছে।
কেগৰ প্ৰতিবেদনত পি এম কিষাণ আঁচনিৰ গুৰুতৰ অনিয়মৰ কথা পোহৰলৈ অহাৰ আৰু এক বিশেষ গোটে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ ৰুজু কৰাৰ পিছতহে চৰকাৰৰ গা লৰিছে। বিধান সভাত দাখিল কৰা কেগৰ প্ৰতিবেদন মতে পি এম কিষাণ আঁচনিৰ ৮ লাখ ৪৪ হাজাৰ ৬৭২ জন ভূৱা হিতাধিকাৰী চিহ্নিত হৈছে। এইসকল হিতাধিকাৰীয়ে আত্মসাৎ কৰা ধনৰ পৰিমাণ হৈছে ৫৬৭ কোটি ৪১ লাখ ৬৪ হাজাৰ টকা। ২০২০ চনত হোৱা প্ৰতিবাদৰ পিছত চৰকাৰে ঘোষণা কৰিছিল যে ভূৱা হিতাধিকাৰীয়ে তেওঁলোকৰ ধন ঘূৰাই দিব লাগিব। ঘূৰাই নিদিলে তেনে হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ‘ব। কিন্তু আচৰিত কথা যে মাত্ৰ ০.২৪ শতাংশ হিতাধিকাৰীয়ে মাত্ৰ ১কোটি ৩৭ লাখ টকাহে এতিয়ালৈ ঘূৰাই দিছে। এই কথাই প্ৰমাণ কৰিছে যে চৰকাৰে মুখত ভুৱা হিতাধিকাৰীৰ কথা স্বীকাৰ কৰিলে কিন্তু বাস্তৱত একোৱে নকৰিলে।
উল্লেখনীয় যে ২০২০ চনৰ ৮ মে‘ তাৰিখে এই সমগ্ৰ কেলেংকাৰিৰ তদন্ত বিচাৰি আৰু প্ৰকৃত কৃষকৰ অন্তৰ্ভূক্তিৰে এখন নতুন তালিকা প্ৰস্তুত আৰু কেলেংকাৰিত জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰালৈ মেইলযোগে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটিয়ে। কিন্তু তেতিয়া দুৰ্নীতিৰ সতে আপোচ কৰা মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
কেগৰ প্ৰতিবেদন মতে বৰপেটা জিলাত ৰাজ্যখনৰ ভিতৰতে সৰ্ববৃহৎ কেলেংকাৰি হৈছে। জিলাখনত ভূৱা হিতাধিকাৰীৰ সংখ্যা ২ লাখ ৩ হাজাৰ ৮ শ ৩৯ জন। ডি ৱাই এফ আইয়ে সেই সময়তে কিছু স্থানত ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছিল। বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত পুথিমাৰী, কামাৰগাঁও, চুলিয়াকাটা, ফেহুৰাখোৱা, মেদা পঞ্চায়তৰ কেইবাখনো গাঁৱত অধ্যয়ন কৰিছিল। আচৰিত কথা যে সেই সময়ৰ বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰতিনিধিত্ব কৰা সৰভোগ সমষ্টিৰ পুথিমাৰী গাঁৱত অখিল গগৈ (তালিকাৰ ক্ৰমিক নং- ৯) আৰু ফেহুৰাখোৱা পঞ্চায়তৰ অন্তৰ্গত বগুলামাৰী গাঁৱত দাউদ ইব্ৰাহিম (তালিকাৰ ক্ৰমিক নং ৫২২)- নামৰ দুই ব্যক্তিৰ নামত কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম সন্নিবিষ্ট হৈছিল। কিছুমান অদ্ভুত নাম, বেলেগ উপাধি আৰু মৃত ব্যক্তিৰ নামো তালিকাত অন্তৰ্ভুক্ত হৈছিল। সেই সময়ৰ বিজেপিৰ জিলা সম্পাদকৰ নামো তালিকাত আছিল। সমষ্টিটোৰ চকচকা মণ্ডলৰ সদস্যৰ নামত এখন তালিকাতে দুবাৰ সন্নিবিষ্ট হোৱাৰ লগতে তেওঁ পত্নী আৰু পৰিয়ালৰ সকলোৰে নাম সন্নিবিষ্ট হৈছিল। চুলিয়াকাটা পঞ্চায়তত য‘ত এজনো মুছলমান আৰু বঙালী লোক নাই তাত ডেৰ শতকৈও অধিক মুছলমান লোকৰ নাম হিতাধিকাৰীৰ তালিকত আহিছিল। ইয়াৰ উপৰি বহু চাকৰিয়াল, প্ৰাক্তন সৈনিকেও কৃষক সন্মান নিধিৰ ধন পাবলৈ সক্ষম হৈছিল।
ধেমাজি জিলাৰ নিলখ পঞ্চায়তৰ হিতাধিকাৰীৰ নামৰ তালিকাত বহু অৰুণাচলী লোকৰ নামৰ লগতে ঠিকাদাৰ, অৱস্থাসম্পন্ন পৰিয়াল, ছাত্ৰ আৰু বহিঃৰাজ্যত কাম কৰা ব্যক্তিৰ নামো তালিকাত সন্নিবিষ্ট হৈছিল।
বৰ্তমানৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰ অন্তৰ্গত ৰামচা গাঁৱত বঙালী আৰু মুছলমান লোকৰ নাম সন্নিবিষ্ট হৈছিল, যিখন গাঁৱত শৰণীয়া আৰু বড়ো সম্প্ৰদায়ৰ লোকেহে বাস কৰে।
আনহাতে কিছুমান অদ্ভুত নাম যেনে সৰভোগ সমষ্টিৰ দক্ষিণ গণকগাড়ী গাঁৱৰ হিতাধিকাৰীৰ নাম evsuf (ক্ৰমিক নং -৪২) আৰু BVN BV (ক্ৰমিক নং -১৯)। ধেমাজি জিলাৰ নিলখ পঞ্চায়তৰ হিতাধিকাৰীৰ নাম XXXXX (ক্ৰমিক নং ২৩৩০), UIHDSQWHNKDFEW (ক্ৰমিক নং ১১৩৪) আৰু VTIGJ (ক্ৰমিক নং- ১৩৪৮) ।
এইবোৰে এটা কথাই প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত বিয়াগোম কেলেংকাৰি সংঘটিত হৈছিল আৰু শাসক দল বিজেপি-এজিপিৰ নেতা-কৰ্মী আৰু পঞ্চায়ত প্ৰতিনিধি সকল আছিল এই আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ মূল হৰ্তাকৰ্তা। কৃষি বিষয়া সকলো কোনো গুণেই কম নহয় যদিও কেৱল ৯৮ জন কৃষি বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত দিয়াৰ অৰ্থ হ‘ল কেলেংকাৰিত লিপ্ত নিজ দলৰ নেতা-পালিনেতাক সুৰক্ষা দিয়া।
ডি ৱাই এফ আই এয়া তদন্তৰ নামত নিজ দলৰ নেতা কৰ্মীক ৰক্ষণাবেক্ষণ দিয়াৰ এক ডাঙৰ চক্ৰান্ত বুলি অভিহিত কৰিছে আৰু কেলেংকাৰিৰ সকলো বিষয় সামৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী কৰিছে। ডি ৱাই এফ আইয়ে কেৱল বিভাগীয় তদন্ত নহয় ৯৮ জন কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে অপৰাধজনিত গোচৰো ৰুজু কৰিবলৈও দাবী কৰিছে।