তাৰিফ ভূঞা
ফোন নম্বৰ ৭০০২৭৫২৮৫৬.
অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক ভাৱে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে প্ৰাথমিক শিক্ষাৰ মাধ্যম কি হোৱা উচিত এই লৈ ভিন্ন মতামত থাকিলেও গ্ৰহণ যোগ্য মাধ্যম মাতৃভাষা বুলিয়ে শিক্ষাবিধ সকলৰ অভিমত হোৱা দেখা যায়। মনোবিজ্ঞানৰ কোনো বিশেষজ্ঞক কোনোবাই যদি প্ৰশ্ন কৰে প্ৰাথমিক শিক্ষাৰ মাধ্যম কি হোৱা উচিত, নিঃসন্দেহে উত্তৰ পোৱা যায়, শিক্ষাৰ মাধ্যম হিচাবে মাতৃভাষা সর্বোত্তম প্ৰাথমিক শিক্ষাৰ মাধ্যম। সমগ্ৰ পৃথিৱীৰ শ শ বিশ্ববিদ্যালয়ৰ পৰিচালিত গবেষণাৰ সকলো ফলাফল, সকলো অধ্যয়ন আৰু সকলো দেশ ব্যাপী পৰিচালিত সমীক্ষাই যিমান শিক্ষা ব্যবস্থাত অন্য ভাষা, অ-নেটিভ ভাষা, বা ঔপনিবেশিক ভাষাৰ সমস্যা দেখা দিছে সেইটোৱে প্রমাণ কৰিছে যে মাতৃভাষা শিক্ষাৰ মাধ্যম আটাইতকৈ ফলপ্ৰসু। অন্য যি কোনো ভাষাতকৈ যথেষ্ট ভাল , যথেষ্ট শক্তিশালী । আমাৰ ৰাজ্য খনত বৰ বেছি পাঁচৰ পৰা দহ শতাংশ লোকৰ ইংৰাজী ভাষাত দক্ষতা আছে। কিছুমান মানুহে ইংৰাজী ভাষাত সাৱলীলভাৱে কথা ক’ব পাৰে যদিও ব্যকৰণ গত দিশত ভুল থাকে বাবে সম্পূৰ্ণ শুদ্ধ নহয় । কিছুমান ইংৰাজী ভাষাৰ শিক্ষকৰো এই দুৰ্বলতা নিশ্চয় আছে আৰু দক্ষতাৰ অভাৱ আছে। তেন্তে গ্ৰামাঞ্চলৰ যি সকল শিক্ষকে এতিয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি আছে, তেওঁলোকৰ প্ৰায় অৰ্ধেক শিক্ষকে ইংৰাজী মাধ্যমৰ গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম শিকাব পাৰিব জানো ? আমাৰ অসমৰ প্ৰাথমিক শিক্ষাৰ যি আন্তঃগাথঁনি, এজনীয়া শিক্ষকৰ বিদ্যালয়, তিনি চতুৰ্থাংশ প্ৰাথমিক বিদ্যালয়ত শ্ৰেণী অনুপাতে শিক্ষকৰ ব্যৱস্থা নথকা ,বহ বহু শিক্ষকৰ খালী পদ থকা আদি অৱস্থাত ইংৰাজী ভাষাত অংক আৰু বিজ্ঞান পঢ়োৱাটো ফলপ্ৰসু হ’ব বুলি কোনো পধ্যে ভাবিব পাৰি জানো? তদুপৰি ইংৰাজী ভাষা আমাৰ বাবে বিদেশী ভাষা হোৱা কাৰণে সাধাৰণ নিম্ন বিত্ত অশিক্ষিত,অৰ্ধশিক্ষিত পৰিয়ালৰ শিক্ষাৰ্থীসকলে দ্বীগুণ চাপ অনুভৱ কৰিব এই ভাষাত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত । বহু পৰিয়ালৰ শিক্ষাৰ্থীসকলে এই চাপ সহ্য কৰিব নোৱাৰি শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ পৰা আতৰি যাবলৈ বাধ্য হ’ব। ড্ৰপ আউটৰ সংখ্যা যথেষ্ট বাঢ়ি যাব। তেতিয়া “সকলো শিশু বিদ্যালয়লৈ যাব , সকলো শিশু শিক্ষিত হ’ব ” এই সপোন সপোন হৈয়েই থাকি যাব , বাস্তবায়িত হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাই যাব ।
প্রাথমিক বিদ্যালয়ৰ শিক্ষা মাতৃভাষাতে হোৱা উচিত । মাতৃভাষা ব্যবহাৰ কৰি প্রথমে অন্যান্য ভাষাৰ কথ্য ৰূপ শিকোৱা উচিত। এজন ব্যক্তি যেতিয়াএটা নির্দিষ্ট স্তৰলৈকে ভাষাৰ কথিত ৰূপ শিকি লয়, তেতিয়া সেই ব্যক্তিক ভাষাৰ লিখিত ৰূপ শিকোৱা উচিত। এইটো এই কাৰণে উচিত যে এই টো কৰিলে শিশুয়ে বহু শব্দ পঢ়াৰ পৰিবৰ্তে শোনাৰ মাধ্যমেৰে সহজেই শিকিবলৈ সক্ষম হয় । শিক্ষার্থী সকলে ইতিমধ্যেই তেওঁলোকৰ মাতৃভাষাত পৃথিৱীৰ প্ৰাথমিক ধাৰণাসমূহ মনৰ ভিতৰত সুসজ্জিত কৰি লয় আৰু সি শ্ৰেণী কোঠাত বিষয় সমূহ শিকিবলৈ আৰম্ভ কৰে। যি শিক্ষকে তেওঁৰ মাতৃ ভাষাত পাঠ দান কৰে,ত তেওঁ বিষয়টোক সহজ, দ্ৰুত আৰু বিনাদ্বিধাই নিসংকোচে শিকাব পাৰে। শিক্ষক আৰু শিক্ষাৰ্থীসকল উভয়ে আত্মবিশ্বাসী হৈ থাকে। ছাত্ৰ-ছাত্ৰী সকলে প্ৰশ্ন বা সন্দেহ সমূহ,অথ অথবা তেওঁৰ মতামত প্ৰকাশ কৰাত কোনো দ্ধিধা নকৰে। মাতৃভাষাত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলে স্বাভাবিকতে জাতিৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি থকা দেখা যায়, যিটো এটা জাতিৰ কাৰণে সম্পদ হৈ উঠে। শিক্ষাৰ মাধ্যম মাতৃভাষা হ’লে কম খৰছত নাগৰিক সকলক দ্ৰুত ভাৱে শিক্ষিত কৰি গঢ়ি তুলিব পৰা যায় ।এট এটা সমীক্ষাত গণনা কৰি দেখা গৈছে আমাৰ দেশৰ জি ডি পি ৰ প্ৰায় ৮৫ শতাংশ উৎপাদিত হয় মাতৃভাষা ব্যৱহাৰ কৰি ।
অৰ্থনৈতিকভাৱে উন্নত সকলো দেশৰ নাগৰিক সকলৰ শিক্ষাৰ হাৰ অধিক, কাৰণ হিচাপে দেখা গৈছে তেওঁলোকৰ শিক্ষাৰ মাধ্যম মাতৃ ভাষা। আকৌ যি সমূহ দেশে মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহাৰ কৰে তেওঁলোকে তেওঁলোকৰ নিজস্ব শিল্প গঢ়ি তোলে আৰু তেওঁলোকৰ নাগৰিক সকলৰ কৰ্মসংস্থানৰ চাহিদা স্বচ্ছন্দে পুৰণ কৰিবলৈ সক্ষম হয় । সেই দিশৰ পৰা বিবেচনা কৰিবলৈ গ’লে , অসমীয়া প্ৰকাশনা শিল্প অসমৰ এক বৃহৎ শিল্প । অসমীয়া প্ৰকাশনা শিল্পৰ লগত যুক্ত হৈ থকা এক বৃহৎ সংখ্যক লোক কৰ্মচ্যুত হ’ব যদি তৃতীয়ৰ পৰা দশম শ্ৰেণীলৈ দুটা বিষয়ৰ পাঠ্যক্ৰমৰ কিতাপ ইংৰাজী ভাষাত দিয়া হয় । মাতৃভাষাত শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে দেশৰ উন্নয়নমূলক সংগ্রামত আৰু সামাজিক অৰ্থনৈতিক সমস্যা সমূহ সমাধানৰ বাবে প্রয়োজনীয় দক্ষতাৰে আগভাগ লোৱাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব পাৰে। সেয়ে উন্নত দেশসমূহত শিক্ষাৰ মাধ্যম অধিকাংশই তেওঁলোকৰ মাতৃভাষাৰ নিচিনা বা মাতৃ ভাষাতে ।
সমগ্ৰ পৃথিৱীৰ ৪০শতাংশ শিশু প্ৰাথমিক বিদ্যালয়ত নিজৰ মাতৃভাষাৰ পৰিবৰ্তে অন্যান্য ভাষাত শিক্ষা গ্ৰহণ কৰিব লগা হয়। ফলত শিক্ষক সকলে আশা কৰা ধৰণে শিক্ষাৰ্থীসকলে অগ্ৰগতি লাভ নকৰে। পৃথিৱী কেইবাখনো ৰাষ্ট্ৰই দৰিদ্ৰতাৰ লগত যুদ্ধ কৰিও মাতৃ ভাষাত শিক্ষা দান কৰাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰি বহু পৰিমাণে সফল হৈছে। নেপালত ২০১৫ চনত নেপালী বাদেও আন স্থানীয় মাতৃ ভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা কৰি সফলতা লাভ কৰিছে। নেপালত ৫৪ শতাংশ ছাত্ৰ-ছাত্ৰীৰ মাতৃ ভাষা অনেপালী । বলিভিয়াত২০১০ চনত আইন প্ৰণয়ন কৰি স্পেনিছ ভাষাৰ উপৰিও আদিবাসী সকলৰ মাতৃ ভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে । তাত আদিবাসী জনসংখ্যা ৬০ শতাংশ । সেই দৰে জিম্বাবুয়ে , মাদাগাস্কাৰ , ৰুয়ান্ডা , জাম্বিয়া আদি দেশে মাতৃ ভাষাত প্ৰাথমিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰি সফলতা লাভ কৰা বুলি প্ৰকাশ কৰিছে।
আমাৰ দেশৰ ভাষাৰ গঠন পিৰমিডৰ নিচিনা। কাঠামোৰ একেবাৰে তলত আছে বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব ভাষা, তাৰ পিছত প্ৰাদেশিক মান্যতা প্ৰাপ্ত তথা স্বীকৃতি প্ৰাপ্ত মাতৃ ভাষা বা আঞ্চলিক সংযোগী ভাষা। তাৰ পাছত আছে ৰাষ্ট্ৰীয় সংযোগী বা ৰাষ্ট্ৰ ভাষা বা ৰাষ্ট্ৰীয় চৰকাৰী ভাষা। কিন্তু ইয়াৰে কাঠামোৰ গুৰিত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব মাতৃ ভাষা আটাইতকৈ অধিক উপেক্ষিত হৈ থাকে। এই ভাষা সমূহে চৰকাৰী স্বীকৃতি নাপায়। আমাৰ দেশত ১৬৫২ টা ভাষা উপভাষা চলে । ইয়াৰে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি ভাষা মাত্ৰ ষোল্ল টকা। সেইদৰে অসমত বড়ো, ৰাভা, সাজু, মৰাণ, মটক তাই, মিছিং,দেউৰ দেউৰী,নেপালী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ একুৰিৰ অধিক ভাষা ভাষী লোক আছে যদিও স্বীকৃতি আছে কেইটাৰ? এই জাতি জনগোষ্ঠীৰ লোকসকলে প্ৰতিযোগিতাত টিকি থকাৰ কাৰণে বলীৰ ভাষা গ্ৰহণ কৰি নিজৰ ভাষা এৰি দিবলৈ বাধ্য হয় । এই প্ৰক্ৰিয়াত ইংৰাজী – হিন্দী কৰি কৰি বহু যুঁজ কৰি প্ৰতিষ্ঠা কৰা আৰু মান্যতা লাভ কৰা আমাৰ শ্নেহৰ মাতৃ ভাষা অসমীয়া এটা সময়ত নিশকতীয়া হৈ নাযাব তাৰ কি নিশ্চয়তা আছে ? উন্নত দেশসমূহত দেখা যায় যে তাত ভাষাৰ ক্ষেত্ৰত এক ধৰণৰ সমতা আছে,তাৰ কাৰণ মাতৃভাষা আৰু শিক্ষাৰ মাধ্যম এটাই । আমাৰ দেশত বিভিন্ন ধৰণৰ বৈষম্য আছে, জনসাধাৰণৰ মাজত থকা বৈষম্যেৰ বাবে ভাষাও এটা প্রধান কাৰণ ।
বিভিন্ন দিশ চালি -জাৰি চাই ইউনেস্কোই এই ক্ষেত্রত গবেষণা কৰি দেখা পাইছে যে শিশুই তেওঁলোকৰ মাতৃভাষাত ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে। সেই কাৰণে অন্তত প্রাথমিক শিক্ষাৰ বাবে তেওঁলোকক মাতৃভাষাত শিক্ষা দিয়া উচিত। তাৰ লগত শিশুক ইংরেজি শিকোৱা ,কথা কোৱাৰ অভ্যাস কৰা উচিত ,কাৰণ এইটো এটা বিশ্বব্যাপী চলি থকা ভাষা। সেই হিচাবে আমাৰ অসমত চলি থকা ব্যৱস্থাটো ঠিকেই আছে, প্ৰথম মান শ্ৰেণীৰে পৰা ইংৰাজী দ্বিতীয় ভাষা হিচাপে চলি আছেই। অৱশ্যে এইটোও অনশ্বীকাৰ্য যে ইংৰাজী ভাষাই বিশ্বব্যাপী সুযোগৰ দুৱাৰ মুকলি কৰি দিয়ে। কিন্তু সেই দুৱাৰলৈ যোৱাৰ সুযোগ অসমৰ নিচিনা পশ্চাদ পদ ৰাজ্য খনৰ কিমান পৰিয়ালৰ শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব পাৰিব , এই টো এটা কৌটি টকীয়া প্ৰশ্ন এতিয়া। সামাজিক অর্থনৈতিক তথা ৰাজনৈতিক পটভূমি নির্বিশেষে সকলোৰে কাৰণে মাতৃভাষাত শিক্ষাদানৰ মাধ্যমেৰে দক্ষতা তথা জ্ঞানেৰ বিকাশৰ দিশত অসম চৰকাৰে মনোযোগ দিয়া উচিত। মনস্তাত্বিক দিশ , বাস্তৱ পৰিস্থিতি, শৈক্ষিক আন্তঃগাথঁনি, বিজ্ঞান সন্মত বিশ্লেষণ কৰি বিশেষজ্ঞ সকলে মাতৃ ভাষাতে অসমত প্ৰাথমিক শিক্ষা দিয়াৰ পোষকতা কৰে।