প্ৰকৃততে শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্মৰ জৰিয়তে সাধাৰণ জনতাৰ মাজত গণতান্ত্ৰিক মূল্যবোধৰ এখন সুষ্ঠ সমাজ গঢ়াত বিশেষভাৱে অৰিহণা যোগালে ৷
অসমীয়া জাতীয় জীৱনলৈ মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ অৱদান সম্পৰ্কে আলোচনা কৰিবলৈ লওঁতে স্বাভাৱিকভাৱেই আমাৰ মনলৈ আহে – অসমীয়া সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনৰ এনে এটা দিশ নাই য’ত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱ অনুভুত নহয় ৷ অসমীয়া সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনৰ এনে এটা দিশ নাই য’ত শ্ৰী মন্ত শংকৰদেৱৰ প্ৰভাৱ অনুভুত নহয় ৷ অসমৰ সামাজিক, সাঁস্কৃতিক জীৱনত শংকৰদেৱৰ ভক্তি আদৰ্শই পঞ্চদশ –ষোড়শ শতিকাত এক প্ৰকাৰ নৱজাগৰণৰ সুচনা কৰিছিল ৷ তেওঁ নিজেই কাব্য গীত, নাট আদি ৰচনা কৰাৰ উপৰিও, ধৰ্ম প্ৰচাৰ কৰিবলৈ আন আন শিষ্য প্ৰশিষ্যসকলকো সেই কাৰ্য্যত ব্ৰতী কৰিছিল ৷
শংকৰদেৱে আধ্যাত্মিক তথা ভক্তিমূলক ৰচনাৰাজিৰ সৃষ্টিৰ অন্তৰালত নিহিত হৈ থকা ভক্তি আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ই অধিক ফলপ্ৰসু অৰু সুদৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত শংকৰদেৱ আৰু তেওঁৰ অনুগামী সকলে বিভিন্ন সাহিত্য সম্ভাৰেৰে হাত উজান দিয়াৰ লগতে সত্ৰ, নামঘৰ প্ৰতিস্থা কৰি অসমীয়া সমাজখন একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ যত্ন কৰিছিল ৷ সত্ৰ অসমীয়া জাতীয় জীৱনৰ অন্যতম অনুষ্ঠান ৷ সৎ লোকক ত্ৰান কৰোৱা বা পূন্যধামলৈ গতি কৰাৰ অৰ্থত সাধাৰণতে ‘সত্ৰ’ শব্দ ব্যৱহাৰ কৰা হয় ৷ যজ্ঞ, ধৰ্মস্থান, দাতব্য, যোগ, সদাব্ৰত আদি অৰ্থতো সত্ৰ শব্দ প্ৰয়োগ কৰা হয় ৷ সংগীত আৰু সুকুমাৰ কলাৰ চৰ্চাৰ ক্ষেত্ৰত সত্ৰানুষ্ঠান একক, অনন্য ৷
সংগীতৰ ভিতৰত বড়গীত অন্যতম ৷ বড়গীত হ’ল উচ্চ আধ্যাত্মিকভাৱ সম্পন্ন পূৰ্ণাঙ্গ মাৰ্গীয় পৰ্য্যায়ৰ গীত ৷ বড়গীত সমুহ ব্ৰজাৱলী ভাষাত ৰচিত. লগতে ৰাগ-তাল বিশিষ্ট সত্ৰীয়া নৃত্য প্ৰধানকৈ ভাওনাৰ লগত জড়িত ৷ সত্ৰীয়া নৃত্য মুলত: শাস্ত্ৰীয় নৃত্য আৰু এই নৃত্যৰ স্ৰষ্টা আছিল শংকৰদেৱ ৷ ভাওনা বা অংকীয়া ভাওনা মহাপুৰুষৰ দ্বাৰা সৃষ্ট অন্যতম অৱদান ৷ শংকৰদেৱৰ আগলৈকে কোনো নাট ভাওনাৰ উল্লেখ পোৱা নাযায় ৷ সত্ৰৰ দৰে নামঘৰো অসমৰ জাতীয় জীৱনৰ অন্যতম ধৰ্মীয় অনুষ্ঠান ৷ অসমৰ ভক্তি আন্দোলনৰ অন্যতম দিশ ‘নাম কীৰ্তনৰ’ আধাৰতে নামঘৰ গঢ়ি তোলা হৈছে ৷ নামঘৰ অসমীয়া জাতীয় জীৱনৰ ধৰ্মীয় আৰু শিল্প চৰ্চাৰ কেন্দ্ৰস্থল ৷ এটা সময়ত নামঘৰক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছিল উচ্চমান বিশিষ্ট ঘৰুৱা শিল্প অৰু খনিকৰী শিল্প চৰ্চা ৷ ফলস্বৰূপে গাৱঁৰ খনিকৰ সকলে নামঘৰৰ প্ৰয়োজনীয় তিনি খলপীয়া, পাঁচ খলপীয়া, সাত খলপীয়া সিংহাসন, গৰুড়াসন, কৰণি, ৰাঙলি শৰাই ঠগা আদি সাজি উলিয়াইছিল ৷ নামঘৰৰ প্ৰয়োজনীয় সামগ্ৰী গাৱঁলীয়া সমাজে নিজে নিৰ্মাণ কৰি উলিওৱাৰ ওপৰিও আজৰি সময়ত পুৰাণ, ভাগৱত আদি পঠিত হৈছিল আৰু ইয়াৰ চৰ্চা হৈছিল ৷ এক অৰ্থত নামঘৰ এক অনানুষ্ঠানিক শিক্ষা কেন্দ্ৰ হিচাপে পৰিগনিত হৈ আহিছে আৰু অসমীয়া সমাজলৈ ই প্ৰভুত অৱদান আগবঢ়াইছে ৷ ‘নামঘৰ’ক লোক আদালত বুলিও ক’ব পাৰি ৷ নামঘৰত সৰুসুৰা সামাজিক সমস্যা, কাজিয়া-পেচাল, আদি সমাজৰ মুখিয়াল লোক প্ৰমুখ্যে নামঘৰৰ বিষয়ববীয়াসকলে বিচাৰ কৰাৰ ৰীতি আছে ৷ শংকৰদেৱে এনেদৰে অসমীয়া সমাজ জীৱনক প্ৰভাৱিত কৰাৰ লগতে অসমীয়া সমাজ গঠনৰ এক সঠিক আৰু সু্স্থ পদক্ষেপ গ্ৰহণ কৰি অসমীয়া জাতিক এক নতুন মাত্ৰা প্ৰদান কৰে ৷
সৰ্বোতকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া শংকৰদেৱে একশৰণ নামধৰ্মৰ জৰিয়তে জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মনুষ্যকে ঈশ্বৰৰ সন্তানৰূপে গণ্য কৰি জ্ঞানৰ বন্তিৰে পোহৰাই তুলি একেডাল মায়াজালেৰে বান্ধি সৰ্বস্তৰৰ লোকক সামৰি এখন বৃহৎ সমাজ গঠন কৰিব খুজিছিল ৷ শঙ্কৰদেৱ আছিল সমন্বয়ৰ বাটত পোহৰ বিলোৱা এগৰাকী বন্তিধাৰী ৷
ৰাজতন্ত্ৰৰ আৰু সমাজৰ অনেক নিৰ্য্যাতন সহ্য কৰিও শংকৰদেৱে এখন নৈষ্ঠিক আৰু সংস্কৃতিসম্পন্ন্ সমাজৰ কথা চিন্তা কৰিছিল ৷ শঙ্কৰদেৱৰ চিন্তাত সুস্থ সংস্কৃতিসম্পন্ন জীৱনবোধৰ আভাষ পোৱা যায় ৷ ৷ সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত এনে জীৱনবোধৰ গুৰুত্ব কম পৰিমাণে হ’লেও আছে ৷ বিভিন্ন দেশৰ সমাজ ইতিহাসত দেখা গৈছে যে অনেক শিল্পী, সাহিত্যিক ভাৱবাদী জীৱন ব্যৱস্থাৰ সৈতে জড়িত হৈয়ো নিৰীশ্বৰবাদী অথবা বস্তুবাদী ভাৱধাৰাৰ মানুহৰ বাবে গ্ৰহণযোগ্য ব্যক্তিত পৰিণত হৈছে মুলত: তেওঁলোকৰ সমাজ চিন্তাৰ কিছুমান দিশৰ বাবে ৷ জাৰৰ শাসন ব্যৱস্থা ওফৰাওতে মহামতি লেনিনে বহুক্ষেত্ৰত ভাৱবাদী টলষ্টয়, ডষ্টয়ভস্কি, আলেকজেণ্ডাৰ পুস্কিন, আদিৰ চিন্তা-চৰ্চাক গ্ৰহণ কৰি তেওঁলোকৰ ইতিবাচক দিশবোৰ ব্যৱহাৰ কৰিছিল ৷ আমিও শঙ্কৰদেৱক তেনেদৰেই চাব পাৰিলে বা তেৰাৰ চিন্তা-দৰ্শনৰ বিচাৰ কৰিব জানিলে সমাজ পৰিৱৰ্তনত আশাবাদী লোকৰ বাবে শংকৰদেৱ আংশিকভাৱে হ’লেও গ্ৰহনীয় হৈ উঠিব ৷
শংকৰদেৱৰ সময়চোৱাত অসমৰ সমাজ ব্যৱস্থা ঘুণে ধৰা আছিল ৷ “সামাজিক কুৰীতি, অনাচাৰ, ধৰ্মৰ নামত চলা ব্যভিচাৰ আৰু অসংখ্য ক্ষুদ্ৰ ধৰ্মীয় সম্প্ৰদায়ৰ অন্ধবিশ্বাস আধাৰিত আচাৰ আচৰণ, জীৱন ধাৰণৰ অস্বাস্থ্যকৰ ব্যৱস্থা, স্বাস্থ্যকৰ জীৱন যাপনৰ বিষয়ে অজ্ঞতা আদিয়ে নিশ্চয়কৈ শংকৰদেৱক ব্যথিত আৰু চিন্তিত কৰিছিল ৷ “ (কৰবী ডেকা হাজৰিকা : মাধৱদেৱ: সাহিত্য, কলা আৰু দৰ্শন )
তান্ত্ৰিক বৌদ্ধ ধৰ্ম্ আৰু শাক্ত ধৰ্মই অসমত এক জটিল ৰূপ ধাৰণ কৰিছিল ৷ দেৱী উপাসনাৰ বাবে নৰবলিৰ দৰে ক্ৰিয়া কাণ্ডও সংঘটিত হৈছিল ৷ নানা ধৰ্মমত সৃ্ষ্টি হোৱাৰ ফলত সমাজত এক বিভ্ৰান্তিকৰ অৱস্থাৰ উদ্ধৱ হৈছিল ৷ সমাজ জীৱনত শ্ৰেণী-বৈষম্য বৃদ্ধি হৈছিল ৷ “ভোগী শ্ৰেণীটোৰ উৎপত্তি আছিল সমাজত অৰাজকতা সৃষ্টিৰ অন্যতম কাৰণ ৷ ভাৰতৰ অন্যান্য ঠাইত চুড়ান্ত অৱনতি লাভ কৰা দেৱদাসী প্ৰথাই অসমৰ কোনো কোনো মন্দিৰত দেৱদাসী নটীৰ শ্ৰেণী এটা সৃষ্টি কৰিছিল আৰু এইদৰে সামাজিক, নৈতিক মূল্যবোধৰ অৱক্ষয়ো আৰম্ভ হৈছিল ৷” ( কৰবী ডেকা হাজৰিকা: মাধৱদেৱ: সাহিত্য, কলা আৰু দৰ্শন )
বহুমুখী প্ৰতিভাৰ অধিকাৰী শংকৰদেৱক কেৱল ধৰ্ম প্ৰচাৰকৰূপে গন্য কৰিলে তেওঁৰ প্ৰতিভাৰ প্ৰকৃত মুল্যায়ন কেতিয়াও সম্পূৰ্ণ নহয় ৷ ধৰ্মৰ নামত চলি থকা নানা অমাৱনীয় অৰু অযুক্তিকৰ আচাৰ –আচৰণ আদিৰ লগতে জাতিভেদ প্ৰথা, অন্ধবিশ্বাস আদি নিৰ্মুল কৰি এখন আদৰ্শ অসমীয়া সমাজ গঢ়াৰ সপোন আছিল শংকৰদেৱৰ ৷ সেইখন সমাজ আছিল সমতা আৰু মানৱতা, গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ৷ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সমান্তৰালভাৱে অসমীয়া সমাজখনৰ সংস্কাৰ সাধন কৰা মহাপুৰুষ শংকৰদেৱৰ এটা প্ৰধান উদ্দেশ্য আছিল ৷ এখন ৰুগ্ন আৰু ভগ্ন সমাজত জ্ঞানৰ পোহৰ সিঁচিবলৈ তেওঁ অশেষ কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল ৷ এই দিশবোৰ চালি জাৰি চাই আমি শ্ৰীমন্ত শংকৰদেৱৰ নাম এজন সাহসী বিপ্লৱী হিচাপে ল’ব পাৰোঁ ৷ এখন আদৰ্শ সমাজ গঢ়াৰ স্বাৰ্থত তেওঁ এক সংগ্ৰামী জীৱন অতিবাহিত কৰিছিল ৷
শংকৰদেৱে কেৱল ধৰ্ম প্ৰচাৰৰ কাৰণে সাহিত্য ৰচনা কৰা নাছিল ৷ ধৰ্ম প্ৰচাৰৰ লগতে সমাজ আৰু জাতি গঠনৰ কাৰণেও তেওঁ সাহিত্য ৰচনা কৰিছিল ৷ ধৰ্মীয় অনুশাসনৰ জৰিয়তে শংকৰদেৱে সমাজ আৰু সামাজিক জীৱনৰ আঁসোৱাহ দুৰ কৰিবলৈ যত্ন কৰিছিল ৷ শংকৰদেৱৰ ধৰ্মত ক্ৰিয়া কাণ্ডৰ বাহুল্য নাই ৷ নাই কোনো ধৰণৰ বাহ্যিক আড়ম্বৰ ৷ অন্ধবিশ্বাৰসৰ পৰম্পৰা স্বৰূপ বলি বিধান, যগ জজ্ঞ, মুৰ্তিপুজাৰ আদিৰ বিৰোধিতা কৰিছিল শংকৰদেৱে ৷ এখন সমতা আৰু মানবতাবোধৰ ভেটিত প্ৰতিস্থিত সমাজ আছিল তেওঁৰ কাম্য ৷ সেয়ে ক’ব পৰি- “শংকৰদেৱৰ কৰ্ম মানৱতাৰ মুক্তিৰ কৰ্ম” ( নিৰ্মলপ্ৰভা বৰদলৈ: “সংস্কৃতি আৰু শ্ৰী শ্ৰী শংকৰদেৱ” – প্ৰৱন্ধ : শংকৰদেৱ : সমাজ আৰু সংস্কৃতি, সম্পাদনা – প্ৰদীপজ্যোতি মহন্ত )
এনে এখন অন্ধকাৰপুৰ্ণ সমাজত পোহৰ সিঁচিবলৈ শংকৰদেৱে অশেষ যত্ন কৰিছিল ৷ এই ক্ষেত্ৰত ধৰ্মকেই তেওঁ সহায়কস্বৰূপে গ্ৰহণ কৰিছিল ৷ ডিম্বেশ্বৰ নেওগে সেইবাবে কৈছিল – “তেওঁৰ প্ৰচাৰিত ধৰ্মত কোনো আঁহ-ফলা নীতি নাই, সমাজৰ সকলো সম্প্ৰদায়কে মোৰ বুলি সাৱটি লোৱাই তেওঁৰ উদ্দেশ্য আছিল ৷ “ শংকৰদেৱৰ সপোনৰ সমাজখন সাম্য আৰু মানৱতাৰে পৰিপূৰ্ণ এখন আদৰ্শ সমাজ ৷ সেয়ে এজন অধুনিক চিন্তাৰ অধিকাৰী মহান ব্যক্তি হিচাপে আখ্যা দিব পাৰি মহাপুৰুষ শংকৰদেৱক ৷
শংকৰদেৱৰ “ভকতিত নাহি জাতি অজাতি- বিচাৰ” এটা ডাঙৰ সামাজিক আন্দোলনৰ আধাৰ “ ( নগেন শইকীয়া : অসমীয়া মানুহৰ ইতিহাস)৷ জাতিভেদ প্ৰথাক অন্তৰেৰে আওহেলা কৰা শংকৰদেৱে গাৰোৰ গোৱিন্দ, মিৰিৰ পৰমানন্দ, আহোমৰ নৰহৰি, ভোটৰ জয়ৰাম , যৱনৰ চান্দসাই আদিক অন্তৰেৰে সমভাৱে আঁকোৱালি লৈছিল ৷ অসমৰ সহজ সৰল মানুহখিনিৰ ওপৰত ব্ৰাহ্মণ্য ধৰ্মৰ কঠোৰ হেঁচা আছিল ৷ ব্ৰাহ্মণ্য ধৰ্মই বৰ্ণভেদ প্ৰথাৰ জন্ম দি সমাজ কলুষিত কৰিছিল ৷ পূজা-পাতল, যাগ-যজ্ঞত তেওঁলোকে আনক স্থান দিয়া নাছিল ৷ সাধাৰণ মানুহখিনিয়ে ভগৱানক সেৱা কৰা অধিকাৰৰ পৰা বঞ্চিত হৈছিল ৷ কিয়নো ব্ৰাহ্মণ্য ধৰ্ম আছিল আড়ম্বৰপূৰ্ণ আৰু খৰচী ৷ শংকৰদেৱৰ নৱ-বৈষ্ণৱ ধৰ্মই এনেধৰণৰ অযুক্তিকৰ প্ৰাচীৰ ভাঙি দিয়ে ৷
প্ৰকৃততে শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্মৰ জৰিয়তে সাধাৰণ জনতাৰ মাজত গণতান্ত্ৰিক মূল্যবোধৰ এখন সুষ্ঠ সমাজ গঢ়াত বিশেষভাৱে অৰিহণা যোগালে ৷ ফলত ই মানুহৰ মনবোৰক সংকীৰ্নতাৰ পৰা বিশালতাৰ উচ্চ শিখৰলৈ লৈ গ’ল ৷ “কুকুৰ শৃগাল গৰ্ডভৰো আত্মা ৰাম , জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম “ – শংকৰদেৱৰ এই বাণী মহামানৱতাৰ, উদাৰতাৰ আৰু সহৃদয়তাৰ বাণী ৷ শংকৰদেৱে সাম্য আৰু মানৱতাৰ ভিত্তিতএখন সুন্দৰ সমাজ গঢ়াৰ সপোন দেখিছিল ৷
অসমৰ সমাজ-সংস্কৃতিৰ ইতিহাসৰ পাত লুটিয়ালে দেখা যায়, বিশেষ দুটা কাৰণৰ বাবেই অসমীয়া সমাজখন আন সমাজতকৈ বহু পৃথক ৷ প্ৰথম কাৰণ হ’ল, প্ৰাক্আধুনিক কালত শংকৰদেৱে এই অসম নামৰ ভু-খণ্ডত যি নৱ বৈষ্ণৱবাদী ধৰ্মীয় আন্দোলনৰ সূচনা কৰিছিল, পাঁচ শাতাধিক বছৰ ধৰি অসমীয়া সমাজ জীৱনত তাৰ প্ৰভাৱ বিদ্যমান ৷ দ্বিতীয়তে, অসমীয়া সমাজখন মূলত: জনজাতীয় সমাজ সংস্কৃতিৰ ওপৰত আধাৰিত ৷ যদিও সৰ্বভাৰতীয় তথাকথিত আৰ্যীয় সংস্কৃতিৰ ইয়াত ভালেখিনি সংমিশ্ৰণ ঘটিছে, সি আজিকোপতি আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
শেষত চৈয়দ আব্দুল মালিকৰ কোৱা কথাৰে মোখনি মাৰিব খুজিছোঁ – “জগতৰ আগত মূৰ ডাঙি থিয় হ’বলৈ আমাৰ এটাই পৰিচয় আছে – আমি শংকৰদেৱৰ দেশৰ মানুহ, তেওঁৰেই সতি-সন্ততি, তেওঁৰেই অনুগামী ৷ হিন্দু মুছলমান, বৈষ্ণৱ-শাক্ত নিৰ্বিশেষে এই চিনাকিৰে প্ৰতিজনে গৰ্ব অনুভৱ কৰিব পাৰে ৷”
******
-গুনীন চৌধুৰী
• বিভিন্ন তথ্যৰ সহায় লৈ ৷
