আদানীৰ সম্পৰ্কত আকৌ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ শ্বৰ্ট চেলিং কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্জে। ডেৰ বছৰ পূৰ্বে কোম্পানীটোৱে আদানী সম্পৰ্কত প্ৰকাশ কৰা এখন প্ৰতিবেদন সমগ্ৰ বিশ্বতে হূলস্থূলৰ সৃষ্টি কৰিছিল সেয়া সকলোৰে মনত আছে।
এইবাৰ পৰিস্থিতি গৰম কৰি তুলিব পৰা আন এক প্ৰতিবেদন প্ৰকাশ কৰিছে হিণ্ডেনবাৰ্গে। ভাৰতৰ শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰক সংস্থা ছিকিউৰিটিজ এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া চমুকৈ ছেবিৰ নিৰপেক্ষতা আৰু স্বতন্ত্ৰতা সম্পৰ্কে প্ৰশ্ন তুলিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্জে।
শনিবাৰে পুৱা হিণ্ডেনবাৰ্গে ভাৰতৰ সম্পৰ্কে এক বিস্ফোৰক প্ৰতিবেদন প্ৰকাশ কৰা হ’ব বুলি এক্সত ইংগিত দিছিল। তাৰপিছত দেওবাৰে কোম্পানীটোৱে প্ৰকাশ কৰে প্ৰতিবেদনখন।
প্ৰতিবেদনত হিণ্ডেনবাৰ্গে অভিযোগ কৰিছে যে বৰ্তমানৰ চেবিৰ অধ্যক্ষ মাধৱী বুচ আৰু তেওঁৰ স্বামীৰ অংশীদাৰিত্ব আছে আদানীৰ অফশ্ব’ৰ কোম্পানীত। কৰৰ পৰা হাত সাৰিবলৈ বহিঃৰাষ্ট্ৰত বিভিন্ন কোম্পানী স্থাপন কৰিছে তেওঁলোকে।
প্ৰতিবেদনত প্ৰকাশ পাইছে যে আদানিৰ এনে অফশ্ব’ৰ কোম্পানীত ডাঙৰ স্বাৰ্থ লুকাই আছে। যোৱা বছৰৰ জানুৱাৰী মাহত হিণ্ডেনবাৰ্গ ৰিচাৰ্জৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে কেনেকৈ আদানীয়ে কৰ ফাঁকি দিবৰ বাবে বিদেশত ভুৱা কোম্পানী খুলি ধন সৰবৰাহ কৰিছিল।
হিণ্ডেনবাৰ্গৰ এই অভিযোগৰ পিছত বিষয়টো গৈ পাইছিল উচ্চতম ন্যায়ালয়ৰ মজিয়া। ন্যায়ালয়ে আদানী গ্ৰুপ সম্পৰ্কে তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল ছেবিক।
কিন্তু হিণ্ডেনবাৰ্গৰ নতুন প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তদন্তৰ দায়িত্বত থকা ছেবিৰ অধ্যক্ষ মাধৱী বুচৰ লগত ব্যৱসায়িক সম্পৰ্ক আছে আদানীৰ গ্ৰুপৰ।
কোম্পানীটোৱে অভিযোগ কৰা অনুসৰি মৰিচাছ আৰু বিদেশৰ অন্যান্য শ্বেল কোম্পানীত আদানীয়ে কৰা লেনদেনৰ কোনো তদন্ত এতিয়ালৈকে হোৱা নাই।
হিণ্ডেনবাৰ্গে দাবী কৰে যে মাধৱী বুচ আৰু তেওঁৰ স্বামীয়ে মৰিচাছ আৰু বাৰ্মুডাৰ ভুৱা বিদেশী কোম্পানীত বিনিয়োগ কৰিছিল আৰু সেই কোম্পানীৰ সৈতে জড়িত আছিল গৌতম আদানীৰ ভাতৃ বিনোদ আদানী । এই সকলোবোৰ বিনিয়োগ ২০১৫ চনত কৰা হৈছিল। ইয়াৰ পিছত ২০১৭ চনত মাধৱী বুচক ছেবিৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হয়। পিছত মাধৱী ২০২২ চনত ছেবিৰ অধ্যক্ষ হয়।
হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে মাধৱী ছেবিৰ সদস্য হোৱাৰ ঠিক আগতেই তেওঁৰ স্বামীয়ে এই বিদেশী কোম্পানীবোৰত থকা পত্নীৰ সকলো বিনিয়োগ নিজৰ নামলৈ কৰি লৈছিল যাতে মাধৱীৰ কোনো ধৰণৰ তদন্তৰ আওতালৈ নাহে মাধৱী বুচ। হিণ্ডেনবাৰ্গৰ দাবী যে এই বিনিয়োগসমূহ বহুস্তৰীয় আৰু জটিলভাৱে কৰা হৈছিল।
কেৱল এয়াই নহয়, ৰিয়েল ইষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্টত মাধৱীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে হিণ্ডেনবাৰ্গে। কোম্পানীটোৱে ব্লেকষ্টোন নামৰ কোম্পানী এটাৰ সহায় লৈছিল, য’ত তেওঁৰ স্বামী পৰামৰ্শদাতা আছিল।
এতিয়া হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদনৰ পিছত স্বাভাৱিকতে বিজেপি আৰু আদানীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছকে ধৰি বিৰোধী দল সমূহে। তেওঁলোকে নিৰপেক্ষ আৰু উচিত তদন্তৰ দাবী জনাইছে। লগতে শ্বেয়াৰ মাৰ্কেটতো অস্থিৰতাৰ সৃষ্টি হ’বলৈ আৰম্ভ হৈছে বুলি সূত্ৰৰ পৰা জানিবলৈ পোৱা গৈছে।