ভাল খবৰ: সৰ্বশিক্ষা অভিযানৰ ঠিকা ভিত্তিক শিক্ষক, বিষয়া কৰ্মচাৰীৰ DA বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ।
অসম চৰকাৰৰ সৰ্বশিক্ষা অভিযানৰ ঠিকা ভিত্তিক শিক্ষক বিষয়া কৰ্মচাৰী সকলৰ ১ ছেপ্টেম্বৰ পৰা বৃদ্ধি পাব ১০% DA বৃদ্ধি ।
এই সিদ্ধান্ত আজি এক জাননী যোগে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে জানিবলৈ দিয়ে।
ইয়াৰে লগতে উক্ত জাননীখনৰ যোগেৰে জানিবলৈ দিয়ে যে ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা DA আৰু ৭% বৃদ্ধি কৰিব।