• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

চামগুৰি সমষ্টিৰ ৩৩টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিঙৰ অভিযোগ : পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ দাবীৰে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ সাংসদ ৰকিবুল হুছেইনৰ জৰুৰী স্মাৰকপত্ৰ

News Desk by News Desk
November 15, 2024
in অসম
Share on FacebookShare on Whatsapp

১৩ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত চামগুৰি বিধানসভা সমষ্টিত ব্যাপক ৰিগিং, বুথ কব্জা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এ

দিন পূৰ্বে চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে চামগুৰি বিধানসভা সমষ্টিত ব্যাপক হাৰত ৰিগিং আৰু বুথ কেপচাৰিং হোৱাৰ অভিযোগ উত্থাপন কৰি বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াক অভিযোগ দাখিল কৰি ৩৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ দাবী উত্থাপন কৰিছিল৷

তাৰ পিছতে আজি তাঞ্জিল হুছেইনৰ পিতৃ তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ জৰুৰী স্মাৰকপত্ৰ প্ৰদান কৰি উপ-নিৰ্বাচনত চামগুৰি সমষ্টিত ব্যাপক হাৰত বুথ কেপচাৰিং হোৱাৰ লগতে ৰিগিং হোৱাৰ অভিযোগ তুলি উক্ত কেন্দ্ৰকেইটাত পুনৰ ভোটগ্ৰহণৰ দাবী জনাইছে৷

সাংসদ ৰকিবুল হুছেইনে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ প্ৰত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে তদন্ত কৰিবলৈ সজোৰে আহ্বান জনাইছে৷ ৰকিবুল হুছেইনে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তক পত্ৰ প্ৰদান কৰি কয় যে ১৩ নৱেম্বৰৰ ভোটগ্ৰহণৰ দিনটোত চামগুৰি সমষ্টিত ব্যাপক হাৰত ৰিগিং আৰু বুথ কেপচাৰিং কৰা হৈছিল৷ মুখ্যত ৩, ৪, ৫, ৬, ১৯৩, ১৯৪, ১৯৫, ১৯৬ বুথত ভোট কেপচাৰিং কৰা হৈছিল৷ ৰিগিং আৰু বুথ কেপচাৰিঙ বহু তথ্য আছে বুলি উল্লেখ কৰি তেনে তথ্যসমূহো পত্ৰৰ সৈতে সংলগ্ন কৰে৷ তাৎক্ষণিকভাৱে কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী এজেণ্টে চামগুৰি বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়ালৈ চিঠি লিখিছিল আৰু ১৪ নৱেম্বৰত প্ৰাৰ্থী তাঞ্জিল হুছেইনেও ৰিটাৰ্ণিং বিষয়াক বিতং তথ্য দিয়া বুলি উল্লেখ কৰি ৰকিবুল হুছেইনে কয় যে ৰিটাৰ্ণিং বিষয়াজনক বিভিন্ন ভোটকেন্দ্ৰৰ ৰিগিং আৰু বুথ কেপচাৰিঙৰ উদাহৰণ দিয়া হৈছে৷

ধুবুৰীৰ সাংসদগৰাকীয়ে প্ৰাৰ্থীৰ এজেণ্টসকলক ভোটকেন্দ্ৰ আৰু ষ্টেচনৰ পৰা বলপূৰ্বক আঁতৰোৱা হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ বঢ়মপুৰৰ বিজেপিৰ বিধায়ক জিতু গোস্বামী আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভোটাৰসকলক তেওঁলোকৰ পক্ষত ভোট দিবলৈ ভয় খুৱাইছিল বুলিও কয় সাংসদ হুছেইনে।

চামগুৰিৰ বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ নাম উল্লেখ কৰি হুছেইনে পত্ৰত কয় যে দিপ্লুৰঞ্জন শৰ্মাৰ সমৰ্থকসকলে বুথ দখল কৰাৰ লগতে আৰু ভোটাৰসকলক ভয়–ভাবুকি দিয়ে৷ বিজেপিয়ে হিংসাৰ আশ্ৰয় লৈ কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী এজেণ্টক ভোট কেন্দ্ৰৰ পৰা বলপূৰ্বক আঁতৰাই বুথবোৰ দখল কৰিছিল। ৰিটাৰ্ণিং বিষয়া, আৰক্ষীয়ে বিজেপি প্ৰাৰ্থীৰ পক্ষ লৈ ভোটগ্ৰহণৰ দিনটোত বুথৰ পৰা কংগ্ৰেছৰ এজেণ্টক আতৰাইছিল আৰু কংগ্ৰেছ কৰ্মীসকলক অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছিল। চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী আচৰণৰ নিয়মৰ উলংঘন কৰা হৈছে যাৰ বাবে আইন মতে, ব্যৱস্থা গ্ৰহণ কৰা হওক বুলি কয় হুছেইনে৷

কোনো ৰাজনৈতিক দল, প্ৰাৰ্থী বা নেতাই ভোটাৰক ভোটাৰক ভয় দেখুৱাই প্ৰভাৱিত কৰা কাৰ্যকলাপক আদৰ্শ আচৰণ বিধিৰ অধীনৰ দুৰ্নীতিপূৰ্ণ আচৰণ বুলি গণ্য কৰা হয়৷ এনে কাৰ্য ধাৰা ১২৩ অনুসৰি জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ বিধানৰ অধীনত নিষিদ্ধ কৰা হৈছে৷ লগতে হুছেইনে পত্ৰযোগে কয় নাগৰিকে নিজ পচন্দৰ প্ৰাৰ্থী বা ৰাজনৈতিক দলৰ সপক্ষে ভোটদান কৰাতো এক সাংবিধানিক অধিকাৰ৷ সেয়া আধুনিক সময়ৰ গণতন্ত্ৰৰ আধাৰশিলা। কিন্তু নিৰপেক্ষ নিৰ্বাচনৰ নামত চামগুৰিত যি হৈছে তাত নিৰ্বাচনী আয়ুক্তৰ হস্তক্ষেপৰ দৰকাৰ বুলি উল্লেখ কৰি উক্ত অভিযোগক গুৰুত্বসহকাৰে লোৱাৰ দাবী তোলে সাংসদগৰাকীয়ে৷ নিৰ্বাচনী প্ৰক্ৰিয়াত সততা বিপন্ন হোৱা বুলি বিবেচনা কৰিবলৈ কৈ নিৰ্বাচন আয়োগৰ ৰাজ্যিক নেতৃত্বক জাবাবদিহি কৰি বুথ দখল কাণ্ডৰ তাৎক্ষণিক তদন্ত কৰাৰো দাবী জনাইছে ৰকিবুল হুছেইনে৷

নিৰ্বাচনী নিয়ম উলংঘা কৰা বিজেপিৰ প্ৰাৰ্থী, বিজেপিৰ বিধায়ক, আৰক্ষী বাহিনীৰ কিছু লোকৰ বিৰুদ্ধে তদন্ত কৰা, ৰিগিং হোৱা ভোটকেন্দ্ৰসমূহত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈকো এই স্মাৰকপত্ৰযোগে দাবী জনাইছে সাংসদ ৰকিবুল হুছেইনে।

Previous Post

বিপদত পৰিছে জুকাৰবাৰ্গ! ৭,১০০ কোটি টকাৰ জৰিমনা ভৰিব লাগিব মেটাই। কিন্তু কিয়?

Next Post

শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনত ‘বাওঁপন্থী’ৰ বিজয়

Related Posts

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী
অসম

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

June 16, 2025
অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক
অসম

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

May 26, 2025
ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস
অসম

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

May 16, 2025
Next Post
শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনত ‘বাওঁপন্থী’ৰ বিজয়

শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনত ‘বাওঁপন্থী’ৰ বিজয়

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.