আজি ( ৫ নৱেম্বৰ) ভূপেন হাজাৰিকাৰ মৃত্যু দিৱস ৷ চৰকাৰী পৃষ্ঠপোষকতাত আয়োজিত অনুষ্ঠানৰ লগতে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি তেখেতৰ সেই কেইটামান বিশেষ গীতৰ অঞ্জলিৰে মুখৰ হৈ উঠিব ৷ জন্ম আৰু মৃত্যুৰ দিনকেইটাত টি ভি চেনেলকেইটা টি ভিৰ টক্ শ্ব’ত ভূপেন হাজাৰিকাৰ ‘তোমাৰ উশাহ কহুৱা কোমল’, ‘বিমূৰ্ত মোৰ নিশাটি যেন’, আদিৰ দৰে গানক লৈয়ে ব্যস্ত হৈ পৰিব ৷
ভূপেন হাজৰিকাক ‘সুধাকণ্ঠ’ উপাধিৰে সংকীৰ্ণ কৰিব খোজা এই মানসিকতা কিমান যুক্তিযুক্ত অলপ চিন্তা কৰিবলগীয়া ৷ অসমৰ বিদ্বৎ সমাজতো তেনেধৰণৰ তৎপৰতা চকুত নপৰে ৷ এইক্ষেত্ৰত লোকনাথ গোস্বামী ব্যতিক্ৰম বুলি ক’ব পাৰি ৷ তেখেতে বিভিন্ন সভাত দিয়া ভাষণ, টক্-শ্বো আদিত কৈ আহিছে – “ ভূপেন হাজৰিকাৰ যিখিনি গানৰ চৰ্চা হ’ব লাগিছিল, সেই খিনি ৰ চৰ্চা নহয়। ভূপেন হাজৰিকাক লৈ সেই আলোচনা হওক, যিখিনি আজিৰ প্ৰেক্ষাপটত প্ৰাসংগিক“ ৷ উল্লখযোগ্য যে ড° শুকদেৱ অধিকাৰীৰ সম্পাদনা আৰু পংকজ কুমাৰ বৰাৰ সমন্বয়ত প্ৰকাশিত “ National Seminar on জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ড° ভূপেন হাজৰিকাৰ গীতত সমাজ চেতনা”ত ভুপেন হাজৰিকাৰ সমাজ চেতনাৰ আৰু মানৱতাবাদী দৰ্শনৰ বহুখিনি কথা আলোচিত হৈছে ৷
১৯৫২ চনত আফ্ৰিকাৰ নীল নদীৰ পাৰত ভূপেন হাজৰিকাই ৰচনা কৰিছিল
“অতীতৰ বুৰঞ্জী লিখকে লিখিছিল
ৰজা মহাৰজাৰ কথা
আজিৰ বুৰঞ্জী লিখকে লিখিছে
মানুহৰ মুকুতিৰ কথা ৷”
….. গীতটো লিখিব পৰাকৈ গঢ়ি উঠা শিল্পীজনৰ মন-মননৰ নেপথ্য পটভূমিটোও বাখ্যা কৰাৰ প্ৰয়োজন আছে ৷ কাৰণ মিছৰৰ সূউচ্চ পিৰামিডৰবোৰৰ প্ৰত্যক্ষ দৰ্শনৰ পাছত ক্ষমতাশালী ফাৰাওসকলৰ কথা নকৈ ফাল্লাহীনৰ বিননিৰ কথা ক’বলৈ এটা মননগত পটভূমিৰ দৰকাৰ ৷ সেই মননগত পটভূমি একলা –দুকলাকৈ নিৰ্মাণ হৈছিল তেওঁৰ শৈশৱৰ পাৰই – জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ সযত্ন পৰশত ৷ ১৯৩৯ চনত সেয়ে তেওঁ লিখিব পাৰিছিল –“অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম …৷” জ্যোতি – বিষ্ণুৰ লগতে হেমাঙ্গ বিশ্বাস তথা ১৯৪৪ চনত গঠিত হোৱা ভৰতীয় গণনাট্য সংঘৰ গুৱাহাটী শাখই ভূপেন হাজৰিকাৰ মনত প্ৰতিবাদী সংগ্ৰামী সত্বাটোক জগাই তোলাত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ৷
ভূপেন হাজৰিকাৰ সৃষ্টিৰ পথাৰক উৰ্বৰ আৰু গণমুখী কৰা আন এক ব্যক্তিত্ব হ’ল পল ৰবচন ৷ এই সম্পৰ্কত ভুপেন হাজৰিকাই নিজৰ লিখনিত কৈছে- “আমেৰিকাত লগ পালোঁ নিষ্পেষিত নিগ্ৰো সকলৰ প্ৰতিবাদী কণ্ঠৰ শিলৰ ওখ দেৱালৰ দৰে দৃঢ় ব্যক্তিত্ব আৰু কণ্ঠৰ গৰাকী প’ল ৰবচনক ৷ মৃত্যুৰ পাচতো আজি তেওঁ বিশ্বৰ নিষ্পেষিত মানুহৰ প্ৰতিবাদৰ কণ্ঠ ৷ এই সকলোবোৰে মোক গীতৰ মাজত গভীৰভাবে প্ৰৱেশ কৰাত সহায় কৰিলে ৷ নিৰন্তৰভাৱে তেতিয়াৰ পৰাই মোৰ জীৱনত বিভিন্ন ক্ষনত বিভিন্ন ৰচনা কৰি আহিছো ভালেসংখ্যক গীত ৷ মই কেৱল সংখ্যা বঢ়াবৰ কাৰণে গীত লিখা নাই ৷ যেতিয়াই কোনো বিষয়ে মোৰ হৃদয়ত স্পন্দন তুলিছে, তেতিয়াই সি গীতৰ ৰূপেৰে অত্ম প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে.৷ মোৰ গীতত প্ৰাণ সঞ্চাৰ কৰিছে – শৈশৱত বেজবৰুৱা দেৱৰ পৰা পোৱা আশীৰ্বাদৰ পৰা আৰম্ভ কৰি জ্যোতি-বিষ্ণু ককাইদেউ, প’ল ৰবচন, ভাৰতীয় গননাট্য সংঘ, বলৰাজ সাহনী, হেমাঙ্গ বিশ্বাস আদিকে ধৰি গাৱৰ চহাজনলৈকে- সকলোৱে ৷ গীতে মানৱতাৰ স্পৰ্শেৰে জনজীৱনক স্পন্দিত কৰিব পাৰিলেই লাভ কৰোঁ গীতৰ ৰচক হিচাবে অমিয়া সাৰ্থকতা ৷
“ভূপেন হাজৰিকাৰ গীতৰ আলোচনাত স্বাভাৱিকতে প্ৰথম স্থান পায় “বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও …” গীটটোৱে ৷ বঞ্চনা, নিপীড়নৰ অৱসান নোহোৱাৰ ক্ষোভ উজাৰি মিছিছিপিক ‘বুঢ়া মিছিছিপি’ (ol’ man river’ ) বুলি গীতেৰে গালি পাৰিছিল অস্কাৰ হেইমাৰষ্টেইনে (২ য়) ১৯২৭ চনত ৷ আৰু পল ৰবচনে কণ্ঠেৰে কঢ়িয়াই ফুৰিছিল ৷ Ol’ man river’ এই আশ্চৰ্য সুন্দৰ গীটটি বহুতেই পল ৰবচনৰ বুলি ভুল কৰে ৷ সেই ক্ষোভকেই ভূপেন হাজৰিকাই মিছিছিপিৰ পৰা বোৱাই আনিছিল আমাৰ লুইতলৈ , ‘বুঢ়া লুইতলৈ’ —
অসংখ্য জনৰে হাহাকাৰ শুনিও
নি:শব্দে নিৰৱে
বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱাঁ কিয় ?”
মানুহৰ দুখ কষ্টৰ প্ৰতি সমবেদনা, গীতৰ জৰিয়তে প্ৰকাশ কৰা ড° হাজৰিকা এজন অদ্বিতীয় শিল্পী ৷ শ্ৰেণী বৈষম্যহীন সমাজৰ সপোন জিলিকি উঠিছে তেওঁৰ অনেক গীতত , সেয়া ‘অগ্নিযুগৰ ফিৰিঙতি মই’, দোলা হে দোলা’ ‘ঝক ঝক ৰেল চলে’, ভাঙ শিল ভাঙ’, ‘এন্ধাৰ ৰাতিৰ নিশাতে’ ইত্যাদি ৷ বিশেষকৈ,- হৰিজন, হিন্দু, মুছলিমৰ/ বড়ো, কোঁচ, চুটিয়া, কছাৰী, আহোমৰ/ অন্তৰ ভেদি নৈ বোৱাম/ ভেদাভেদৰ প্ৰাচীৰ ভাঙি/ সাম্যৰ সৰগ ৰচিম ৷ উল্লেখযোগ্য যে ‘সাম্য’ শব্দটো তেওঁৰ বহুকেইটা গানত ব্যৱহাৰ হৈছে – ‘অ’ জোনালী দিপান্বিতা’ত “বুকুৰ তেজেৰে চাকি, সাম্যৰ দিপালী পাতি”; ’ঝক ঝক ৰেল চলেত’ -‘সাম্যই ৰিঙিয়াই, সাম্যৰ ধুমুহাই ঠেলে ঠেলে, ঝক ঝক ৰেল চলে”; “ভাঙ ভাঙ ভাঙোতা শিল ভাঙ / তয়ে সাম্যৰ ৰহণ সানোঁতা আদি ৷ সাম্যক লৈ তেওঁ লিখা গানবপৰৰ আলোচনা নহয় ৷ ঝক ঝক ৰেল চলেৰ সমসাময়িক গীত – ‘নামি আহা সুন্দৰৰ সেনা শিল্পী দল’ আদিৰ দৰে শ্ৰেণী সংগ্ৰামৰ কথাৰে ৰচিত হৈছিল বহুকেইটা গীত ৷ জ্যোতি, বিষ্ণুৰ সান্নিধ্যত তেওঁ মাৰ্ক্সবাদ, সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈছিল ৷ তেওঁৰ বহু গীতত সাম্য শব্দটোৱে স্থান পাইছে । সাম্যক লৈ তেওঁ লিখা গানবোৰ আলোচনা নহয়। এনেবোৰ আদৰ্শগত ধাৰণাৰ বাবেই লতাশিল বিহু সন্মিলনীত তেওঁক গান গাব দিয়া হোৱা নাছিল, কাৰণ তেওঁ পৰিবৰ্তন বিছাৰিছিল । তেওঁ যিখিনি গান গাম বুলি ভাবিছিল, সেই গানখিনি পিছত বিখ্যাত বনগীতৰ শিল্পী আনন্দিৰাম দাসে এটা প্ৰেছত ছপা কৰি মানুহৰ মাজত বিলাই দিছিল ৷
বহুতেই ‘অস্ত আকাশৰ ….’ গীতটোত আধ্যাত্মিক বা জাতীয় প্ৰেমৰ গীত’ চিন্তাধাৰাৰ প্ৰকাশ ঘটা বুলি ক’ব খোজে। গীতটোৰ প্ৰথম অন্তৰা শুনি বহুতেই ৰোমাণ্টিক গীত বুলি ক’ব খোজে যদিও তৃতীয় অন্তৰাৰ ‘দুয়োপাৰে ক’ত মানুহ ক’ত যে ইতিহাস / ক’ত যুগৰ শত আশাৰ নিৰাশাৰে নিশ্বাস –‘ কথাখিনিয়ে নিশ্চিতভাৱে মানৱীয় চেতনাৰ আভাস দিয়ে।
তেখেতৰ নিজৰ ৰচিত বিশেষ গীত এটা – বৰ বৰ মানুহৰ দোলা …. পৰিবৰ্তিত মানৱ সমাজৰ এটা পৰ্যায়ত উৎপাদন ব্যৱস্থাই এচাম মানুহৰ কান্ধত আন এচাম মানুহৰ বোজা তুলি দিছিল। সেই বোজাৰ দুৰ্বিসহ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ বিচাৰি যুগে যুগে চলি আছে মানুহৰ মুক্তিৰ অবিৰত সংগ্ৰাম। সমাজৰ নি:স্ব, শোষিতজনৰ নিপীড়িত সকলৰ দুখত দুখী হৈ তেওঁলোকৰ হৈ মাত মাতি অহা সকলৰ অন্যতম আছিল ভূপেন হাজৰিকা ৷ তেওঁৰ এনে এক সৃ্ষ্টি– “শীতৰে সেমেকা ৰাতি….”
ভূপেন হাজৰিকা এজন মানৱতাবাদী শিল্পী। তেখেতৰ গীতত কোমল মানৱ হৃদয়ৰ মানৱীয় স্পন্দন শুনিবলৈ পোৱা যায়। মানুহে মানুহৰ প্ৰতি যাতে আন্তৰিক মৰম চেনেহ আৰু সহানুভূতি প্ৰকাশ কৰে তাৰ কাৰণেই যেন ভূপেন হাজৰিকাই আজীৱন চেষ্টা কৰি গ’ল ।
১৯৬০-৬১ চনৰ ভাষা আন্দোলনৰ সময়ত তেওঁ ৰচনা কৰিছিল -” মানুহে মানুহৰ বাবে….।” তেওঁৰ মানৱতাবাদী দৃষ্টি ভংগীৰ অন্য এক উল্লেখযোগ্য সৃষ্টি – “শীতৰে সেমেকা ৰাতি” ৷ গীতটিত শোষিত নিষ্পষিতজনৰ প্ৰতি সহানুভূতি প্ৰকাশিত হৈছে। সেইদৰে হেজাৰজনৰ বেজাৰ দেখি হাজৰিকাই লিখিলে – “জীৱনটোৰে কান্দোনখিনি বিলাই বিলাই দিলোঁ।” ছয়গাঁৱত বহা কৃষক সন্মিলনৰ বাবে লিখিলে “ভৰ বাৰিষাৰ বানে/ খহাই নিলে গাঁৱ/ পাৰতে উচুপি কান্দে/ দুখীয়াৰ ছাও।” ক্ষোভত ফাটি পৰা নিৰ্যাতিত বিশ্বকণ্ঠ তেওঁৰ গীতত –
“বিক্ষুব্ধ বিশ্ব কণ্ঠ অহোৰাত্ৰি চিঞৰে / প্ৰচণ্ড অগ্নিপিণ্ড জ্বালাময়ী হৈ উঠে…” ।
প্ৰৱল আশাবাদী ভূপেন হাজৰিকাই সমাজত মানৱতাৰ জয়েই ঘোষণা কৰিছে। তেওঁৰ গীতৰ মূল লক্ষ্য জনতা- “মোৰ গীতৰ হেজাৰ শ্ৰোতা / তোমাক নমস্কাৰ !” সৰুৰে পৰাই তেওঁ এনে এখন সমাজ গঢ়াৰ কল্পনা কৰিছিল য’ত শোষণকাৰী নাই, য’ত ধনী দুখীয়া নাই, ‘জাতি ভেদ নাই, য’ত নৈতিকতা বিৰাজমান আৰু মানুহে মানুহৰ বাবে প্ৰদৰ্শন কৰে কেৱল আন্তৰিক মৰম -চেনেহ।
ৰামৰ দেশত দপদপাই থকা ৰাৱনহঁতক বধিবলৈ ৰাইজক আহ্বান জনাইছিল -“আহ আহ ওলাই আহ / সজাগ জনতা …../ ৰামৰে দেশতে থকা ৰাৱন বধোঁতে / যায় যদি যায় জীৱনটো যাক……./ ত্ৰাস এৰি দানৱকে বধোঁগৈ আহ !” বিশ্বৰ সৰ্বহাৰা মানুহৰ আত্মাই আছিল তেওঁৰ যাযাবৰী সত্বা – “মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী/ তাৰ ছাঁতেই দেখিছোঁ কতনা গৃহহীন নৰনাৰী !” বোলছবিৰ গীততো প্ৰস্ফুটিত হৈছে সৰ্বহাৰাৰ মৰ্মবেদনা – “কাৰ ঘৰত মেটমৰা ক’লাধন বিৰাজিছে / কাৰ ঘৰত অভাৱে জীৱন জোকাৰিছে…” ( ‘বনহংস’ ছবি ) ।
হজুৱা চহা নীৰিহজনে কেনেকৈ দোলা কঢ়িয়াই একা-বেঁকা বাটেৰে -“…..বৰ মানুহৰ দোলাত বিলাসে টোপনিয়ায়, আনহাতে হজুৱাহঁতৰ পৰা কেঁচা ঘাম মাটিত পৰে।
ভূপেন হাজৰিকাই কাহানিও নিৰাশাৰ গান গোৱা নাই। তেওঁ গাইছিল আস্থাৰ গান। কল্পনা বিলাসৰ বিপৰীতে ‘সত্য প্ৰসস্তিৰ ধ্যানহে তেওঁৰ কণ্ঠেৰে নিগৰিছিল – “মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰেতে এক গভীৰ আস্থাৰ গান….৷”.
এখন সাম্যবাদী মানৱ সমাজ গঢ়াৰ গভীৰ মন আৰু পণ থকা ভূপেন হাজৰিকাই বৰ্ণ বৈষম্য আৰু জাতিভেদ প্ৰথাক তীব্ৰভাৱে সমালোচনা কৰিছিল ৷ এইক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছিল পল ৰবচন, নেলচন মেণ্ডেলা, কাৰ্লমাৰ্ক্স, মহাত্মা গান্ধীৰ দৰে শিল্পী আৰু জননেতাৰ মানৱতাবাদী দৰ্শনে ৷ হাজৰিকাৰ এনে মানৱতাভাদী দৃ্ষ্টিভঙ্গীৰ অন্য এক সৃষ্টি – ‘জিন্দাবাদ মেণ্ডেলা’ …
“জিন্দাবাদ মেণ্ডেলা
মেণ্ডেলা জিন্দাবাদ ……
বৰ্ণবৈধম্যৰ জীৰ্ণ প্ৰাচীৰখনি
বজ্ৰ হাটুৰীৰে ভাঙিলা
মুক্ত আকাশৰ উদ্দেশ্যে
দৃঢ় মুষ্টি তুমি তুলিলা
জিন্দাবাদ মেণ্ডেলা ৷”
কলাত্মক তথা সমাজ সচেতন গীতিকাৰ, সুৰকাৰ আৰু সৰ্বোপৰি এক অসধাৰাণ প্ৰকাশ সমৃদ্ধ কণ্ঠৰ অধিকাৰী ভূপেন হাজৰিকাৰ ব্যক্তিগত জীৱন আছিল দ্বন্দময় আৰু সংঘাতময় ৷ সুদীৰ্ঘ সাংস্কৃতিক জীৱন কালত তেখেতৰ সমাজ দৰ্শনৰ বিৱৰ্তন ঘটিছে ৷ গণমুখী প্ৰতিবাদমুখৰ সৃষ্টিৰে আৰম্ভ হোৱা শৈল্পিক যাত্ৰা শেষত গৈ মুম্বাইৰ ৰঙীন বজাৰত গ্ৰাহকৰ বাবে মৰা অক্ষম আৰ্তিত শেষ হৈছেগৈ ৷ সময়ৰ গতিৰ লগে লগে অৰ্থনৈতিক আৰু স্বাস্থ্যজনিত কাৰণত তেওঁৰ গানলৈ, আদৰ্শগত পৰিবৰ্তন আহিছিল। সেই বিচ্যুতিৰ স্বত্তেও হাজৰিকাৰ অন্তৰত আছিল “অসমৰ জনতাৰ লগত আত্মিক সংযোগ ।“
ভূপেন হাজৰিকা আমাৰ সমাজখনৰ বাবে মাথোঁ এক আৱেগৰ উৎস। সেই আৱেগোচ্ছাসত ‘ভূপেন হাজৰিকাৰ ৰাজনৈতিক দৰ্শনৰ গুৰুত্বতো নায়েই আনকি যিখিনি গীতৰ বাবে তেখেত ভূপেন হাজৰিকা হ’ল সেইখিনি গীতৰো কোনো গুৰুত্ব নাই। “ভূপেন হাজৰিকাই এঠাইত খেদ প্ৰকাশ কৰা বুলি শুনিছিলোঁ যে অসমৰ গায়ক – গায়িকাই তেওঁ গানত কি কৈছিল তালৈ মন-কাণ নিদি কেৱল তেওঁৰ গান গাইহে গ’ল । তেওঁ অসমৰ প্ৰতি আজন্ম যি গভীৰ মমতা পোষণ কৰিছিল, তাৰ অন্তৰালত আছিল অসমৰ জনতাৰ লগত আত্মিক সংযোগ ৷ তেওঁলোকৰ সুখ-দুখৰ সমভাগী হৈ তেওঁলোকক আশা আৰু মমতাৰে সঞ্জীৱিত কৰা যেন তেওঁৰ জীৱনৰ ব্ৰতেই আছিল ৷ সন্দেহ নাই তেওঁ কেতিয়াবা নিজেও আৱেগৰ বলি হৈছিল, কেততিয়াবা নিতান্ত বৈষয়িক চিন্তাৰ ভেজালত কালিমালিপ্ত হৈছিল ৷ কিন্তু মূল সুৰটো এই হুলস্থুলৰ মাজতো হেৰাই যোৱা নাই । অসমীয়াৰ সংশয়ৰ বাবে পূৰাপুৰি সফল হ’ব নোৱাৰিলে ৷ কিন্তু চেষ্টা কৰিছিল আন্তৰিক নিষ্ঠাৰে ৷” -ড: হীৰেন গোহাঁই ৷
ভূপেন হাজৰিকাৰ গীতৰ সাগৰৰ দৰে বিশাল ক্ষেত্ৰখনৰ অলপ কেইটামান গীতৰহে আলোচনা সম্ভৱ গৈছে ৷ এয়া স্বাভাৱিকতে যে এক অসম্পূৰ্ণ প্ৰচেষ্টা, সেয়া অস্বীকাৰ কৰাৰ ধৃষ্টতা নাই ৷
