হেমাঙ্গ বিশ্বাসৰ বিষয়ে লিখিবলৈ গৈ হাত থমকি ৰ’ব খোজে। কাল কালান্তৰৰ নায়ক হেমাঙ্গ বিশ্বাসৰ দৰে বিশাল ব্যক্তিত্বৰ মানুহ এজনৰ বিষয়ে আমাৰ দৰে অল্পমতি এজনৰ কাৰণে আলোচনা কৰাটো সম্ভৱ নহয়। তথাপিও এইজনা বহুমুখী প্রতিভাৰ অধিকাৰী, কালান্তৰৰ সমাজ প্ৰহৰী, গণ সংস্কৃতিৰ সাধক, শোষিত নিষ্পেষিত মানুহৰ বাবে যুজ দিয়া মহাযোদ্ধা হেমাঙ্গ বিশ্বাসক জনাৰ অথবা তেওঁৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰি এই লিখাৰ প্ৰচেষ্টা কৰা হৈছে।
এজন “বাঙালী-অসমীয়া”, সঙ্গীত শিল্পী আৰু সুৰকাৰ হেমাঙ্গ বিশ্বাসৰ জন্ম হৈছিল ১৯১২ চনৰ ১৪ ডিচেম্বৰত বৰ্তমান বাংলাদেশৰ চিলেট জিলাৰ মিৰাশী’ত। হবিগঞ্জ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাচ কৰাৰ পিচত শ্রীহট্ট মুৰাৰিচাঁদ কলেজত ভর্তি হয়। কলেজত থকা অৱস্থাতেই তেওঁ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰে। ১৯৩২ চনত কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শলৈ আহে । ১৯৩৫ চনত তেও কাৰাবন্দী হয়। কিন্তু যক্ষ্মা ৰোগত আক্ৰান্ত হৈ যাদবপুৰ হাস্পাতালত চিকিৎসাধীন হব লগা হয়। মৃত্যু নিশ্চিত জানি বৃটিশ চৰকাৰে তেখেতক বন্দী অৱস্থাৰ পৰা মুক্তি দিবলৈ বাধ্য হয়। কাৰণ মৃত্যুপথযাত্ৰীক জেলত ৰাখি ঝামেলা চপাই লোৱাৰ পক্ষপাতী নাছিল বৃটিশ চৰকাৰ। পিচে জেলৰ পৰা বাহিৰ হৈ হেমাঙ্গ বিশ্বাস স্বৰ্গগামী হোৱাৰ সলনি সুস্থ হৈ উঠে। ১৯৪৮ চনত তেলেংগনা আন্দোলনৰ সময়ত তেখেত পুনৰ গ্ৰেপ্তাৰ হয় আৰু তিনিবছৰ কাৰাবাস খাটিব লগা হয়। ১৯৪২ চনত বাংলাৰ প্রগিতিশীল লেখক শিল্পীসকলৰ আমন্ত্ৰণত প্ৰথম কলিকতালৈ আহে সঙ্গীত পৰিবেশন কৰিবলৈ।
স্বাধীনতাৰ আগভাগত ভাৰতীয় গণ নাট্য সংঘৰ সুৰকাৰ সকলৰ ভিতৰত হেমাঙ্গ বিশ্বাস আছিল প্ৰধান। ১৯৪৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ সহযোগত হেমাঙ্গ বিশ্বাসে চিলেট জিলাত ভাৰতীয় গণ নাট্য সংঘ গঠন কৰে। সেই সময়ত তেখেতৰ গান তোমাৰ কান্তেটাৰে দিও জোৰে শান কিষান ভাই তোৰ সোনাৰ ধানে বর্গী নামে আদি গান বিলাক বাংলা তথা অসমত খুব প্রচলিত হৈছিল। অসমত তেখেতৰ সহযোগী আছিল বিনোদ বিহাৰী চক্ৰবৰ্ত্তী, সাহিত্যিক অশোক বিজয় ৰাহা, চেঁতাৰ বাদক কুমুদ গোস্বামী আদি। ১৯৫৬ চনত চিকিৎসাৰ কাৰণে চীনলৈ যাব লগা হয় আৰু তাত প্ৰায় আঢ়ৈ বছৰ কাল থাকি চীনৰ সাঁস্কৃতিক আন্দোলনক খুব ওচৰৰ পৰা হৃদয়ঙ্গম কৰিবলৈ সুবিধা পায়। চীনত থকা কালতেই তেখেতে চীনা ভাষাটো শিকি লয়। তেখেতে দুবাৰ চীন ভ্ৰমণ কৰে। গীতিকাৰ হিচাপে হেমাঙ্গ বিশ্বাসৰ ওপৰত চীন ভ্ৰমণৰ প্ৰভাৱ আছিল অপৰিসীম।। চীনা ভাষাতো হেমাঙ্গ বিশ্বাসে অনেক গান ৰচনা কৰিছিল। চীন ভাৰত মৈত্ৰীৰ ক্ষেত্ৰতও হেমাঙ্গ বিশ্বাসৰ ভুমিকা উল্লেখযোগ্য আছিল।
১৯৭১ চনত মাছ ছিংগাৰ” নামেৰে এটা নিজৰ দল গঠন কৰি জীৱনৰ শেষ বয়সতো গারে ভুঞে গান গাই ফুৰিছিল কল্লোল, তীৰ, লাল লণ্ঠন আদি নাটকত চীনা সুৰ প্ৰয়োগ কৰি ভুয়সী প্রশংসা আদায় কৰিছিল। এজন সৃজনিশীল সুৰকাৰ হিচাপে জনগণৰ জীৱনক সুৰেৰে গানত ধাৰণ কৰিছিল। লোক সংগীতৰ প্ৰতি তীব্ৰ অনুৰক্ত আছিল হেমাংগ বিশ্বাস আৰু সেই সুৰৰ দ্বাৰাই বিলাইছিল শ্ৰেণী সংগ্ৰামৰ বাণী। শোষিত নিষ্পেষিতসকলৰ দুখ দৰ্দশাৰ কথা অনুধাৱন কৰাৰ ওপৰিও অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সম্প্ৰীতিৰ বান্ধ শক্তিশালী কৰা লক্ষ্যত সৃষ্টি হৈছিল হেমাঙ্গ বিশ্বাসৰ সংগীত। মূলত লোকসঙ্গীতক কেন্দ্ৰ কৰি গণ সঙ্গীত সৃষ্টিৰ ক্ষেত্ৰত হেমাঙ্গ বিশ্বাসৰ অৱদান আছিল উল্লেখযোগ্য। শ্রমিক-কৃষকৰ জীৱনৰ শ্ৰম-ঘামৰ পৰা তেখেতে আহৰণ কৰিছিল গানৰ মুল সম্পদ। তেখেতে নিজেই কৈছে- “মই কৃষক আন্দোলনৰ লগত জড়িত আছিলোঁ। লেখক শিল্পী হিচাপে মই কমিউনিষ্ট পার্টিত যোগ দান কৰা নাই। গান লিখিছোঁ কৃষক আন্দোলনৰ পৰা প্ৰেৰণা পাই আৰু এই আন্দোলনক আৰু বেচি উজ্জীৱিত কৰাৰ কাৰণে।“ তেওঁ আৰু কৈছিল- “মোৰ বেচিভাগ গানৰ সুৰ উৎপাদনকাৰী শ্ৰমজীৱি জনগণৰ সৃষ্টি। মোৰ গান অকল মোৰ সৃষ্টি নহয়, সেয়া হ’ল আন্দোলনৰ সৃষ্টি”। মাছ ছিংগাৰৰ হৈ গীত পৰিবেশন কৰোঁতে সদায়ে অসমৰ বনগীত, বিহুগীত, পৰিবেশন কৰিছিল।
১৯৩৬ চনত মুন্সী প্রেমচাঁদ, মুলকৰাজ আনন্দ, কিষান ছন্দৰ আদিৰ উদ্যোগত জন্ম হয় “নিখিল ভাৰত প্ৰগতিশীল লেখক শিল্পী সংঘ’ৰ এই সংঘৰ প্ৰেৰণাতে ১৯৪৩ চনত ভাৰতৰ মহান শিল্পীসকলে গঠন কৰে ভাৰতীয় গণনাট্য সংঘ (Indian People’s Theatre Association, চমুকৈ * IPTA” ), যাৰ প্ৰথম সম্পাদক আছিল খাজা আহমদ আব্বাচ । অসমত ইপটাৰ প্রথম সন্মিলন হয় ১৯৪৭ চনত আৰু প্ৰথম সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহন কৰে জ্যোতিপ্রসাদে। উল্লেখযোগ্য যে জ্যোতিপ্রসাদক সভাপতি ৰূপে প্ৰক্ষেপ কৰাত আগভাগ লৈছিল হেমাঙ্গ বিশ্বাসে। ‘ইপটা’ৰ দ্বিতীয়জন সভাপতি আছিল বিষ্ণুপ্ৰসাদ ৰাভা। দুইবাৰেই মুখ্য সম্পাদকৰ কাৰ্য্যভাৰ চমজি লৈছিল গণ শিল্পী হেমাঙ্গ বিশ্বাসে। আৰম্ভ হৈছিল অসমত এক নব্য সাংস্কৃতিক জাগৰণৰ যাক ইউৰোপৰ জাগৰণৰ লগত তুলনা কৰিব পাৰি ।
“হেমাঙ্গ বিশ্বাস: সাংস্কৃতিক চেতনাৰ অমল সুবাস নামৰ কিতাপখনত লিখক ফটিক বৰাই তেখেতৰ পাতনিত উল্লেখ কৰিছে- “হেমাঙ্গ বিশ্বাস এনে এজন মানুহ যিজনে চিলেটৰ (শ্রী হট্ট)বঙালী হৈও অসমীয়া ভাষা কৃষ্টি আৰু সংস্কৃতিৰ ৰূপটো সংৰক্ষিত কৰিবলৈ আন বহুতৰ লগে ভাগে আৰু অকলেও মনে প্রাণে চেষ্টা কৰি গ’ল যিজনে জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভুপেন হাজৰিকা নৰহৰি বুঢ়াভকত, মঘাই ওজা, ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, আব্দুল মালিক দিলীপ শৰ্মা, কুলধৰ চলিহা, প্রফুল্ল বৰুৱাকে আদি কৰি বহুতো প্ৰতিভাশালী আৰু একনিষ্ট লিখক-শিল্পীক গোটপিত খুৱাই একলগে অসমৰ জনসংস্কৃতিক প্ৰচাৰ কৰি উন্নতি সাধনৰ বাবে কাম কৰিবলৈ এখন মঞ্চলৈ উলিয়াই আনিছিল। এই শিল্পী সকলৰ উমৈহতীয়া প্ৰচেষ্টাত অসমত আৰম্ভ হয় সংস্কৃতিৰ এক নতুন ধাৰা। খাটি খোৱা মানুহৰ জীৱন যাত্ৰাত বাস্তৱ ৰূপ, শোষকৰ নিষ্ঠুৰ চৰিত্ৰ, শ্রমজীৱি জনতাৰ কঠোৰ সংগ্ৰামৰ প্ৰতিচ্ছবি গীত, নৃত্য আৰু নাটকৰ যোগেৰে প্ৰকাশ হ’ল। এই উত্তৰণৰ মুল হোতা হিচাপে অৱশ্যেই নাম ল’ব লাগিব মাটি আৰু মানুহৰ শিল্পী হেমাঙ্গ বিশ্বাসৰ যিজন আছিল অসমত গণনাট্য সংঘৰ প্ৰধান চালিকা শক্তি।”
ভাৰতীয় গণনাট্য সংঘৰ মূলমন্ত্ৰ সৰ্বহাৰা আন্তৰ্জাতিকতাবাদৰ প্ৰতি পূর্ণ সমর্থন জনাই গণনাট্য সংঘৰ গঠনত আগভাগ লোৱা হেমাঙ্গ বিশ্বাসে গণনাট্য সংঘৰ তৃতীয় প্রাদেশিক সন্মিলনৰ প্ৰতিবেদনত উল্লেখ কৰিছিল আধুনিকতাৰ নামত এহাতেদি সুৰ জগতত অসুৰৰ উৎপাত চিলিছিল- বিজতৰীয়া ভেজাল সুৰে পৰিৱেশ বিকৃত কৰি তুলিছিল, আনহাতে পূৰণি কৃষ্টি ৰক্ষাৰ নামত নতুন প্ৰগিতিশীল সৃষ্টিধাৰাক উপলুঙা কৰা হৈছিল। এই দুই সমাজৰ অগ্রগতি বিৰোধী ধাৰাক সলনি কৰি অসমৰ সুৰ জগতলৈ নতুন প্রাণ প্রবাহ আনে গণনাট্য সংঘই।” তেখেতৰ এই মন্তব্যৰ প্ৰাসংগিকতা আজিও একেই আছে।
মানুহ হিচাপে জন্ম লাভ কৰা হেমাঙ্গ বিশ্বাস লাহে লাহে পার্টি আৰু নিজৰ চেষ্টাত হৈ উঠিছিল বিপ্লৱী। বিপ্লৱৰ চিন্তাই তেওৰ শিল্পী জীৱনক বিকশিত কৰে। তেওৰ শিল্পী হৈ উঠাৰ ইতিহাস নিজে বর্ণনা কৰিছে এইদৰে “আমি পার্টিত আহিছিলোঁ গান গোৱাৰ কাৰণে নহয়, বিপ্লৱ কৰাৰ কাৰণেহে।” বিপ্লব কৰাৰ কাৰণে সশস্ত্র বাহিনীৰ দৰে সাংস্কৃতিক বাহিনীৰও যে সমানেই প্রয়োজন সেই কথা পার্টিত যোগ দিয়াৰ সময়ত তেওৰ বোধগম্য হোৱা নাছিল। কিন্তু তেওৰ অসুখৰ সময়ত যেতিয়া দলৰ নেতাই তেওক গাৱে ভুঞে, পথাৰে সমাৰে ঘুৰি ফুৰাৰ সলনি গান লিখাৰ কথা সোঁৱৰাই দিছিল তেতিয়া তেও দুখ পাইছিল। পিচে গান লিখাৰ পিচত যেতিয়া তেও দেখিলে যে তেওৰ গান বিলাক শ্রমিক কৃষকে হৃদয়ৰ পৰা আদৰি লৈছে জনপ্ৰিয় হৈছে তেও উৎসাহিত হৈ পৰে শোষিত, নিষ্পেষিতৰ হৈ যুজ চলাই যোৱাৰ বাবে।
আদৰ্শক খামুচি ধৰি থকা প্ৰকৃত মার্ক্সবাদী হেমাঙ্গ বিশ্বাসে কেতিয়াও আপোচ নকৰিছিল । সমাজ পৰিবৰ্তনৰ স্বাৰ্থত শোষণহীন, শ্রেণীহীন সমাজ এখনৰ বাবে যুঁজ দি গৈছিল। অসমৰ মাটিৰ সুৰক প্ৰতিবাদী সুৰলৈ ৰূপান্তৰ কৰিব পৰা শিল্পী আছিল হেমাঙ্গ বিশ্বাস। থলুৱা বিহুৰ সুৰতো তেওঁ গাইছিল – ‘উজনিৰ দেশতে খোৱাৰ অভাৱতে পেলাই পৰিয়ালক কাটি। শ্বিলং ৰোড়তে দেখিবা ৰাইজ মিনিষ্টাৰৰ মাটি।‘ এনেধৰণৰ গীতৰ মাজেৰেই হেমাঙ্গ বিশ্বাসে ৰাজনীতিকৰ স্বৰূপ উদঙাই দিছিল । অসমৰ গাৱেঁ গাৱেঁ ঘুৰি অসমীয়া লোকগীতৰ উপাদানসমুহ সংগ্ৰহ কৰি ফুৰিছিল। মঘাই ওজাৰ দৰে শিল্পীক আৱিষ্কাৰ কৰি জগত সভালৈ লৈ গৈছিল। ১৯৫৫ চনত হেমাঙ্গ বিশ্বাসৰ নেতৃত্বত ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যৰ মাজত ঐক্য স্থাপনৰ মুল মন্ত্ৰেৰে ভাৰতীয় গণনাট্য সংঘই যি সাংস্কৃতিক কাৰ্য্যসূচী ৰূপায়ন কৰিছিল তাত মঘাই ওজাই বিশিষ্ট স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৫ চনত কলাগুৰু বিষ্ণু ৰাভা গণনাট্য সংঘৰ সভাপতি থকাৰ সময়ত মঘাই ওজা উপ সভাপতি নিৰ্বাচিত হৈছিল। এই সকলোখিনি সম্ভৱ হৈছিল হেমাঙ্গ বিশ্বাসৰ প্ৰচেষ্টাত আৰু ইয়াৰ ফলশ্ৰুতিত মঘাই ওজাৰ লগতে অসমৰ ঢুলীয়া কৃষ্টিলৈ সৰ্বভাৰতীয় স্বীকৃতি আহিল – সেয়া আছিল অসমীয়াৰ কাৰণে অপ্রত্যাশিত সৌভাগ্য। ইয়াৰ সৰহভাগ কৃতিত্ব আছিল গণ শিল্পী হেমাঙ্গ বিশ্বাসৰ ।
১৯৬০ চনত যেতিয়া অসমত ৰাজ্যভাষাৰ বিষয়ত অসমজুৰি অসমীয়া আৰু বাংলাভাষীৰ মাজত ভুল বুজা বুজিৰ সৃষ্টি হৈছিল সেই সময়ত গঢ়ি উঠা ভাতৃঘাতী সংঘৰ্ষৰ জুই কুৰা নির্বাপণ কৰাৰ লগতে ভাষা আন্দোলনে বঙালী আৰু অসমীয়াৰ মাজত বিনষ্ট কৰা বন্ধুত্বৰ সম্পর্ক পুনৰ প্ৰতিষ্ঠাৰ বাবে হেমাংগ বিশ্বাসে গণনাট্যৰ বেনাৰত এক সাংস্কৃতিক বাহিনী উলিয়াইছিল। ইয়াত পৰিবেশন কৰিবৰ বাবে ভুপেন হাজৰিকাৰ লগত যুটীয়া ভাৱে লিখি উলিয়াছিল ‘হাৰাধন – ৰংমনৰ কথা’ বোলা ঐতিহাসিক সেই গীতটি। হাৰাধন ৰূপী হেমাঙ্গ বিশ্বাস আৰু ৰংমন ৰূপী ভূপেন হাজৰিকাই কণ্ঠত কণ্ঠ মিলাই অসমৰ বিভিন্ন ঠাইত দুয়োটা জনগোষ্ঠীৰ মাজত মিলনৰ সেতু বন্ধাৰ প্ৰয়াস কৰিছিল –
“এনেনো ভাল লাগে বান্ধৈ এনেনো ভাল লাগে।
এমন ভাল লাগেৰে বন্ধু এমন ভাল লাগে ।
তুমি নাচ বিহু নাচ আমি দিব তালি,
ঐক্যতানে মিলে যাব বিহু ভটিয়ালী…..”
অসমীয়া ৰংমনৰ ভুমিকাত ভুপেন হাজৰিকাই বিহু সুৰত গাইছিল- ‘লুইতৰ চাপৰিত চাকৈয়ে কান্দিলে মানুহৰ নাওখন চাই।/ মানুহৰ দুখে মানুহ বুৰিব…”। তাৰ পিচত সর্বস্বান্ত বঙালী কৃষক হাৰাধনৰ ৰূপত হেমাঙ্গ বিশ্বাসে গালে- ” আমাৰ ভাঙা নাওয়ে বন্ধু তুমি দিলায় পাল / আমি ধৰলাম বৈঠা বন্ধু তুইমি ধৰলায় হাল। ঐ মিলন গাংগে আনলো বলো কে বিভেদেৰ বান৷/ চৰ ভাংগিল ঘৰ ভাংগিল ডুবলো সোনাৰ ধান।“
শিল্পীৰ আত্মোপলব্ধিয়ে এইক্ষেত্ৰত দায়িত্ব গ্ৰহণৰ বাবে উজ্জীৱিত কৰি তুলিছিল – “বঙালী হ’লেও অসমৰ গণ-সংস্কৃতি আন্দোলনত মই অসমীয়া জনসাধাৰণৰ আস্থা আৰু মৰম অর্জন কৰিব পাৰিছিলোঁ।“
১৯৬১ চনত অসমৰ পৰা কলিকতালৈ আহি স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু চোভিয়েত কনচুলেটৰৰ “চোভিয়েট দেশ” কাগজত সম্পাদক হিচাপে যোগদান কৰে। কিন্তু কৰ্তৃপক্ষৰ লগত মতবিৰোধ হৈ তেখেতে সেই কাম এৰি দিয়ে।
অসমৰ পৰা গৈ কলিকতাত থাকিবলৈ লোৱাৰ পিচতো তেওঁৰ মন সদায় অসমৰ প্ৰতি ধাপলি মেলিছিল। অসমৰ আৰ্থ সামাজিক পৰিস্থিতিৰ খবৰ সদায় ৰাখিছিল। অসম আন্দোলনৰ ফলশ্ৰুতিত ৰাজনৈতিক পৰিস্থিতি যেতিয়া অস্থিৰ হৈ পৰিছিল, তেতিয়া ষাঠি চনত লোৱা উদ্যোগৰ দৰেই আন্দোলনৰ ফলত উদ্ভব হোৱা বিভেদকামী চিন্তাৰ জুই নিৰ্বাপিত কৰিবলৈ হেমাঙ্গ বিশ্বাস আহি উপস্থিত হৈছিল অসমত । ২৩ এপ্রিল, ১৯৮৩ তাৰিখে বাতৰি কাকতিলৈ দিয়া বিবৃতি হেমাঙ্গ বিশ্বাসৰ অসম প্ৰেমৰ অন্য এক চানেকী – “আজিৰ চামৰ বাবে প্ৰত্যাহ্বান হল এক ঐক্যৰ পৰিবেশ গঢ়ি তোলা। অন্যথা অসমভুমি খণ্ড খণ্ড হৈ যোৱাৰ আশঙ্কা বিদ্যমান। মোৰ দৃঢ়বিশ্বাস, অসমৰ ডেকা গাভৰুৱে উপলব্ধি কৰিব যে তেওঁলোকৰ মাজত সমন্বয় গঢ়িবলৈ শক্তি প্রয়োগ এক ফলপ্রসু বিধান হ’ব নোৱাৰে। আজিৰ দিনৰ অসমীয়া সমাজ আৰু সংস্কৃতিত উন্নতিৰ বাবে গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল দৃষ্টিভঙ্গীৰ এক উপযুক্ত সামাজিক পৰিবেশ অতীব প্রয়োজনীয়। মই অনুভৱ কৰোঁ যে বৰ্তমান সময়ৰ মানসিক পুনর্বাসনৰ ক্ষেত্ৰত শিল্পী-সাহিত্যিকৰ বিশেষ ভূমিকা আছে। ভাৰতীয় শাসক গোষ্ঠীয়ে নিজৰ নীচ স্বাৰ্থৰ খাতিৰত এনে এক পৰিবেশ গঢ়ি উঠাত বাধা দিবলৈ চেষ্টা চলাই আছে।“
১৯৮৭ চনৰ ২২ নৱেম্বৰত মৃত্যু বৰণ কৰা, বাঙালী হৈ জন্ম গ্ৰহণ কৰি অসমীয়া সমাজ জীৱনৰ লগত জীন যোৱা, অসমীয়া খাটি খোৱা মানুহৰ বাবে, অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে, শ্রমিক, কৃষকৰ হৈ যুঁজ দিয়া হেমাঙ্গ বিশ্বাস আজিও নমস্য ব্যক্তি। হেমাঙ্গ বিশ্বাসৰ সৃষ্টিৰ মুল বিষয় আছিল জনগণ। আলোচনাটি সামৰাৰ আগতে জন-গণকাব্যৰ পৰিচয় থকা হেমাঙ্গ বিশ্বাসৰ বিখ্যাত কবিতা – “কুল খুৰাৰ চোতালত” উদ্ধৃত কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ।
জোনাক কুঁৱলী ঘেৰা
বেলতলা পথাৰৰ ৰাতিৰ ধাননি, পাৰ হৈ
লাহে লাহে গৈ পালো নিকা ফৰকাল
কুলখুৰাৰ চোতাল।
এই চোতালত
কৃষি বিপ্লৱৰ মন্ত্ৰণা;
খুৰা তাৰেই সভাপতি।
এন্ধাৰ জুপুৰীত
লেমৰ ঢিমিক-ঢামাক পোহৰত
সুধিলোঁ- খুৰা এতিয়া কেনে পাইছা?
এটি খীন আঙুলিৰে ডিঙিত চেপা দি উলিয়াইছিল
মাথোঁ
এষাৰ অস্পষ্ট মাত
“বৰ কষ্ট কমৰেড।“
যুগে যুগে শোষিতৰ কষ্ট পান কৰি
নীলকণ্ঠ খুৰা,
যুগে যুগে বসুমতাৰ গৰ্ভ বিদাৰি
লখিমী উলিয়াই
খুৰা হ’ল বসুমতাৰী;
নাঙলৰ সীৰলুত মানিকীমধুৰী কাব্য
যুগে যুগে ৰচি
মহাকবি খুৰা।
বাৰে বাৰে শোষকৰ পাল খেদি
বীৰ বসুমতাৰী ৰণক্লান্ত আজি
কুলখুৰা নাই।
বাতৰি কাকতত খবৰ নোলাল
আজিৰ বাতৰিত শিৰোনামা নাপায় খুৰাই।
কুলখুৰা, সপ্তাহৰ মানুহ যে নহয়,
নহয় বছৰৰ,
কুলখুৰা শত শতিকাৰ,
কমৰেড বসুমতাৰী
বাতৰি নহয়,
ইতিহাস।