• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Wednesday, June 25, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

নোটবন্দী আৰু বিমুদ্ৰাকৰণৰ ৮ টা বছৰ : দেশবাসীয়ে কি হেৰুৱালে?

News Desk by News Desk
November 8, 2024
in অৰ্থনীতি, দেশ
Share on FacebookShare on Whatsapp

২০১৬ চনৰ ৮ নবেম্বৰ। ভাৰতবাসীৰ বাবে এটা কলা দিন। “আজিৰে পৰা নচলিব ৫০০-১০০০ টকীয়া নোট” হঠাৎ নৰেন্দ্ৰ মোদীৰ ঘোষণা।

২০১৬ চনৰ আজিৰ দিনটোতে দেশত নোট বন্দী ঘোষণা কৰিছিল দেশৰ চৌকিদাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হঠাৎ ৫০০ আৰু ১০০০ টকাৰ নোট অচল হোৱা বুলি ঘোষণা কৰিছিল নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক আশ্বাস দিছিল এই সিদ্ধান্তৰ দ্বাৰা দেশত কলা ধন বন্ধ হ’ব, সন্ত্ৰাসবাদ নিৰ্মূল হ’ব,
আৰু জালনোট নোহোৱা হ’ব।
মোদীৰ এই ঘোষণাত আশ্বস্ত হৈছিল দেশবাসী। কষ্ট কৰি হ’লেও দুৰ্নীতি নিৰ্মূলৰ এই প্ৰচেষ্টাত হাত উজান দিছিল দেশৰ মানুহে। হঠাৎ পানীত হাঁহ নচৰা
অৱস্থা হৈছিল ৰাইজৰ।

বেংকত নোট জমা কৰিবলৈ জনসাধাৰণক প্ৰথমে মাত্ৰ ৫২ দিনৰ সময় দিয়া হৈছিল। তেতিয়াও নোট সলনি কৰি শেষ নোহোৱাত দ্বিতীয়বাৰৰ বাবে ১৪০ দিনৰ সময় দিয়া হৈছিল।

বিমুদ্ৰাকৰণৰ পিছত ৮৬ শতাংশ মুদ্ৰা প্ৰচলন বন্ধ হৈ গৈছিল। বিমুদ্ৰাকৰণৰ ঘোষণাৰ পাছত মানুহৰ হাতত থকা ৫০০ আৰু ১,০০০ টকীয়া নোট বেংকত জমা দিবলৈ মানুহে দীঘলীয়া শাৰী পাতি বহু সময় ৰ’দত থাকিব লগা হৈছিল। আনকি নৰেন্দ্ৰ মোদীয়ে বৃদ্ধ মাতৃকো থিয় কৰাইছিল এটিএমৰ শাৰীত। বেংক আৰু ডাকঘৰৰ বাহিৰত দীঘলীয়া শাৰীত থিয় হৈ নিজৰ কষ্টোপাৰ্জিত ধন বিনিময় কৰাৰ বাহিৰে মানুহৰ আন কোনো বিকল্প নাছিল।

এই সময়ছোৱাত ৰ’দত দীঘলীয়া শাৰী পাতি থিয় হৈ ১০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। বেংকতো কৰ্মচাৰীয়ে দিন-ৰাতি একাকাৰ কৰি ধন বিনিময় কৰিছিল। কামৰ হেঁচাত কেইবাজনো বেংক কৰ্মীয়ে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছিল।

উল্লেখ্য যে বিমুদ্ৰাকৰণৰ বাবে কৃষকসকলে ধনৰ নাটনিৰ সন্মুখীন হ’ব লগা হৈছিল, যাৰ ফলত কৃষি খণ্ডত বৃহৎ প্ৰভাৱ পৰিছিল। বহু ক্ষুদ্ৰ ব্যৱসায়ী আৰু উদ্যোগীকৰণ খণ্ড বন্ধ হোৱাৰ বাবে কৰ্মসংস্থাপনৰ অভাৱ ঘটিছিল। বিমুদ্ৰাকৰণৰ প্ৰথম কেইমাহমানত নতুন নোটৰ অভাৱত মানুহে সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। কিছুমান মানুহে লঘোণে থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিমুদ্ৰাকৰণে অৰ্থনীতিত বিপুল প্ৰভাৱ পেলাইছিল। GDP হ্ৰাস পোৱাৰ লগতে বহু ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ পৰিছিল।

কিন্তু এই সমস্যাবোৰৰ লগত মোকাবিলা কৰিব পৰা নাছিল নৰেন্দ্ৰ মোদীয়ে। বাৰে বাৰে জনতাৰ পৰা সময় বিচাৰিছিল।

৫০০ আৰু ১০০০ টকাৰ নোট বন্ধ কৰি ২০০০ টকাৰ নোট প্ৰচলন কৰিছিল চৰকাৰে। কিন্তু সাত বছৰীয়া বিমুদ্ৰাকৰণ সম্পূৰ্ণ হোৱাৰ আগতেই ২০০০ টকীয়া নোট বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ২০২৩ চনৰ ১৯ ​​মে’ত হঠাতে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধৰ কথা ঘোষণা কৰিছিল।

আজি বিমুদ্ৰাকৰণৰ ৮ টা বছৰ হ’ল। কিন্তু আজিলৈকে মোদীৰ প্ৰতিশ্ৰুতি আৰু বিমুদ্ৰাকৰণৰ সুফল দেখা গ’ল নে? সন্ত্ৰাসবাদী নিৰ্মূল হ’লনে? কলাধন ঘূৰি আহিলনে? জালনোট বন্ধ হ’লনে? দুৰ্নীতি বন্ধ হ’লনে? একোৱেই নহ’ল।

আটাইতকৈ ডাঙৰ কথাটো হ’ল যে চৰকাৰে যি ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰিছিল, তাৰে ৯৯.৯৭ শতাংশ মূল্যৰ নোট ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহিল। অৰ্থাৎ চৰকাৰে যি ক’লাধনৰ ভূত দেখি বিমুদ্ৰাকৰণ কৰিছিল, সেইটো ভূত অৱস্থিতিয়েই নোলাল।

এনেদৰেই ইটোৰ পিছত সিটোকৈ টোঘলকী আৰু ফলপ্ৰসুহীন সিদ্ধান্ত জাপি দি ৰাইজৰ হাৰাশাস্তি কৰি আহিছে বিজেপি চৰকাৰে। সেয়ে বিমুদ্ৰাকৰণৰ ৮ বছৰীয়া ৰাইজে প্ৰশ্ন কৰিব বিচাৰিছে – নিশা স্বপ্নত আহি ভগৱানে বিমুদ্ৰাকৰণ কৰিবলৈ পৰামৰ্শ দিছিল নেকি ননবায়’লজিকেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীক?

Previous Post

IPL 2025 : নিলাম হ’ব ৪০৯ গৰাকী বিদেশী ক্ৰিকেটাৰৰ, কোন দলত কোনে পাব স্থান?

Next Post

কাৰোবাক যদি কেতিয়াবা আঘাত দিছিলোঁ ক্ষমা কৰি দিব : বিদায় বেলাত আৱেগিক ভাষণ চন্দ্ৰচূড়ৰ

Related Posts

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?
দেশ

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

June 16, 2025
অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ
দেশ

অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

May 19, 2025
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
দেশ

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025
Next Post
কাৰোবাক যদি কেতিয়াবা আঘাত দিছিলোঁ ক্ষমা কৰি দিব : বিদায় বেলাত আৱেগিক ভাষণ চন্দ্ৰচূড়ৰ

কাৰোবাক যদি কেতিয়াবা আঘাত দিছিলোঁ ক্ষমা কৰি দিব : বিদায় বেলাত আৱেগিক ভাষণ চন্দ্ৰচূড়ৰ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.