২০২২ বৰ্ষৰ টৰ’ ন্টো মহিলা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ মানৱ অধিকাৰ চলচ্চিত্ৰৰ বটাঁ লাভ কৰিছে প্ৰয়াত সাংবাদিক গৌৰি লংকেশৰ জীৱন আৰু কৰ্মৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰই।
তথ্যচিত্ৰখন নিৰ্মাণ কৰি উলিয়াইছে গৌৰী লংকেশৰ জেষ্ঠ ভগ্নী কবিতা লংকেশে ।
প্ৰথম অৱস্থাত কবিতা লংকেশে তথ্যচিত্ৰ খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি হিচাপে নিৰ্মাণ কৰিব বিচাৰিছিল যদিও পৰ্যাপ্ত টকা আৰু এটা প্ৰডাকচন হাউছৰ অভাৱত বাণিজ্যিক ছবি নিৰ্মাণৰ ধাৰণাটো বাদ দিছিল। ভনীয়েকৰ বাবে ন্যায় পাবলৈ যুঁজ দি ৰাষ্ট্ৰ আৰু ন্যায়পালিকাৰ দুৱাৰত টুকুৰিয়াই থকাৰ সময়তে কবিতাই চিত্ৰনাট্য লিখি নেদাৰলেণ্ডৰ ফ্ৰী প্ৰেছ আনলিমিটেডৰ নিৰ্দেশত ছবিখনৰ শ্বুটিং কৰিছিল।
সমগ্ৰ বিশ্বৰ ৩০০ৰো অধিক চলচ্চিত্ৰ নিৰ্মাতাই নিহত সাংবাদিকৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ বিপৰীতে নিৰ্বাচিত হোৱা চাৰিজন চলচ্চিত্ৰ নিৰ্মাতাৰ ভিতৰত কবিতা অন্যতম।
উল্লেখযোগ্য যে ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত হিন্দুত্ববাদী উগ্ৰপন্থীৰ গুলিত মৃত্যুবৰণ কৰিছিল সাহসী সাংবাদিক গৌৰি লংকেশে।
