পানীয়েই প্ৰাণীৰ প্ৰাণ। খাদ্যৰ অবিহনে মানুহ কিছুদিন থাকিব পাৰিলেও পানীৰ অবিহনে এটা দিনো কটোৱাতো কঠিন হৈ পৰে।
কেৱল এয়াই নহয়, আমাৰ শৰীৰৰ বেছিভাগেই পানী। পানীয়ে বেছিভাগ শাৰীৰিক প্ৰক্ৰিয়াতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে বিশেষজ্ঞসকলে সকলোকে পৰিমিত পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়ে।
কিন্তু সমস্যাটো হ’ল, বহু আগৰে পৰা নিজকে বিশেষজ্ঞ বুলি দাবী কৰা বহুত লোকে থিয় হৈ পানী খাবলৈ মানা কৰি আহিছে৷ তেওঁলোকৰ মতে এনেদৰে পানী খোৱাৰ ফলত শৰীৰৰ যথেষ্ট ক্ষতি হ’ব পাৰে। ইয়াৰ পিছত একাধিক সমস্যা হ’ব পাৰে।
কিন্তু এই কথাষাৰৰ আঁৰত কিবা যুক্তি আছেনে? সঁচাকৈয়ে থিয় হৈ পানী খোৱা উচিত নে অনুচিত?
আধুনিক চিকিৎসা বিজ্ঞানৰ লগত জড়িত বিশেষজ্ঞ সকলে কয় যে বহুত মানুহৰ এনে ধাৰণা আছে। তেওঁলোকে ভাবে যে থিয় হৈ পানী খালে গেছ আৰু এচিডিটি হ’ব পাৰে। ইয়াৰ লগতে আন সমস্যাও হ’ব পাৰে। কিন্তু এই ধাৰণাটোৰ আঁৰত কোনো বৈজ্ঞানিক যুক্তি নাই। গতিকে মানুহে ইচ্ছা কৰিলে থিয় হৈ পানী খাব পাৰে। বহি পানী খালেও কোনো সমস্যা নহয়। পানী যেনেকৈ মন যায় তেনেকৈয়ে খাব পাৰি।
