• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

কি পোকে কামুৰিছিল সাংবাদিক উৎপল ডেকাক : কেনেকৈ মৃত্যু হ’ল যুৱ সাংবাদিক গৰাকীৰ?

কোকিল শইকীয়া by কোকিল শইকীয়া
September 1, 2024
in অসম, স্বাস্থ্য
Share on FacebookShare on Whatsapp

এক অচিনাক্ত পোকৰ কামুৰত অকাল মৃত্যুক সাৱটি ল’লে যুৱ সাংবাদিক উৎপল ডেকাই। যকৃত আৰু বৃক্ক আদিৰ দৰে অংগ বিকল হৈ পৰিছিল উৎপল ডেকাৰ। আচলতে কি হৈছিল উৎপল ডেকাৰ লগত? কি পোকে কামুৰিছিল সাংবাদিকগৰাকীক? কি ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি ল’লে যুৱ সাংবাদিকগৰাকীয়ে?

যোৱা ১৫ আগষ্টৰ কথা। বন্ধুৰ সৈতে গড়ভঙা বনাঞ্চলৰ  জলপ্ৰপাতলৈ ফুৰিবলৈ গৈছিল উৎপল। সমনীয়াৰ সৈতে জলপ্ৰপাতৰ পানীত নামিছিল উৎপল ডেকাই। তাতেই এটা অচিনাক্ত পোকে কামুৰিছিল সাংবাদিকগৰাকীক।

তাৰপিছতেই গা বেয়া গৈছিল উৎপলৰ। লাহে লাহে তীব্ৰ জ্বৰ, গা বিষ আদি উপসৰ্গই দেখা দিছিল। স্বাস্থ্যৰ অৱনতি হৈ অহাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল উৎপলক।

চিকিৎসালয়ত পৰীক্ষা-নীৰিক্ষা কৰি চিকিৎসা আগবঢ়োৱাৰ পিছতো সুস্থ হৈ উঠা নাছিল উৎপল। ক্ৰমশঃ স্বাস্থ্যৰ অধিক অৱনতি হ’বলৈ ধৰিলে। লাহে লাহে বিকল হৈ পৰিল যকৃত, বৃক্ক আদি গুৰুত্বপূৰ্ণ অংগ। প্ৰথমে চিকিৎসকে ধৰিবই পৰা নাছিল উৎপলৰ হৈছে কি!

বহু পৰীক্ষা-নিৰীক্ষাৰ পিছত উৎপলৰ শৰীৰত ধৰা পৰিছিল লেপ্ট’স্পাইৰ’চিছ বেক্টেৰিয়া। এই লেপ্ট’স্পাইৰ’চিছয়েই কাল হৈ পৰিল উৎপলৰ বাবে।

কি এই লেপ্ট’স্পাইৰ’চিছ?

লেপট’স্পাইৰ’ছিছ হৈছে লেপট’স্পাইৰা নামৰ এবিধ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ। ছালত কাটিলে বা ঘাঁ লাগিলে অথবা চকু, নাক বা মুখৰ জৰিয়তে মানুহৰ শৰীৰলৈ প্ৰৱেশ কৰিব পাৰে এইবিধ বেক্টেৰিয়াই।

লেপ্ট’স্পাইৰ’ছিছ হৈছে এটা জুন’টিক ৰোগ, অৰ্থাৎ ই জীৱ-জন্তু আৰু মানুহ উভয়ৰে মাজত সংক্ৰমিত হ’ব পাৰে।

কেনেকৈ সংক্ৰমিত হয় এই ৰোগ?

১. এই সক্ৰমণত আক্ৰান্ত কোনো পোক বা জীৱ-জন্তুৱে কামোৰাৰ ফলত সাধাৰণতে ই মানুহৰ দেহলৈ সংক্ৰমিত হয়।

২. আক্ৰান্ত প্ৰাণীৰ প্ৰস্ৰাৱ বা প্ৰজননৰ তৰল পদাৰ্থৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলেও ই মানুহৰ দেহত প্ৰৱেশ কৰিব পাৰে।

৩. দূষিত পানী বা মাটিৰ সংস্পৰ্শৰ ফলতো এই ৰোগত মানুহ বা আন জীৱ আক্ৰান্ত হ’ব পাৰে।

৪. দূষিত খাদ্য বা পানী খোৱাৰ ফলতো লেপ্ট’স্পাইৰ’ছিছ মানুহ দেহত প্ৰৱেশ কৰিব পাৰে।

সকলো অঞ্চল বা জলবায়ুতেই লেপ্ট’স্পাইৰ’ছিছত আক্ৰান্ত হ’ব পাৰে। কিন্তু প্ৰতি বছৰে প্ৰচুৰ বৰষুণ হোৱা গ্রীষ্মমণ্ডলীয় অঞ্চল আৰু উষ্ণ জলবায়ুত ইয়াক বেছিকৈ দেখা যায়৷

বিশেষজ্ঞ সকলৰ মতে বিশ্বজুৰি প্ৰতি বছৰে ১০ লাখতকৈ অধিক লোক লেপ্ট’স্পাইৰ’ছিছ ৰোগত আক্ৰান্ত হয়। ইয়াৰে প্ৰায় ৬০ হাজাৰ লোক ইয়াৰ ফলত মৃত্যুমুখত পৰে।

লেপ্ট’স্পাইৰ’ছিছৰ লক্ষণবোৰ কি কি?

এই ৰোগত আক্ৰান্ত হ’লে পৰ্যায়ক্ৰমে বহু লক্ষণে দেখা দিব পাৰে। লক্ষণসমূহ দেখা দিবলৈ ২–৩০ দিন সময় লাগিব পাৰে। লক্ষণ সমূহ মৃদুৰ পৰা জটিল অৱস্থালৈ গতি কৰিব পাৰে।

অধিক গুৰুতৰ ক্ষেত্ৰত লেপ্ট’স্পাইৰ’ছিছৰ ফলত বৃক্ক বা যকৃতৰ ক্ষতি, মেনিনজাইটিছ, উশাহ-নিশাহ লোৱাত অসুবিধা, আনকি মৃত্যুও হ’ব পাৰে।

কিছুমান মানুহৰ ক্ষেত্ৰত ফ্লুৰ দৰে লেপট’স্পাইৰ’ছিছৰ লক্ষণ দেখা যায় আৰু কিছুমানৰ একেবাৰেই লক্ষণ দেখা নাযায়। কেতিয়াবা লেপট’স্পাইৰ’ছিছৰ বাবে আভ্যন্তৰীণ ৰক্তক্ষৰণ আৰু অংগৰ ক্ষতিৰ লক্ষণ দেখা যায়।

তীব্ৰ লেপ্ট’স্পাইৰ’ছিছত হঠাতে লক্ষণসমূহ দেখা দিয়ে –

১. তীব্ৰ জ্বৰ।

২. চকু ৰঙা পৰা।

৩. মূৰৰ বিষ।

৪. ঠাণ্ডা লগা।

৫. পেশীৰ বিষ।

৬. পেটৰ বিষ।

৭. বমি ।

৮. ডায়েৰিয়া।

৯. জণ্ডিচ।

১০. কাঁহত তেজ ওলোৱা (হেম’প্টাইছিছ)।

১১. বুকুৰ বিষ।

১২. উশাহ-নিশাহত অসুবিধা।

১২. আপোনাৰ ছাল বা চকু তীব্ৰ হালধীয়া হোৱা।

১৩. প্ৰস্ৰাৱত তেজ যোৱা (হেমেটুৰিয়া)।

১৪. প্ৰস্ৰাৱৰ পৰিমাণ কমি যোৱা।

১৫. ছালৰ সমস্যাই দেখা দিয়া।

লেপ্ট’স্পাইৰ’চিছৰ সজাগতা সম্পৰ্কে অসম চৰকাৰে দিয়া এটি বিজ্ঞাপন

লেপট’স্পাইৰ’ছিছ কেনেকৈ বিয়পে?

লেপট’স্পাইৰ’ছিছ সাধাৰণতে লেপট’স্পাইৰা বেক্টেৰিয়া থকা জন্তুৰ প্ৰস্ৰাৱৰ পৰা মানুহলৈ বিয়পে। প্ৰায় যিকোনো স্তন্যপায়ী প্ৰাণী (যেনে নিগনি, কুকুৰ, ঘোঁৰা, গাহৰি বা গৰু আদি) লেপট’স্পাইৰ’ছিছ ৰোগত আক্ৰান্ত হ’ব পাৰে। এই জন্তুবোৰৰ অসুস্থতাৰ লক্ষণ খুবেই কম বা একেবাৰেই নাথাকিবও পাৰে।

লেপ্ট’স্পাইৰ’ছিছ কেনেকৈ ধৰা পৰে?

চিকিৎসকে শাৰীৰিক পৰীক্ষা, তেজৰ পৰীক্ষা আৰু প্ৰস্ৰাৱ পৰীক্ষাৰ দ্বাৰা লেপ্ট’স্পাইৰ’ছিছ ধৰা পেলাব পাৰে। এই ৰোগত আক্ৰান্ত ৰোগীয়ে তাৎক্ষণিকভাবে চিকিৎসা নকৰালে অথবা সোনকালে এই ৰোগ ধৰা নপৰিলে জীয়াই থকা সম্ভাৱনা কমি যায়। আক্ৰান্ত হোৱাৰ লগে লগে ৰোগ চিনাক্ত কৰি উচিত চিকিৎসা প্ৰদান কৰিলে এই ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

উল্লেখ্য যে অসমত লেপ্ট’স্পাইৰ’ছিছত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগী উৎপল ডেকাই প্ৰথম নহয়। এই ৰোগত আক্ৰান্ত হৈ বহু লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে। ২০২১ চনত এই ৰোগত আক্ৰান্ত হৈছিল নগাঁও জিলাৰ পুৰণি গুদামৰ ৰঞ্জিত কলিতা আৰু তেওঁ পত্নী মণিকা কলিতা। দুৰ্ভাগ্যজনকভাবে ৰঞ্জিত কলিতাই এই ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

Previous Post

মাজুলীতো বিস্তাৰ হ’ল ৰিণিকি ভূঞাৰ ভূ-সাম্ৰাজ্য : কৌশলেৰে কিনিলে প্ৰায় ১৯ বিঘা ভূমি!

Next Post

বিনামূলীয়া অনলাইন শ্ব’পিঙৰ সুযোগ: ATM কাৰ্ডৰ সবিশেষ ৰাজহুৱা কৰিলে ব্যৱসায়ীয়ে

Related Posts

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী
অসম

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

June 16, 2025
অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক
অসম

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

May 26, 2025
ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস
অসম

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

May 16, 2025
Next Post
বিনামূলীয়া অনলাইন শ্ব’পিঙৰ সুযোগ: ATM কাৰ্ডৰ সবিশেষ ৰাজহুৱা কৰিলে ব্যৱসায়ীয়ে

বিনামূলীয়া অনলাইন শ্ব'পিঙৰ সুযোগ: ATM কাৰ্ডৰ সবিশেষ ৰাজহুৱা কৰিলে ব্যৱসায়ীয়ে

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.