ভাৰতত প্ৰতি ৮০০ জন লোকৰ বিপৰীতে আছে ১ গৰাকী চিকিৎসক । বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইনতকৈও বেছি চিকিৎসক আছে ভাৰতত। বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইন অনুসৰি প্ৰতি ১০০০ লোকৰ বিপৰীত এজনকৈ চিকিৎসক থকাৰ দৰকাৰ। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইনকো অতিক্ৰম কৰিছে ভাৰতে।
শুকুৰবাৰে লোকসভাত এই তথ্য দাখিল কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই। মন্ত্ৰীগৰাকীৰ মতে বিশ্ব স্বাস্থ্য সংস্থাই দিয়া গাইডলাইনতকৈ এই পৰিসংখ্যা বহুত ভাল। বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ড অনুসৰি চিকিৎসক-জনসংখ্যাৰ অনুপাত কমেও ১:১০০০ হোৱা উচিত।
জে পি নাড্ডাই লোকসভাত কয় যে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি ২০২৪ চনলৈকে ৰাজ্যিক চিকিৎসা পৰিষদ আৰু ৰাষ্ট্ৰীয় চিকিৎসা আয়োগত পঞ্জীয়নভুক্ত এলোপেথিক চিকিৎসকৰ সংখ্যা ১৩ লাখ ৮৬ হাজাৰ ১৪৫ গৰাকী। আনহাতে আয়ুছ চিকিৎসকৰ সংখ্যা ৬.১৪ লাখ।
নাড্ডাই কয়, ‘পঞ্জীয়নভুক্ত এলোপেথিক চিকিৎসক আৰু প্ৰায় ৬.১৪ লাখ আয়ুছ চিকিৎসকৰ কথা লক্ষ্য কৰিলে দেশত চিকিৎসক-জনসংখ্যাৰ অনুপাত প্ৰায় ১:৮১১
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশত চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু এম বি বি এছৰ আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে।
২০১৪ চনৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১০২ শতাংশ বৃদ্ধি পাই ৭৮০ খন হৈছে। ২০১৪ চনত দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা আছিল ৩৮৭খন।
ইয়াৰ উপৰিও এমবিবিএছৰ আসনৰ সংখ্যা ৫১,৩৪৮ৰ পৰা ১,১৮,১৩৭লৈ ১৩০% শতাংশ বৃদ্ধি পাইছে।
কিন্তু এইখিনিতে উত্থাপন হয় এটি প্ৰশ্নৰ। কিয় ভাৰতত ইমান চিকিৎসক থকা সত্তেও চৰকাৰী হাস্পাতালত চিকিৎসাৰ বাবে দীঘল দীঘল শাৰীত ৰৈ হামৰাও কাঢ়িব লাগে দৰিদ্ৰ ৰোগীয়ে? কিয় পৰ্যাপ্ত পৰিমাণে কাৰিকৰী সুবিধা, আন্তঃগাথনি আৰু সহায়ক ষ্টাফ নাই চিকিৎসা মহাবিদ্যালয় বা চৰকাৰী চিকিৎসালয় সমূহত? কিয় চৰকাৰী হাস্পাতালত চাকৰি কৰিবলৈ মন নকৰে অধিকাংশ চিকিৎসকে? কিয় চৰকাৰী হাস্পাতালত চাকৰি কৰা চিকিৎসকক ব্যক্তিগত হাস্পাতাল আৰু চেম্বাৰত কাম কৰিবলৈ অনুমতি দিয়ে চৰকাৰ প্ৰশাসনে? এইবোৰ প্ৰশ্নও এতিয়া সমান্তৰালভাবে উত্থাপন হৈছে।
