• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Monday, June 30, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

News Desk by News Desk
May 19, 2025
in দেশ
Share on FacebookShare on Whatsapp

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে সামাজিক মাধ্যমত পোষ্ট লিখাৰ বাবেই গ্ৰেপ্তাৰ কৰা হ’ল অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদক। ইতিমধ্যে এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে।

মঙলবাৰে তেওঁৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। বুধবাৰেও এই আবেদনৰ শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে দেওবাৰে অধ্যাপকগৰাকীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিৰ বিচাৰপীঠে কয় যে এই আবেদনৰ শুনানিৰ তালিকা অধিবক্তা কপিল ছিবালে দাখিল কৰা আবেদনত তালিকাভুক্ত কৰা হৈছে।

উল্লেখ্য দুখন এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল অধ্যাপকগৰাকীক। ইয়াৰে এখন এজাহাৰ দাখিল কৰিছিল হাৰিয়ানা মহিলা আয়োগৰ অধ্যক্ষ ৰেণু ভাটিয়াই আৰু আনখন এজাহাৰ দাখিল কৰে স্থানীয় এখন গাঁৱৰ বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক যোগেশ জাথেদীয়ে।

হাৰিয়ানা ৰাজ্যিক মহিলা আয়োগেও অধ্যাপকগৰাকীলৈ জাননী প্ৰেৰণ কৰে। জাননীখনৰ সন্দৰ্ভত অধ্যাপকগৰাকীয়ে কয় যে তেওঁৰ বক্তব্যৰ “ভুল ব্যাখ্যা” কৰা হৈছে। তেওঁ বাক স্বাধীনতাৰ মৌলিক অধিকাৰ অনুযায়ী লিখিছিল বুলিও তেওঁ কয়।

অধ্যাপক আলী খান মাহমুদাবাদক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত অশোকা বিশ্ববিদ্যালয় অনুষদ সন্থাই এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত অধ্যাপকগৰাকীক “ভিত্তিহীন আৰু অৰ্থহীন অভিযোগত” গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়া হৈছে। বিবৃতিটোত কোৱা হৈছে যে, “অধ্যাপক মাহমুদাবাদক প্ৰণালীবদ্ধভাৱে হাৰাশাস্তি কৰা কাৰ্যক আমি গৰিহণা দিছো।

বিবৃতিটোত আৰু কোৱা হৈছে, ‘অধ্যাপক মাহমুদাবাদ বিভিন্ন সাহিত্য আৰু ভাষিক পৰম্পৰাৰ প্ৰতি সুপৰিচিত। তেওঁ দক্ষিণ এছিয়া আৰু ইয়াৰ বাহিৰৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ বহুলভাৱে প্ৰশংসিত বিশেষজ্ঞ আৰু পণ্ডিত। তেওঁৰ সকলো লেখা, ভাষণ আৰু বৃহত্তৰ ৰাজহুৱা মঞ্চত তেওঁ ন্যায়, বহুত্ববাদ আৰু সংহতিৰ গুৰুত্বৰ আৰু সংবিধানৰ কথাই উল্লেখ কৰে।

বিশ্ববিদ্যালয় অধ্যাপক সন্থাৰ উপৰি কংগ্ৰেছ, চি পি আই (এম)কে ধৰি বিভিন্ন ৰাজনৈতিক দলে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কংগ্ৰেছ মিডিয়া চেলৰ এক্স-হেণ্ডলত এটা পোষ্টত পৱন খেৰাই কয় যে মাহমুদাবাদক গ্ৰেপ্তাৰ কৰা হৈছে এটা “চিন্তাশীল” ফেচবুক পোষ্টৰ বাবে। শাসকৰ আগত সঁচা কথা ক‘বলৈ সাহস কৰা, বিজেপিৰ নিন্দনীয় সাম্প্ৰদায়িক চৰিত্ৰ উদঙাই দিয়া আৰু জাতীয়তাবাদৰ ভণ্ডামিৰ বিষয়ে ৰাজহুৱাভাৱে মাত মতাৰ বাবেই তেওঁক এই শাস্তি দিয়া হৈছে।”

প্ৰসংগক্ৰমে অধ্যাপক মাহমুদাবাদে নিজৰ পোষ্টত লিখিছিল, “মই অতি সুখী যে ইমানবোৰ সোঁপন্থী মন্তব্যকাৰীয়ে কৰ্ণেল ছফিয়া কুৰেশ্বীক প্ৰশংসা কৰিছে, কিন্তু একে সময়তে তেওঁলোকে মব লিঞ্চিং, নিৰ্বিচাৰে বুলডজাৰ আৰু বিজেপিৰ ঘৃণামূলক ভাষণৰ বলি হোৱা আন লোকসকলক ভাৰতীয় নাগৰিক হিচাপে সুৰক্ষিত কৰিবলৈও দাবী কৰিব পাৰে। মহিলা জোৱান দুগৰাকীয়ে যি দৃষ্টিভংগী উপস্থাপন কৰিছে সেয়া গুৰুত্বপূৰ্ণ। এই  দৃষ্টিভংগীক বাস্তৱলৈ ৰূপান্তৰিত কৰাটো প্ৰয়োজন, নহ‘লে ই কেৱল ভণ্ডামি হ‘ব।”

কংগ্ৰেছৰ মিডিয়া চেলৰ পৰা প্ৰতিবাদৰ পিছত সোমবাৰে কংগ্ৰেছে পুনৰবাৰ গৰিহণা দিয়ে অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদক গ্ৰেপ্তাৰ কৰা ঘটনাক। সোমবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অধ্যাপকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ কৰি কয় যে এই গ্ৰেপ্তাৰৰ ফলত বিজেপিয়ে কোনো বিৰোধী মতামতৰ প্ৰতি কিমান ভয় খাইছে সেয়া প্ৰমাণ কৰে। কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি খৰ্গে নিজৰ এক্স হেণ্ডেলত দিয়া এটা পোষ্টত কয় যে যেতিয়া ৰাষ্ট্ৰীয় স্বাৰ্থ সৰ্বোচ্চ হয়, তেতিয়া সশস্ত্ৰ বাহিনী আৰু চৰকাৰক সমৰ্থন কৰাৰ অৰ্থ এইটো নহয় যে আমি চৰকাৰক কোনো প্ৰশ্ন কৰিব নোৱাৰো।

উল্লেখ্য যে আলী খান মাহমুদাবাদ ভাৰতৰ অশোকা বিশ্ববিদ্যালয়ৰ এজন ভাৰতীয় ইতিহাসবিদ, ৰাজনীতি বিজ্ঞানী, লেখক, স্তম্ভলেখক, কবি, আৰু ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ সহকাৰী অধ্যাপক। মাহমুদাবাদৰ ৰাজা মহম্মদ আমিৰ আহমদ খানৰ নাতি।

Previous Post

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

Next Post

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

Related Posts

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?
দেশ

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

June 16, 2025
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
দেশ

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025
পেহেলগাম আক্ৰমণৰ প্ৰতিবাদ : জন্মদিন পালন নকৰে সাহিত্যিক ৰাস্কিন বণ্ডে
দেশ

পেহেলগাম আক্ৰমণৰ প্ৰতিবাদ : জন্মদিন পালন নকৰে সাহিত্যিক ৰাস্কিন বণ্ডে

May 16, 2025
Next Post
অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.