• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

২০২০ চনত দিল্লীত হোৱা দাঙ্গাত জড়িত আছিল বিজেপি নেতা! তদন্তৰ নিৰ্দেশ আদালতৰ

News Desk by News Desk
April 3, 2025
in দেশ
Share on FacebookShare on Whatsapp

বিগত ১ এপ্ৰিল , ২০২৫ ত দিল্লীৰ এখন আদালতে  ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা দিল্লীৰ আইন আৰু ন্যায় মন্ত্ৰী কপিল মিশ্ৰৰ বিৰুদ্ধে ২০২০ চনত উত্তৰ-পূৰ্ব দিল্লীত সংঘটিত দাঙ্গাৰ  সৈতে জড়িত থকাৰ অভিযোগত প্ৰথম FIR পঞ্জীয়নৰ নিৰ্দেশ জাৰি কৰিছে। ৰাউজ এভিনিউ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ ভৈভৱ চৌৰাচিয়াই এই নিৰ্দেশ জাৰি কৰে।

আদালতে প্ৰকাশ কৰা অনুসৰি  প্ৰাপ্ত  প্ৰমাণৰ ভিত্তিত “প্ৰথম দৃষ্টিত” কপিল মিশ্ৰৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অপৰাধৰ সম্ভাৱনা দেখা গৈছে, যাৰ বাবে তদন্তৰ প্ৰয়োজন।

এই সিদ্ধান্ত যমুনা বিহাৰৰ বাসিন্দা মহম্মদ ইলিয়াছৰ এক আবেদনৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছে। ইলিয়াছে অভিযোগ কৰিছে যে কপিল মিশ্ৰই ২০২০ চনৰ ২৪-২৬ ফেব্ৰুৱাৰীত সংঘটিত দাঙ্গাৰ সময়ত হিংসা উত্তেজিত কৰিছিল। এই ঘটনাত ৫৩ জন লোকৰ মৃত্যু হৈছিল আৰু ৫০০ৰো অধিক লোক আহত হৈছিল।

ইলিয়াছে দাবী কৰিছে যে ২০২০ চনৰ ২৩ ফেব্ৰুৱাৰীত তেওঁ নিজে দেখিছিল যে মিশ্ৰ আৰু তেওঁৰ সংগীসকলে উত্তৰ-পূৰ্ব দিল্লীৰ কৰ্দমপুৰী এলেকাত ৰাস্তা অৱৰোধ কৰি বিক্ৰেতাসকলৰ গাড়ী ধ্বংস কৰিছিল। তেওঁৰ মতে, তেতিয়াৰ উত্তৰ-পূৰ্ব দিল্লীৰ উপ-আৰক্ষী আয়ুক্তকে ধৰি আৰক্ষী বিষয়াসকল উপস্থিত আছিল আৰু প্ৰতিবাদকাৰীসকলক সতৰ্ক কৰিছিল।

ইলিয়াছে লগতে অভিযোগ কৰিছে যে মিশ্ৰই অন্যান্য বিজেপি নেতাৰ সৈতে মিলি মছজিদ ভাঙি পেলাইছিল। দিল্লী আৰক্ষীয়ে এই অভিযোগৰ বিৰোধিতা কৰি কৈছিল যে মিশ্ৰৰ বিৰুদ্ধে পূৰ্বতে তদন্ত কৰা হৈছিল আৰু কোনো অপৰাধমূলক প্ৰমাণ পোৱা নগৈছিল।

আৰক্ষীৰ দাবী আছিল যে তেওঁক ফাঁচি দিয়াৰ চেষ্টা কৰা হৈছে। কিন্তু আদালতে উল্লেখ কৰিছে যে মিশ্ৰই নিজেই স্বীকাৰ কৰিছে যে তেওঁ ঘটনাস্থলীত উপস্থিত আছিল, যাৰ বাবে তদন্তৰ প্ৰয়োজনীয়তা আছে। ন্যায়াধীশে তেতিয়াৰ ডিচিপি বেদ প্ৰকাশ সূৰ্যাৰ ভূমিকা স্পষ্ট কৰিবলৈ তেওঁৰো পৰীক্ষাৰ নিৰ্দেশ দিছে।

আদালতে কৈছে যে ঘটনাৰ সময়ত আৰক্ষীৰ নিষ্ক্ৰিয়তাই তেওঁলোকৰ আচৰণৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। এই নিৰ্দেশৰ পিছত এতিয়া তদন্তৰ মাধ্যমেৰে সত্য উদ্ঘাটনৰ পথ মুকলি হৈছে।

Previous Post

বিৰোধীৰ প্ৰতিবাদৰ মাজতে সংসদত উত্থাপন হ’ল বিতৰ্কিত ৱাকফ(সংশোধনী) বিধেয়ক, ২০২৪

Next Post

দ্ৰুতগতিত হ্ৰাস পাব ফোন, টিভি, ফ্ৰীজৰ দাম ! ট্ৰাম্পৰ চীনা শুল্ক নীতিৰ দ্বাৰা কেনেদৰে লাভান্বিত হ’ব ‎ভাৰত? ‎

Related Posts

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?
দেশ

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

June 16, 2025
অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ
দেশ

অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

May 19, 2025
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
দেশ

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025
Next Post
দ্ৰুতগতিত হ্ৰাস পাব ফোন, টিভি, ফ্ৰীজৰ দাম ! ট্ৰাম্পৰ চীনা শুল্ক নীতিৰ দ্বাৰা কেনেদৰে লাভান্বিত হ’ব ‎ভাৰত? ‎

দ্ৰুতগতিত হ্ৰাস পাব ফোন, টিভি, ফ্ৰীজৰ দাম ! ট্ৰাম্পৰ চীনা শুল্ক নীতিৰ দ্বাৰা কেনেদৰে লাভান্বিত হ’ব ‎ভাৰত? ‎

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.