জম্মু-কাশ্মীৰৰ পহলগাঁৱত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। ইতিমধ্যে এই ঘটনাত ২৮ জন লোকৰ মৃত্যু হৈছে। লগতে আহত হৈছে শতাধিক লোক। মঙলবাৰে দুপৰীয়াৰ আশে-পাশে সংঘটিত হয় এই ঘটনা।
অনন্তনাগৰ পহলগাঁৱত উগ্ৰপন্থীয়ে নিৰ্বিচাৰে পৰ্যটকৰ ওপৰত গুলীচালনা কৰে। কেইবাজনো পৰ্যটকক গুলীয়াই হত্যা কৰা হয়। আজি বিয়লি প্ৰথমে এজন পৰ্যটকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল। বহুতেই চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ ঘটনাৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অৱগত কৰিছে। এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে প্ৰধানমন্ত্ৰী।
মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে। শেহতীয়া খবৰ অনুসৰি এই সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত আছে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰন্ট লস্কৰ-ই-টাইবা। সন্ত্রাসবাদী আক্রমণৰ পাছত পহলগাঁৱত কটকটীয়া দিয়া হৈছে নিৰাপত্তা৷
সুত্ৰৰ খবৰ অনুসৰি গুলি চলোৱাৰ পূৰ্বে সন্ত্রাসবাদী দলে পর্যটকক ধর্মীয় পৰিচয় সুধিছে। এই ঘটনাক লৈ উদ্বিগ্ন হৈছে কেন্দ্ৰীয় চৰকাৰা প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে শ্রীনগৰলৈ ৰাওনা হৈছে গৃহমন্ত্রী অমিত শ্বাহা ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়েও কৰিছে বিশেষ টুইট।
