সমাগত হাৰিয়ানাৰ বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনী সমীকৰণত ব্স্ত সকলো দলৰ নেতা-কৰ্মী। আশাত বন্দী ৰাজনৈতিক নেতা। ইতিমধ্যে দলসমূহে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা।
হাৰিয়ানা বিধানসভাত মুঠ আসনৰ সংখ্যা ৯০ খন। ৯০টা সমষ্টিৰ ৬৭ টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে ভাৰতীয় জনিতা পাৰ্টিয়ে। কিন্তু বিজেপিৰ এই তালিকাত নাম নাই বিজেপিৰ জ্যেষ্ঠ নেতা শশীৰঞ্জন পাৰমাৰ।
টিকট লাভ নকৰি হতাশ হৈ পৰিছে শশীৰঞ্জন। কিয়নো বিজেপিৰ টিকটত মন্ত্ৰী-বিধায়ক হোৱাৰ সপোন আছিল শশীৰঞ্জনৰ। কিন্তু বিজেপিয়ে প্ৰকাশ কৰা তালিকাত নিজৰ নাম নেদেখি শোকত বিহ্বল হৈ পৰিছে নেতাগৰাকী। মনৰ বেজাৰত ইনাই-বিনাই কান্দিছে শশীৰঞ্জন পাৰমাৰে।
সংবাদ মাধ্যমৰ আগত কান্দি কান্দি শশীৰঞ্জনৰ মন্তব্য, “ বৰ দুখৰ কথা যে বিজেপিয়ে মোক টিকট প্ৰদান নকৰিলে। আশা কৰিছিলোঁ প্ৰাৰ্থীৰ তালিকাত মোৰ নাম থাকিব।”
উল্লেখ্য যে হাৰিয়ানাৰ ভীৱানী অথবা তোছম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছিল শশীৰঞ্জন পাৰমাৰে। পূৰ্বে ২০১৯ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ হাতত পৰাস্ত হৈছিল তেওঁ।
তথাপিও টিকট লাভৰ আশা এৰা নাছিল শশীয়ে। লোকসভাত নোৱাৰিলেও বিধানসভাত নিজৰ গাদী স্থাপনৰ কৰাৰ কথা ভাবিছিল তেওঁ। কিন্তু তেওঁৰ আশাত যেন চেঁচা পানী ঢালিলে দলটোৱে।
সংবাদ মাধ্যমৰ আগত শশীৰ বিষেদগাৰ, “মই এতিয়া কি কৰোঁ? মই অসহায়।”